মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম তথা এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তনৰ অন্যতম মুখ্য কাৰক আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল শিষ্য হিচাপে পৰিচিত। মাধৱদেৱৰ গুৰু ভক্তিৰ বাবে তেওঁ বিশেষভাৱে জনা যায়, আৰু শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল, কিন্তু জীৱনৰ পৰা বিমুখ নহ’ল। তেওঁৰ জীৱনৰ প্রতি এক দৃঢ় আস্থা আছিল, আৰু তেওঁ চিৰদিনেই গভীৰ জ্ঞানৰ অনুসন্ধানৰ সৈতে জীৱন উপভোগ কৰিব বিচাৰিছিল। যদিও মাধৱদেৱে বিষয়-বাসনাৰ প্রতি উৎসাহ দেখোৱা নাছিল, তেওঁ প্ৰতিজন শিষ্যক খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰ মাধ্যমে স্বাৱলম্বী হ’বলৈ পৰামৰ্শ দিছিল। পাছলৈ, তেওঁ কোচ ৰজাৰ সহযোগিতাত সাহিত্য আৰু ধৰ্মৰ অধ্যয়ন কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী তেওঁৰ অসাধাৰণ সৃষ্টি।
পূৰ্বপুৰুষ আৰু জন্ম
১৪৮৯ চনত নাৰায়ণপুৰ নামৰ ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰীত হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হৈছিল। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটাক কাঁচি খন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্রসূতিসকলৰ তেজৰ পৰা কাপোৰ ধোৱাৰ বাবে জানটোৰ পানীৰ ৰং ৰঙা হৈ পৰাত পৰৱৰ্তী সময়ত ইয়াৰ নাম ৰঙাজান পৰিগণিত হয়।
ধবলা নৈৰ পাৰত বাণ্ডুকা নামৰ ঠাইত মহোদৰ ভূঞা নামেৰে জনাজাত এজন কলিতা (কায়স্থ) আছিল। বাণ্ডুকা বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলাত অৱস্থিত। তেওঁ গোবিন্দ, দীঘলপূৰীয়া, বৰকণাগিৰি আদি নামৰ বাবে পৰিচিত আছিল। এই মহোদৰ ভূঞাই বাণ্ডুকাত ৰজাৰ মজিন্দাৰীৰ কাম কৰিছিল। তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল অনুচিতা। মহোদৰ ভূঞাই পত্নী অনুচিতাৰ মৃত্যুৰ পাছত বৈৰাগ্য অনুভৱ কৰি ৰজাঘৰীয়াৰ বিষয়-বাব এৰি বৰদোৱাত বাস কৰিবলৈ গৈছিল। তাত শংকৰদেৱৰ সৈতে সাক্ষাৎ কৰি টেম্পাৰাণি বান্ধত ঘৰ-বাৰী সাজিবলৈ আহ্বান কৰিছিল। ইয়াত তেওঁ শংকৰদেৱৰ খুড়াকৰ জীয়েক মনোৰমাক বিয়া কৰে।
বৰদোৱাত থাকোতে কছাৰীসকলৰ উপদ্ৰৱৰ বাবে শংকৰদেৱৰ সৈতে মহোদৰ ভূঞা উত্তৰ পাৰলৈ উভতি আহিছিল। উত্তৰ পাৰলৈ আহি থাকোঁতে অসম ৰজাৰ উজীৰ হৰশিঙা বৰাই লগ পাই দুয়োকে সংগ্ৰহ কৰিলে। উজীৰৰ নাৱৰ মাজীজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ ‘ঘাগৰবালি’ নামে চিনাক্ত হৈছিল, সেইবাবে তেখেতে ‘ঘাগৰী মাজী’ নামৰেও জনাজাত হৈছিল। নাৱত ঘাগৰী মাজীৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্ব অতি গভীৰ হৈছিল। মহোদৰ আতাক হৰশিঙা উজীৰে ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে।
পিছত, তেওঁলোকে উজীৰৰ ঘৰৰ কাষত সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ গৈছিল। হৰশিঙা উজীৰৰ ঘৰতে ১৪১১ শক (১৪৮৯ চন)ৰ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰলৈ মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
মণি-কাঞ্চণ সংযোগ
শংকৰদেৱক লগ পোৱাৰ পূৰ্বে, মাধৱদেৱ আছিল এজন গম্ভীৰ শাক্ত ধৰ্মী ব্যক্তি। একবাৰ মাকৰ অসুস্থতা হোৱা অৱস্থাত, তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিব বুলি প্ৰতিজ্ঞা কৰে, যদিহে মাকৰ স্বাস্থ্য সুৰক্ষিত হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক মন্দালে, ভনীজোঁৱায়েক ক’লে যে বলি বিধান হৈছে অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা ক’ৰবাতো সুফল নাপায়। তাৰে লগতে তেওঁ কয় যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে, আৰু মাধৱেও তেনেই কৰিব লাগিব। এই কথাবোৰ শুনি মাধৱদেৱ ক্ৰোধিত হৈ শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰে। মাধৱে শংকৰদেৱৰ প্ৰতি যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খণ্ডন কৰে। এনেদৰে তিনি প্ৰহৰ ধৰি তর্ক চলি থাকে।
শেষত, গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ “যথা তৰুৰ মূল ——-” শ্লোকটিৰ সহায়ত মাধৱক পৰাস্ত কৰে। শ্লোকটোৰ অৰ্থ হৈছে, গছৰ মূলত পানী দিলে দালপাত সকলোৰে লাভ হয়, কিন্তু দালপাতলৈ দিলে কোনো ফল নহয়। সেয়া মানে, ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়, আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ সামৰ্থ্যে মাধৱ শেষত আত্মসমৰ্পণ কৰি, তেওঁৰ শিষ্য হিচাপে একশৰণ হৰি নাম ধৰ্মত শৰণ লয়। মাধৱ এতিয়া হৈ পৰে গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। এই দুয়োজনৰ মহা মিলনক সাহিত্যৰ ৰথী লক্ষ্মীনাথ বেজবৰুৱা “মণি-কাঞ্চণ সংযোগ” বুলি অভিহিত কৰে।
সাহিত্যৰ প্ৰতিভা
এই মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদিৰ ৰচনা কৰিছিল। প্ৰবাদ অনুসৰি, মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল, যদিও বৰ্তমানত সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। এই গীতসমূহৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। তেওঁ জীৱনকালত সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰিছিল, যাৰ ভিতৰত অন্যতম উল্লেখনীয় গীত হৈছে “তেজৰে কমলাপতি।”
আখ্যানমূলক ৰচনা:
-
ৰাজসূয় কাব্য
-
আদিকাণ্ড ৰামায়ণ (অনুবাদ)
তত্ত্বমূলক ৰচনা:
-
জন্মৰহস্য
-
ভক্তি ৰত্নাৱলী
-
নামমালিকা
-
নামঘোষা
নাট:
-
অৰ্জুন ভঞ্জন (প্ৰথমখন নাট)
-
দধিমথন
-
চোৰ-ধৰা
-
পিম্পৰা-গুচোৱা
-
ভূমি-লেটোৱা
-
ভোজন-বিহাৰ
-
ঝুমুৰা
-
চোৰধৰা
-
পিম্পৰা গুচোৱা
-
ভোজন বিহাৰ (ঝুমুৰা)
-
ভূমি লেটোৱা (ঝুমুৰা)
-
কোটোৰা খেলা
অন্যান্য ৰচনা:
-
ৰাস ঝুমুৰা
স্মৰ্তব্য:
বৰ্তমানলৈকে মাধৱদেৱৰ নামত প্ৰচলিত ঝুমুৰা, ভূষণ হৰণ, ৰাস ঝুমুৰা, কোটোৰা খেলা, ব্ৰহ্মামোহন আদি তেখেতৰ স্বৰচিত হৈছে নে নহয়, সঠিককৈ জনা নাযায়। চৰিত পুথিত উল্লিখিত দুখন নাট, যেনে— ৰাম যাত্ৰা, নৃসিংহ যাত্ৰা, গোবৰ্দ্ধন যাত্ৰা আদিৰ দৰে মাধৱদেৱৰ দ্বাৰা ৰচিত বুলি জনা যায়, যদিও এই নাটসমূহ পাবলৈ নাই। তেখেতে সম্পাদনা কৰা আৰু সংকলন কৰি উলিওৱা পুথি “নামঘোষা আৰু আদিকাণ্ড ৰামায়ণ।”
তিৰোভাৱ:
মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।