বিভক্তি:
প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়।
দুই প্ৰকাৰৰ:
-
শব্দ বা নাম বিভক্তি আৰু
-
ক্রিয়া বিভক্তি বা ধাতুৰ বিভক্তি।
1. শব্দ বিভক্তি কাক বোলে?
প্রাতিপাদিকৰ লগত যিবােৰ বিভক্তি যােগ হৈ বাক্যত স্থান নির্ণয় কৰে, পদবােৰৰ পাৰস্পৰিক অন্বয় বা সম্বন্ধ দেখুৱায়, সেইবােৰেই নাম বিভূক্তি। কাৰক নির্ণয় কৰে বাবে কাৰক বিভক্তিও বুলি কোৱা হয় । অথাৎ
মনৰ ভাব প্রকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি ৰা সম্বন্ধ ৰাখি প্রাতিপদিকৰ পিছত কিছুমান চিন (বর্ণ বা বর্ণ সমষ্টি) যােগ কৰি পদ কৰা হয়। সেই চিনবােৰকেই বা বর্ণ সমষ্টিকে শব্দ-বিভক্তি বুলি কোৱা হয় ।
শব্দ-বিভক্তি ৭টা ভাগত ভাগ কৰা হৈছে ।
-
(ক) প্রথমা বিভক্তি-এ (ই)
-
(খ) দ্বিতীয় বিভক্তি- ক,
-
(গ) তৃতীয় বিভক্তি- এৰে, এদি, (দ্বাৰা, দ্বাৰাই),
-
(ঘ) চতুর্থ বিভক্তি- লৈ,
-
(ঙ) পঞ্চমী বিভক্তি- ৰ (পৰা),
-
(চ) ষষ্ঠী বিভক্তি-ৰ,
-
(ছ) সপ্তমী বিভক্তি- ত, এ (পদ্যত পুৰণি অসমীয়াত)।
2. ক্রিয়া বিভক্তি কাক বোলে?
=> ধাতুৰ পিছত বিভিন্ন পুৰুষ আৰু কালত যিবােৰ চিন ব্যৱহাৰ হৈ ভাব প্রকাশ কৰে তাকেই ক্রিয়া বিভক্তি কোৱা হয়।
যেনে-
-
নিত্য বর্তমান কালত বিভিন্ন পুৰুষ- কৰ্ ধাতু
-
তই কৰ তহঁতে কৰ
-
তুমি কাৰাঁ তােমালােকে কৰাঁ
-
সি কৰে সিহঁতে কৰে।
-
মই কৰোঁ আমি কৰোঁ।