প্ৰত্যয়
প্ৰকৃতি বা মূলৰ সৈতে যিবোৰ বর্ণ বা বর্ণসমষ্টি যুক্ত হৈ নতুন নতুন অৰ্থ যুক্ত শব্দ গঠন কৰে, তাকেই প্ৰত্যয় বুলি কোৱা হয়।
প্ৰত্যয় কেই প্ৰকাৰৰ আৰু কি কি?
অসমীয়া ভাষাত প্ৰত্যয় চাৰিবিধ।
1. কৃৎ প্ৰত্যয়।
2. তদ্ধিত প্ৰত্যয়।
3. স্ত্রী প্ৰত্যয়।
3. বিভক্তি বাচক প্ৰত্যয়।
কৃৎ প্ৰত্যয়:
ধাতু বা ক্রিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় সংযুক্ত হৈ নতুন পদ গঠন হয়, তাক কৃৎ প্ৰত্যয় বুলি কোৱা হয়। উদাহৰণস্বৰূপ:
লিখ্ + অক = লিখককৰ্ + ওৱা = কৰোৱা (পাঁচনি ধাতু)
তদ্ধিত প্ৰত্যয়:
প্রতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্ৰত্যয় বোলে।
যেনেঃ
দয়া + আলু = দয়ালু
গাঁও + অলীয়া = গাঁৱলীয়াঅসম + ঈয়া = অসমীয়া।
স্ত্রী প্ৰত্যয়:
নাম শব্দৰ স্ত্রী লিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্রী প্ৰত্যয় বোলে।
যেনেঃ
উকিল + অনী = উকিলনী
ৰান্ধ + অনী = ৰান্ধনীগাল + পোৰা + ঈ = গালপোৰী
বিভক্তি বাচক প্ৰত্যয়:
নাম শব্দ বা ক্ৰিয়া বাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়।
যেনেঃ
কৰ্ + আ = কৰাফুল + এ = ফুলে