শংকৰদেৱৰ নাটক কেইখন কি কি? |Shankar Dev r Natak|

শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত নাটক ছয়খন, নাটকসমূহ হ’ল:

  • পত্নীপ্ৰসাদ: পত্নীপ্ৰসাদ শংকৰদেৱ ৰচিত অধুনাপ্ৰাপ্ত প্ৰথম অংকীয়া নাট৷ কৰ্ম-মাৰ্গ আৰু ভক্তি-মাৰ্গকে মুখ্য স্থান দি এই নাটখনি ৰচনা কৰা হৈছে৷ যাগ-যজ্ঞৰ প্ৰতি পৰম আস্থাশীল আৰু ভক্তিপন্থা বিৰোধী ব্ৰাহ্মণসকলৰ লগত কৃষ্ণভক্তিপৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি এই নাটৰ কাহিনী আগবঢ়িছে৷

  • ভটিমা: ভটিমা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে। ভটিমা সমূহ সামান্যভাবে সুৰ লগাই গালেও সম্পূৰ্ণ গীত-ধৰ্মী নহয়। সেয়ে ভটিমাক টোটয় আৰু চপয়ৰ লগতে লঘুগীত হিচাপেও অভিহিত কৰা হয়। ভটিমা মূলত চাৰি প্ৰকাৰৰ। মহাপুৰুষ শংকৰদেৱে তিনিধৰণৰ ভটিমা ৰচনা কৰে। শংকৰদেৱে দেৱ ভটিমা, নাট ভটিমা আৰু ৰাজ ভটিমা আৰু মাধৱদেৱে ইয়াৰ লগতে নিজৰ গুৰু শংকৰদেৱৰ গুণ বৰ্ণনা কৰি গুৰু ভটিমা ৰচনা কৰিছিল। ভটিমাসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল।

  • কেলি গোপাল: কেলি গোপাল শংকৰদেৱ বিৰচিত এখনি অংকীয়া নাট৷ নাটখনি কীৰ্তন আৰু দশমত সন্নিৱিষ্ট ৰাসলীলাৰ কাহিনীৰেই ৰচিত হৈছে৷ শংকৰদেৱৰ অন্যান্য নাটৰ দৰে এই নাটখনি কাহিনীপ্ৰধান নহয়৷ ই গীত আৰু নৃত্য প্ৰধান নাট৷

  • পাৰিজাত হৰণ নাট: পাৰিজাত হৰণ নাটনি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ। নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট্য বিদ্যমান।

  • ৰুক্মিণী হৰণ: ৰুক্মিণী হৰণ নাটখন ভাগৱত আৰু হৰিবংশমৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই নাটখনৰ মূল সমল।

    কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীকৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল। কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ ৰুক্মবীৰক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ’ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে।এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে।

  • ৰাম বিজয়: ৰাম বিজয় নাটখন শ্ৰীমন্ত শংকৰদেৱে ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি ৰচনা কৰিছে। ৰাম বিজয় নাটখনৰ নায়িকা হৈছে সীতা

শংকৰদেৱৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা

Leave a Comment