
বৰগীতৰ বৈশিষ্ট্যসমূহঃ
- 
বিষয়বস্তুৰ সংযমশীলতা: বৰগীতসমূহত মাত্ৰ ভক্তি ৰসক মূখ্য কৰি বিষ্ণুক উপাস্য দেৱতা হিচাপে দেখুওৱা হৈছে আৰু অন্য বিষয়বোৰৰ স্হান নাই।
 - 
ভাষা: সমসাময়িক সমাজ জীৱনত প্ৰচলিত ভাষাৰ বিপৰীতে, আধ্যাত্মিক ভাৱ সঞ্চাৰ কৰিব পৰা কৃত্ৰিম ব্ৰজাৱলী ভাষাত বৰগীত ৰচনা কৰা হৈছে।
 - 
সুৰ আৰু ৰাগ-তাল: নিদিষ্ট ৰাগ আৰু তাল ব্যৱহাৰ কৰি বৰগীতসমূহ ৰচনা কৰা হৈছে, আৰু পৰিবেশনৰ বাবে পৰিকল্পিত সুৰ বান্ধি দিয়া হৈছে।
 - 
চৈধ্য প্ৰসংগত বণ্টন: বিভিন্ন সময়ত পৰিবেশন কৰিব পৰাকৈ চৈধ্য প্ৰসংগত বৰগীতসমূহৰ স্হান নিৰূপণ কৰা হৈছে।
 - 
দিনৰ সময় অনুসৰি বণ্টন: দিনটোৰ সময়খিনি বিভিন্ন ভাগত বিভক্ত কৰি নিদিষ্ট সময়ত পৰিবেশন বা শুনিবলৈ উপযোগী বৰগীতসমূহৰ সৃষ্টিত লক্ষ্য কৰা হৈছে।