ছন্দ কাক বোলে? ছন্দ কেই প্ৰকাৰৰ আৰু কি কি?

ছন্দ কাক বোলে? ছন্দ কেই প্ৰকাৰৰ আৰু কি কি?

Q: ছন্দ কাক বোলে?

Ans: শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত ওপজা সৌন্দর্যকে ছন্দ বোলা হয়। অৰ্থাৎ কথনভংগীৰ লয় আৰু তাৰ মাজৰ হ্রস্ব-দীর্ঘ বিৰাম বা যতিয়ে যি শ্ৰুতিমধুৰ ধ্বনিতৰংগ সৃষ্টি কৰে তাকেই ছন্দ বোলে।

মানুহৰ অন্তৰত উদয় হোৱা ভাব-অনুভূতি আদিক লয়যুক্ত শব্দ বিন্যাসেৰে প্ৰকাশ কৰিব পৰা পদ্ধতিকে ছন্দ বোলে। বিভিন্ন ছন্দসজ্জাত প্রকাশিত ভাব-অনুভূতি আদিয়ে শ্রোতা নাইবা পাঠকৰ মনত অপূর্ব আলোড়নৰ সৃষ্টি কৰিব পাৰে। অন্য কথাত সুসংহত আৰু সুনিয়ন্ত্ৰিত মাধুর্যপূর্ণ স্পন্দনময় ধ্বনি প্রৱাহৰ বৈচিত্রময় বিন্যাসেই ছন্দ।

উদাহৰণস্বৰূপে— পাছে ত্রিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ।

ফল-ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান ।

এই পদফাঁকিত উপস্থাপিত শব্দসমূহ একোটা নির্দিষ্ট নিয়মিত বিৰতিৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা কাৰণে ইয়াৰ ৰচনা লালিত্য আৰু অৰ্থব্যঞ্জনা দুয়োটাই প্রকাশিত হৈছে। এনেদৰে ছন্দসজ্জাৰে প্ৰকাশিত হৈ ই পাঠকৰ মনত অপূৰ্ব আনন্দৰ সৃষ্টি কৰিছে।

মূলতঃ ছন্দ মানুহৰ ভাব-অনুভূতি প্রকাশৰ এটা উৎকৃষ্ট গুণ বুলি ক’ব পাৰি।

ছন্দ কেই প্ৰকাৰৰ আৰু কি কি?

ছন্দৰ প্ৰকাৰ:

ছন্দ প্ৰধানকৈ দুবিধ-

১) মিত্ৰাক্ষৰ আৰু

২) অমিত্ৰাক্ষৰ।

মিত্ৰাক্ষৰ ছন্দ:

যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল থাকে, সেইবোৰক মিত্ৰাক্ষৰ ছন্দ বোলে। মিত্ৰাক্ষৰ ছন্দক মিলিতান্ত ছন্দ‌ও বোলে। উদাহৰণস্বৰূপে-

“কহিলা শুকে বেদান্তৰ মৰ্ম্ম।

শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম।।

কলিসে শ্ৰেষ্ঠ চাৰিযুগ মাজে।

প্ৰশংসে কলিক জ্ঞানী সমাজে।।”

ইয়াত ‘মৰ্ম্ম’ আৰু ‘ধৰ্ম্ম’; ‘মাজে’ আৰু ‘সমাজে’ মিলি গৈছে।

অমিত্ৰাক্ষৰ ছন্দ:

যি কবিতা সমান সংখ্যক আখৰৰ শাৰীৰে লিখা কিন্তু যাৰ শাৰীবিলাকৰ শেষ আখৰবোৰ অমিল, তাক মিত্ৰাক্ষৰ ছন্দ বোলে। যেনে-

“সমাপন শুভ কাৰ্য্য দিন তিনি পাছে

ৰংগ পুৰী বহা ঘৰ এৰি দিহা দিহি

পিতৃ-মাতৃ চৰণত লভিলো আশিস।

(লীলা)

পদ বা পয়াৰ ছন্দ:

এই বিধ ছন্দত দুটাকৈ শাৰী বা চৰণ থাকে আৰু প্ৰতি শাৰীতে চৈধ্যটাকৈ আখৰ থাকে। যি ছন্দ সজ্জাৰ প্ৰতি চৰণত ৮+৬ মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত দুটা চৰণৰ দ্বাৰা একোটা স্তৱক সম্পূৰ্ণ হয় তাকেই পদ বা পয়াৰ বোলে। উদাহৰণস্বৰূপে-

“হে ঈশ্বৰ তুমি হোৱা/ জীৱন পোহৰ//

দেখো মানে আচৰিত/ বস্তু জগতৰ//”

পয়াৰৰ প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল দেখা যায়।

দুলড়ী:

এই বিধ ছন্দত প্ৰতি স্তৱকত দুটাকৈ চৰণ থাকে আৰু প্ৰতি চৰণত তিনিটাকৈ পৰ্ব থাকে। যি ছন্দ সজ্জাৰ প্ৰতি চৰণত যথাক্ৰমে ৬+৬+৮ মাত্ৰাৰ তিনিটাকৈ পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত দুটা চৰণত স্তৱক সম্পূৰ্ণ হয় তাকেই দুলড়ী ছন্দ বোলে। যতি নিয়ন্ত্ৰিত তিনিটাকৈ পৰ্ব থাকে বাবে ইয়াক ত্ৰিপদীও বোলে। অসমীয়া পুৰণি সাহিত্যত দুলড়ী ছন্দক ৰাণী ছন্দ‌ও বোলা হয়। উদাহৰণস্বৰূপে-

“কৃষ্ণৰ বিক্ৰম/ দেখি ঋক্ষৰাজ/

পৰম বিস্ময় মানে//

স্বামী হেন জানি/ বুলিবা লাগিল/

প্ৰণামি কৃষ্ণ চৰণে//”

দুলড়ীত সাধাৰণতে চৰণান্তিক ধ্বনি মিল থাকে যদিও কেতিয়াবা কোনো কবিয়ে প্ৰতিটো পৰ্বৰো মিল ৰাখিবলৈ যত্ন কৰে। যেনে-

“জানকীৰ হেতু/ বান্ধিলাহা সেতু/

দহিলা লংকা নগৰী//

ৰাৱণৰ মাথ/ কাটিলাহা নাথ/

আনিলা সীতা উদ্ধাৰি//

ওপৰোক্ত উদাহৰণত প্ৰথম-দ্বিতীয়, তৃতীয়-ষষ্ঠ আৰু চতুৰ্থ-পঞ্চম পৰ্বৰ অন্ত্যমিল ৰক্ষিত হৈছে।

ছবি ছন্দ:

যি ছন্দ সজ্জাত প্ৰথম আৰু দ্বিতীয় পৰ্বত আঠটাকৈ আৰু তৃতীয় পৰ্বত দহটা আখৰ থাকে (৮+৮+১০), ছয়টা পৰ্বত ছন্দটো সম্পূৰ্ণ হয় তাকেই ছবি ছন্দ বোলে। ইয়াৰ তৃতীয় আৰু ষষ্ঠ চৰণ মিলিতান্ত হয়। ইয়াক দীৰ্ঘ দুলড়ী আৰু দীৰ্ঘ ত্ৰিপদীও বোলা হয়। উদাহৰণস্বৰূপে-

“সপোনত কাণে কাণে/কোনোবাই যেন ক’লে/

সংসাৰৰ সকলো সুন্দৰ//

সাৰপাই উঠি চালোঁ/ ‌চকুৰ চামনি মচি/

সৌন্দৰ্যৰ উঠিছে লহৰ//”

(বিনন্দ চন্দ্ৰ বৰুৱা)

ইয়াত প্ৰথম আৰু দ্বিতীয় পৰ্বত আঠটাকৈ আৰু তৃতীয় পৰ্বত দহটা আখৰ আছে, তৃতীয় আৰু ষষ্ঠ চৰণ মিলিতান্ত- সুন্দৰ, লহৰ। গতিকে ই ছবি ছন্দ।

লেচাৰি:

লেচাৰি ছন্দটো দীঘল আৰু লেহেমীয়া। নামঘোষা, ঘোষাৰত্ন, নাট আদিত এই ছন্দৰ বেছি প্ৰয়োগ দেখা যায়। লেচাৰি ছন্দ তিনি পদী, এনেকুৱা দুফাকি ত্ৰিপদত ছন্দটো সম্পূৰ্ণ হয়। অক্ষৰ সংখ্যা ১০+১০+১৪। অৰ্থাৎ যি ছন্দ সজ্জাৰ প্ৰতি চৰণত যথাক্ৰমে ১০+১০+১৪ মাত্ৰাৰ তিনিটা পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত দুটা চৰণত স্তৱক সম্পূৰ্ণ হয় তাকেই লেচাৰি ছন্দ বোলে। উদাহৰণস্বৰূপে-

“কৃষ্ণ এক দেৱ/ দুঃখহাৰী//

কালমায়াদিৰো/ অধিকাৰী//

কৃষ্ণ বিনে শ্ৰেষ্ঠ/ দেৱ নাহি নাহি আৰ//

সৃষ্টি স্থিতি অন্ত/ কাৰী দেৱ//

তান্ত বিনে আন/ নাহি কেৱ//

জানিবা বিষ্ণুসে/ সমস্ত জগত সাৰ//

(নামঘোষা)

ঝুনা বা একাৱলী:

যি ছন্দ সজ্জাৰ প্ৰতি চৰণত ৬+৫ মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত দুটা চৰণত স্তৱক সম্পূৰ্ণ হয় তাকেই ঝুনা ছন্দ বোলে। উদাহৰণস্বৰূপে-

“চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ।

চাপিলা হৰিষে ঋষি সমীপ।।

নাৰদক দেখি উঠিলা হৰি।

প্ৰণামিলা পাৱে শিৰে সাদৰি।।”

এই ছন্দৰ অন্য নাম একাৱলী।

ঝুমুৰি:

যি ছন্দ সজ্জাত আঠ অক্ষৰযুক্ত দুটা শাৰী বা চৰণ থাকে, প্ৰতি চৰণত চাৰি অক্ষৰযুক্ত দুটাকৈ পৰ্ব থাকে আৰু দুয়োটা চৰণৰে শেষাক্ষৰৰ মিল হয় তাকেই ঝুমুৰি বোলে। ইয়াৰ আন এটা নাম গজগতি ছন্দ। উদাহৰণস্বৰূপে-

“শিশুপাল/ নিদাৰুণ/

শুনিয়া কৃ/ ষ্ণৰ গুণ//

উপজিল ক্ৰোধ ভাৱ/

কম্পয় স/ কলে গাৱ//”

কুসুমমালা ছন্দ:

আটাইতকৈ সৰু আৰু খৰতীয়া সমছন্দ হৈছে কুসুমমালা। যি ছন্দত ছয় অক্ষৰযুক্ত চাৰিটা পৰ্ব থাকে আৰু প্ৰতিটো পৰ্বৰেই শেষাক্ষৰৰ মিল থাকে তাকেই কুসুমমালা ছন্দ বোলে। শংকৰদেৱৰ “গুণমালা” কুসুমমালা ছন্দত ৰচিত। উদাহৰণস্বৰূপে-

“নমো নাৰায়ণ, সংসাৰ কাৰণ।

ভকত তাৰণ, তোহ্মাৰ চৰণ।।”

ইয়াত প্ৰতিটো শাৰীত ছয় অক্ষৰযুক্ত দুটাকৈ মুঠ চাৰিটা পৰ্ব আছে আৰু প্ৰতিটো পৰ্বৰেই শেষাক্ষৰৰ মিল আছে। গতিকে ই কুসুমমালা ছন্দ।

ঝুনা, ঝুমুৰি আৰু কুসুমমালা এই কেইটা ছন্দৰ আটাইকেইটা শাৰী সমান আখৰৰ। সেইবাবেই এই তিনিওটা ছন্দক সমছন্দ বুলি কোৱা হয়।

Leave a Comment