সন্ধি কাক বোলে? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া

সন্ধি কাক বোলে? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া

সন্ধি কাক বোলে?

ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বর্ণ আৰু দ্বিতীয়টোৰআদি বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় । যেনে:-

১} পট + অন্তৰ —পটন্তৰ

২} শক+অব্দ—–শকাব্দ

৩} ধর্ম +অৱলম্বী——ধর্মাৱলম্বী।

ওপৰৰ উদাহৰণ কেইটাক দেখা পাওঁ যে ‘পট’শব্দটি দুটাশব্দ যথা -‘পট’ আৰু অৰ’ মিলি হৈছে সেইদৰে শকাব্দ’আৰু ধর্মাবলম্বী’শব্দ দুটা ক্রমে শক’ আৰু ‘অব্দ’আৰু ধর্ম’আৰু অৱলম্বী’ শব্দ কেইটা লগলাগি হৈছে এনেদৰে দুটা শব্দ লগলাগি এটা শব্দ হোৱাকে সন্ধি’ বুলি কোৱা হয়

সন্ধি কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া

অসমীয়া ভাষাত সন্ধি ৩ প্ৰকাৰৰ―

  • স্বৰসন্ধি, (ইয়াক ইংৰাজীত Conjunction of Vowels বুলি কোৱা হয় ।)

  • ব্যঞ্জন সন্ধি (ইয়াক ইংৰাজীত Conjunction of Consonants বুলি কোৱা হয় ) আৰু

  • বিসৰ্গ সন্ধি (ইয়াক ইংৰাজীত Conjunction of Bisharga in Vowels orCon-sonants বুলি কোৱা হয় )

স্বৰসন্ধি কাক বোলে? উদাহৰন দিয়া

অসমীয়া ভাষাত সাধাৰণতে প্ৰত্যয় যোগ হ’লে সন্ধি হোৱা দেখা যায়। শব্দ বা ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয় যেনে আলি, অ আদিৰ ক্ষেত্ৰত ধাতু বা শব্দৰ অন্তত থকা স্বৰ প্ৰত্যয়ৰ প্ৰথম স্বৰ একে হ’লে, ধাতু বা শব্দৰ শেষৰ অ, আ, উ, ওৰ লগত প্ৰত্যয়ৰ আৰম্ভণিৰ অৰ আদিৰ ক্ষেত্ৰত সন্ধি হয়।

যেনে:

  • ক + অ = কৱ

  • খা + অন = খাৱন

  • খা + অ = খাৱ

  • জী + আ = জীয়া

  • দি + আ = দিয়া

  • কলী + এ = কলীয়ে

  • ভাতৃ + এ = ভাতৃয়ে

  • গৰু + এ = গৰুৱে

  • গুৰু + এ = গুৰুৱে

  • ন-মৰ + এ = নমৰে

  • ন-মাৰ + এ = নামাৰে

  • ন-এৰ + এ = নেৰে আদি

ব্যঞ্জন সন্ধি কাক বোলে? উদাহৰন দিয়া

অসমীয়া ব্যঞ্জন সন্ধি তদ্ভৱ শব্দৰ সৈতে বা বিভক্তিৰ ক্ষেত্ৰত, প্ৰথম শব্দ সংখ্যা বাচক হ’লে আৰু অন্তিম শব্দ নিৰ্দিষ্ট বাচক হোৱাৰ ক্ষেত্ৰত, প্ৰত্যয় যোগ কৰাৰ ক্ষেত্ৰ আদিত দেখা যায়।

প্ৰত্যয় কাক বোলে? >>>

যেনে:

  • ডাক্ + গাড়ী = ডাকগাড়ী

  • পাক + ঘৰ = পাকঘৰ

  • বুধ + বাৰ = বুধবাৰ

  • এক +টা = এটা

  • দুই +টা = দুটা

  • এক +খন = এখন

  • পাঁচ +টা = পাঁচোটা

  • কৰ + ইলোঁ = কৰিলোঁ

  • থল + উৱা = থলুৱা

  • ডাল + উৱা = দলুৱা

  • মানুহ + এ = মানুহে

  • ধাৰ + উৱা = ধৰুৱা

  • তল্ + উৱা = তলুৱা

  • জাপৰ + ই = জাপৰি

বিসৰ্গ সন্ধি কাক বোলে? উদাহৰন দিয়া

অনুস্বাৰ আৰু বিসৰ্গৰ লগত অইন বৰ্ণ মিলি হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলা হয়।

যেনে:

  • কিং+কৰ=কিঙ্কৰ

  • সং+গতি=সঙ্গতি

  • নিঃ+চয়=নিশ্চয়

  • পুৰঃ+কাৰ=পুৰস্কাৰ

Leave a Comment