লাচিত বৰফুকন
লাচিত বৰফুকন অসম ইতিহাসৰ এক অনন্য বীৰ আৰু জাতীয় গৌৰৱ। তেওঁ আহোম ৰজাৰ সেনাপতি হিচাপে দেশৰ সুৰক্ষাৰ বাবে জীৱনোৎসৰ্গ কৰিছিল। প্ৰায় ১৬২২ চনত গড়গাঁৱত জন্মগ্ৰহণ কৰা লাচিত মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিল। ৰাজকীয় পৰিয়ালত জন্ম লৈছিল যদিও তেওঁ যুদ্ধ কৌশল, ৰাজনৈতিক জ্ঞান আৰু পৰিচালনাত বিশেষ পারদৰ্শিতা দেখুৱাইছিল।
১৬৭১ চনত মোগলৰ সেনাপতি ৰাম সিঙে অসমৰ ওপৰত আক্ৰমণ কৰিলে। বৰফুকনে এই পৰিস্থিতিত অসমীয়া সৈন্যৰ মনোবল দৃঢ় কৰি অসম সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে। শৰাইঘাটৰ যুদ্ধত লাচিতে অতুলনীয় বীৰত্ব আৰু কৌশল প্ৰদৰ্শন কৰিছিল। মোগল বাহিনীৰ সন্মুখত অসমীয়া বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে, কিন্তু গা-কঁপা জ্বৰাক্ৰান্ত লাচিতে যুদ্ধ থমকি নাথাকিল। তেওঁ নিজৰ কষ্টক উপেক্ষা কৰি নিজৰ সৈন্যসকলক উদবোধিত কৰি ক’লে, “অসমীয়া ৰণুৱা সকল, মই যুঁজিহে মৰিম। নহ’লে মোক বঙালে ধৰি নি যাব। তোমালোকে ইচ্ছা কৰিলে ঘুৰি যাব পাৰা।” লাচিতৰ এই উক্তিয়ে সৈন্যৰ মনোবলক পুনৰ শক্তি প্ৰদান কৰিলে আৰু তেওঁলোকে সাহসিকতাৰে মোগলক পৰাস্ত কৰিলে।
শৰাইঘাটৰ বিজয়ত লাচিতৰ কৌশল, দেশপ্ৰেম আৰু নিঃস্বাৰ্থ ত্যাগৰ এক গভীৰ প্ৰভাৱ আছে। তেওঁৰ বীৰত্বৰ এই কাহিনীয়ে অসমীয়াক জাতি হিচাপে গৌৰৱিত কৰিছিল। লাচিত বৰফুকনৰ স্মৃতিত অসমত ২৪ নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়।