Gopinath Bordoloi | গোপীনাথ বৰদলৈ

Gopinath Bordoloi

গোপীনাথ বৰদলৈ [Gopinath Bordoloi]

গোপীনাথ বৰদলৈ স্বাধীন ভাৰতৰ প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল। ৰাজনৈতিক ক্ষেত্ৰত, তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে, তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেওঁক “লোকপ্ৰিয়” উপাধিয়েৰে সন্মানিত কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত, ধৰ্মৰ ভিত্তিত হোৱা ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান, বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিবলৈ বিচাৰিছিল, কিন্তু বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হ’ব পৰা নাই।

১৮৯০ চনৰ ৬ জুনত (১৮১২ শকৰ ২৬ জেঠ, ৰবিবাৰে) নগাঁও জিলাৰ ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। তেখেতৰ পিতৃ বুদ্ধেশ্বৰ বৰদলৈয়ে ৰহাত চাকৰি কৰিছিল। গোপীনাথৰ সাত বছৰ বয়সলৈকে তেওঁলোক ৰহাতে বাস কৰিছিল আৰু ৰহাতেই তেওঁৰ প্ৰথম শিক্ষা আৰম্ভ হয়। তাৰ পিছত তেওঁৰ পিতৃৰ চাকৰিৰ সূত্ৰে মঙ্গলদৈলৈ বদলি হয়। মঙ্গলদৈলৈ যাওঁতে তেওঁলোক নাৱেৰে গৈছিল আৰু নাৱেৰে যোৱাৰ দীঘলীয়া সময়ছোৱাৰ ভিতৰত গোপীনাথে মহাভাৰতখন পঢ়ি শেষ কৰি পেলাইছিল। মঙ্গলদৈত দুবছৰ থকাৰ পিছত তেওঁলোক বৰপেটালৈ বদলি হৈ যায় আৰু এবছৰৰ ভিতৰতে, ১২ বছৰ বয়সত, গোপীনাথৰ মাতৃৰ মৃত্যু হয়। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ মাতৃৰ স্নেহৰ পৰা বঞ্চিত হয় আৰু তেওঁৰ হৃদয় ভাগি যায়। তেওঁ লালিত-পালিত হ’বলগা হয় বিধবা বায়েক শশীকলা দেৱীৰ হাতত। মাতৃৰ মৃত্যুৰ পিছত তেওঁক গুৱাহাটীলৈ পঠিওৱা হয় আৰু কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হয়। বিদ্যালয়ত থাকোতে তেওঁ অসুখৰ বাবে নিয়মীয়াভাৱে উপস্থিত থাকিব পৰা নাছিল। সেই সময়ত তেওঁ প্ৰায়ে জ্বৰ আৰু গ্ৰহণীত ভুগিছিল। এনে বেয়া স্বাস্থ্যৰ পাছতো তেওঁ পঢ়াত ভাল স্থান লাভ কৰিছিল।

ছাত্ৰ জীৱন আৰু শিক্ষা

তাহানিৰ দিনত ছাত্ৰ-ছাত্ৰী সকলক ডবল প্ৰমোচন দিয়াৰ ব্যৱস্থা আছিল। সেইবাবে বহু মেধাবী ছাত্ৰক সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছিল। স্কুল জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ বাবে সৰু বয়সতেই হাইস্কুলৰ ওপৰ খাপত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে ১৬ বছৰ পূৰ নোহোৱাকৈ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে, ১৬ বছৰ পূৰ হ’লেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। ১৯০৭ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু এই পৰীক্ষাত সুকীৰ্তিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। তাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত ভৰ্তি হয় আৰু ১৯০৯ চনত আই.এ. পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেওঁ এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰে।

সেই সময়ত উক্ত মহাবিদ্যালয়ত ‘লেডী জেন ডাণ্ডাছ’ নামেৰে মাত্ৰ এখন ছাত্ৰাবাস আছিল, আৰু তাত ভৰ্তি হোৱাটো সহজ নাছিল। কিন্তু সেইবাৰ অসমৰ পৰা পঢ়িবলৈ যোৱা ভালেমান ছাত্ৰই ছাত্ৰাবাসত থাকি পঢ়িবলৈ সুবিধা লাভ কৰে। তেওঁ স্নাতক পাঠ্যক্ৰমত অসমীয়া, বুৰঞ্জী, দৰ্শন শাস্ত্ৰ, আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল। তাৰ পৰা ১৯১১ চনত বুৰঞ্জী বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ কলিকতাতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ কলিকতাৰ ১৭/১ অ’ল্ড বৈঠকখানা লেনৰ মেছত বন্ধু চন্দ্ৰনাথ শৰ্মাৰ লগত একেলগে অধ্যয়নত ব্ৰতী হয়। তেওঁ ৰিপন মহাবিদ্যালয়ত আইন আৰু কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়িছিল। ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। যদিও তেওঁ তিনি বছৰ কাল আইন পঢ়িছিল, মাজতে ৰিপন আইন মহাবিদ্যালয় এৰি বৰদলৈয়ে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত ভৰ্তি হয়। এই আইন মহাবিদ্যালয়তে তেওঁ অধ্যক্ষ ৰূপে মি. বাগচীক পাইছিল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে চাৰ আশুতোষ মুখোপাধ্যায়ক পাইছিল। অৱশেষত আইন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ গুৱাহাটীলৈ ঘূৰি আহে।

কৰ্মজীৱন

গোপীনাথ বৰদলৈ কলিকতাত থাকি মহাবিদ্যালয়ৰ চতুৰ্থ-বাৰ্ষিক শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ পিতৃৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ লগে লগে সংসাৰৰ বৰ্তন ভাৰ তেওঁলৈ আহে। তেখেতৰ পিতৃ পেছাত এজন চিকিৎসক আছিল, যদিও সঞ্চিত ধন অধিক নাছিল, আৰু পৰিয়ালটো কোনোমতে চলিছিল। তদুপৰি ককায়েক ইন্দ্ৰেশ্বৰ বৰদলৈৰ মৃত্যুৱেও পৰিয়ালটোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। ঘৰখনৰ ভাৰ পৰিছিল আইদেউ শশীকলাৰ ওপৰত। সেইবাবে বৰদলৈয়ে কলিকতাত অধ্যাপনৰ চাকৰি বিচাৰি দেখা হৈছিল, যদিও পোৱা নাছিল।

অৱশেষত বৰদলৈয়ে পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীত তৰুণ ৰাম ফুকনৰ অনুৰোধত সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে। সেই সময়ছোৱাত তেওঁ আইনৰ পৰীক্ষাত পুনৰ বসি উত্তীৰ্ণ হয়। প্ৰধান শিক্ষকৰ চাকৰি এৰি দিয়ে আৰু সত্যনাথ বৰা উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিয়ে। ১৯১৭ চনত গুৱাহাটীতো ওকালতি আৰম্ভ কৰে।

ৰাজনৈতিক জীৱন

১৯২২ চনত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেখেতক অসহযোগ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হয়। চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল হোৱাৰ লগে লগে তেওঁ পুনৰ ওকালতি আৰম্ভ কৰে। ১৯৩০ৰ পৰা ১৯৩৩ চন পৰ্যন্ত তেখেত ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিবেশ কৰে।

১৯৩৫ চনত অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু ৩৮খন আসনত জয়লাভ কৰে। গোপীনাথ বৰদলৈ বিৰোধী দলৰ দলপতি নিৰ্বাচিত হয়। ১৯৩৮ চনত মহম্মদ ছাদুল্লা মন্ত্ৰীসভাই পদত্যাগ কৰে, আৰু ৰাজ্যপালে গোপীনাথ বৰদলৈক মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজনা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, আৰু পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা।

১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে চৰকাৰ বেছিদিন নাথাকিল। ১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কংগ্ৰেছ দলক বেআইনী ঘোষণা কৰা হয় আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয়। ১৯৪৪ চনত জেলৰ পৰা ওলাই বৰদলৈয়ে মহম্মদ ছাদুল্লাৰ চৰকাৰৰ সাম্প্ৰদায়িক কাৰ্য্য-কলাপৰ বিৰোধিতা কৰে। চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভাযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদি কাম কৰে।

১৯৪৫ চনত ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচাৰ কথা ঘোষণা কৰে। ১৯৪৬ চনৰ নিৰ্বাচনত অসম কংগ্ৰেছ ১০৮টা আসনৰ ভিতৰত ৬১টাত জয়লাভ কৰে, আৰু গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।

কেবিনেট কমিছন আৰু বৰদলৈৰ ভূমিকা

১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ দাবী আলোচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে কেবিনেট কমিছন গঠন কৰে। এই কমিছনে ৰাজ্যবোৰক তিনিটা গোটত ভগাবলৈ আৰু তৃতীয় গোটত থাকিবলগীয়া অসম আৰু বংগৰ সংবিধান ৰচাৰ বাবে প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ ক’লে। গোপীনাথ বৰদলৈয়ে এই পৰিকল্পনাৰ বিপদ অনুমান কৰিছিল, যি অসমীয়াক সংখ্যালঘু কৰি অধিকাৰ খৰ্ব কৰিব পাৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লয়। গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ, কেবিনেট কমিটি, আৰু ভাইচৰয়ক অসমৰ সংবিধান নিজেই ৰচাৰ কথা জনায়। কেবিনেট কমিটিয়ে জানিব দিয়ে যে গ্ৰুপত সোমোৱাটো বাধ্যতামূলক, যদিও পিছত ওলাই আহিব পৰা যাব। বৰদলৈয়ে গণবিক্ষোভৰ পাং পাতে আৰু বিধানসভা অসমক গ্ৰুপত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত লয়।

যাহওক, জৱাহৰলাল নেহৰু আৰু মুছলিম লীগে গ্ৰুপিং আঁচনি বাস্তৱায়নৰ বাবে একমত হয়। এই পৰিস্থিতিত, গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰ চাপে, আৰু গান্ধীয়ে বৰদলৈক গ্ৰুপিঙৰ বিৰোধিতা কৰিবলৈ উপদেশ দিয়ে।

১৯৪৭ চনত লৰ্ড মাউণ্টবেটেন ভাইচৰয় হিচাপে দায়িত্ব গ্ৰহণ কৰে। মুছলিম লীগ, কংগ্ৰেছ আৰু গান্ধীৰ সৈতে আলোচনা কৰি তেওঁলোকে গ্ৰুপিঙৰ পৰিৱৰ্তে বিভাজনক স্বাধীনতাৰ স্থায়ী সমাধান হিচাপে চিহ্নিত কৰে। ফলত, ভাৰত আৰু পাকিস্তান দুখন বেলেগ দেশ হৈ পৰে।

মুখ্যমন্ত্ৰী হিচাপে অৱদান

গোপীনাথ বৰদলৈ ১৯৩৭ চনৰ ২১ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী) নিযুক্ত হয়। মুখ্যমন্ত্ৰী হোৱাৰ পিছত, তেওঁ কৰ্মচাৰীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায় আৰু মন্ত্ৰীসকলক দৰমহাৰ কিছু ধন কমাবলৈ অনুৰোধ কৰে। এইধৰণে জমা কৰা ধন বানপীড়িত লোকৰ সহায়ত ব্যৱহাৰ কৰা হয়। ১৯৩৯-৪০ চনত মাটিৰ খাজনা হ্ৰাস কৰা আৰু শিক্ষাৰ বিস্তাৰ এনে কামত গুৰুত্ব আৰোপ কৰে।

দ্বিতীয় মহাযুদ্ধৰ পিছত ১৯৪৬ চনত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ দলে ৬১খন আসন জয় কৰে। গোপীনাথ বৰদলৈ পুনৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু ১১ ফেব্ৰুৱাৰীত ৭ জনীয়া মন্ত্ৰীসভা গঠন কৰে। তেখেত ৰাজ্যৰ পৰা ৰাজনৈতিক বন্দী মুক্ত কৰে আৰু জৰিমনা আৰু জব্দ কৰা সম্পত্তি ঘূৰাই দিয়ে। মুখ্যমন্ত্ৰী হিচাপে শিক্ষাৰ উন্নতিৰ বাবে ‘নয়ী তালীমী’ শিক্ষা ব্যৱস্থা প্ৰবর্তন কৰে। তিনি কেন্দ্ৰ মহিলা শিক্ষাৰ বাবে সংৰক্ষিত কৰি প্ৰাইমাৰী শিক্ষাক বাধ্যতামূলক কৰে। বিভিন্ন এলেকাত ৪১৯ খন প্ৰাথমিক বিদ্যালয় স্থাপন আৰু ৫৮ খন বিদ্যালয়লৈ ৰাজসাহায্য আগবঢ়ায়।

ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে মিলি অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰে। পূব পাকিস্তানৰ পৰা অহা হিন্দু শৰণাৰ্থীৰ পুনৰ্সংস্থাপনতো সহায় কৰে। তেখেতৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, আৰু বহুতো শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰতিষ্ঠা হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যাভাৰ গ্ৰহণ কৰি, গোপীনাথ বৰদলৈয়ে সৰল জীৱন যাপন অব্যাহত ৰাখে।

দেহাৱসান

গোপীনাথ বৰদলৈ ১৯৫০ চনৰ ৫ আগষ্ট শনিবাৰে ইহলীলা সম্বৰণ কৰে। তেওঁ সেইদিনা শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল ‘প্ৰতিবাদ’ নামৰ নাটকখনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। সন্ধ্যা ৭ বজাত তেওঁ নাটকখন উদ্বোধন কৰে। অনুষ্ঠান শেষ কৰি ৯ বজাত বিদায় লৈ, নিশা ১০ বজাত তেওঁ ঘৰ গৈ ভাত খাই শুই পৰে। ১১ বজাত তেওঁ হঠাৎ হৃদযন্ত্ৰত বেদনা অনুভৱ কৰে। চিকিৎসক ভুবনেশ্বৰ বৰুৱা আৰু আন ডাক্তৰ উপস্থিত হলেও, তেওঁলোকৰ সহায়ত অসুখ উপশম নহয়। এসময়তে ভঙা ভঙা মাতেৰে তেওঁ কৈছিল, “এইবাৰ মই ৰক্ষা পাম এনে আশা নাই।” সেইদিনাই ২:৪০ মিনিটত ৬০ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে।

তেওঁৰ শৱযাত্ৰাত অৰ্ধনমিত জাতীয় পতাকা আৰু ফুলৰ মালাৰে সুশোভিত মটৰত তেওঁক শ্মশানলৈ নেয়া হয়। উৰুলি আৰু হৰিধ্বনিসহ, হাজাৰ হাজাৰ জনতা, অসম পুলিচৰ বেটেলিয়ন আৰু সশস্ত্ৰ পুলিচ বাহিনীয়ে মৌনভাবে শেষ সন্মান প্ৰদৰ্শন কৰে। সমবেত জনতাই ঠায়ে ঠায়ে আখৈ, চন্দন, দুৱা, অক্ষত পুষ্প আদি বৰ্ষণ কৰে। চহৰ প্ৰদক্ষিণৰ পিছত, কংগ্ৰেছ অফিচত জাতীয় পতাকাৰে আবৃত্ত কৰা হয়। নৱগ্ৰহ শ্মশানত ৰাজকীয় সন্মান প্ৰদৰ্শন কৰি অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Read More

Leave a Comment