Class 9 Maths 13.7 Assamese Medium

Class 9 Maths 13.7 Assamese Medium | class 9 maths Assamese medium chapter 13.7

1. এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন নিৰ্ণয় কৰা, যদিহে ইয়াৰ

(i) ব্যাসাৰ্ধ 6 চে.মি., উচ্চতা 7 চে.মি.

(ii) ব্যাসাৰ্ধ 3.5 চে.মি., উচ্চতা 12 চে.মি.

Solution:

(i) দিয়া আছে,

লম্ব বৃত্তাকাৰ শংকুটোৰ-

ব্য়াসাৰ্ধ (r) = 6 চে.মি.

উচ্চতা (h) = 7 চে.মি.

∴ শংকুটোৰ আয়তন

= 1/3 πr²h

= 1/3 × 22/7 × 6 × 6 × 7

= 22 × 2 × 6

= 264 ঘন চে.মি.

(ii) দিয়া আছে,

লম্ব বৃত্তাকাৰ শংকুটোৰ-

ব্য়াসাৰ্ধ (r) = 3.5 চে.মি.

উচ্চতা (h) = 12 চে.মি.

∴ শংকুটোৰ আয়তন

= 1/3 πr²h

= 1/3 × 22/7 × 3.5 × 3.5 × 12

= 22 × 0.5 × 3.5 × 4

= 154 ঘন চে.মি.

2. এটা শংকু আকাৰৰ পাত্ৰৰ ধাৰকত্ব লিটাৰত নিৰ্ণয় কৰা, যদিহে ইয়াৰ

(i) ব্যাসাৰ্ধ 7 চে.মি., নতি উচ্চতা 25 চে.মি.

(ii) উচ্চতা 12 চে.মি., নতি উচ্চতা 13 চে.মি.

Solution:

(i) দিয়া আছে,

শংকু আকাৰৰ পাত্ৰটোৰ-

ব্য়াসাৰ্ধ (r) = 7 চে.মি.

নতি উচ্চতা (l) = 25 চে.মি.

∴ উচ্চতা (h) = √(l² – r²) চে.মি.

= √(25² – 7²) চে.মি.

= √(625 – 49) চে.মি.

= √576 চে.মি.

= 24 চে.মি.

∴ পাত্ৰটোৰ আয়তন

= 1/3 πr²h

= 1/3 × 22/7 × 7 × 7 × 24

= 22 × 7 × 8

= 1232 ঘন চে.মি.

∴ পাত্ৰটোৰ ধাৰকত্ব = 1232÷1000 লিটাৰ = 1.232 লিটাৰ

(ii) দিয়া আছে,

শংকু আকাৰৰ পাত্ৰটোৰ-

উচ্চতা (h) = 12 চে.মি.

নতি উচ্চতা (l) = 13 চে.মি.

∴ ব্যাসাৰ্ধ (r) = √(l² – h²) চে.মি.

= √(13² – 12²) চে.মি.

= √(169 – 144) চে.মি.

= √25 চে.মি.

= 5 চে.মি.

∴ পাত্ৰটোৰ আয়তন

= 1/3 πr²h

= 1/3 × 22/7 × 5 × 5 × 12

= 22/7 × 25 × 4

= 2200/7

= 2200/7 ঘন চে.মি.

∴ পাত্ৰটোৰ ধাৰকত্ব = (2200/7)÷1000 লিটাৰ

= 2200/7000 লিটাৰ

= 22/70 লিটাৰ

= 11/35 লিটাৰ

3. এটা শংকুৰ উচ্চতা 15 চে.মি.। যদি ইয়াৰ আয়তন 1570 চে.মি.³ হয়, ইয়াৰ ভূমি ব্যাসাৰ্ধ নিৰ্ণয় কৰা। (π=3.14 ধৰিবা)

Solution:

ধৰাহ’ল,

শংকুটোৰ ভূমি ব্যাসাৰ্ধ r

দিয়া আছে,

এটা শংকুৰ উচ্চতা (h) = 15 চে. মি.

আয়তন = 1570 ঘন চে.মি.

⇒ 1/3 πr²h = 1570

⇒ 1/3 × 3.14 × r² × 15 = 1570

⇒ 3.14 × r² × 5 = 1570

⇒ 15.70 × r² = 1570

⇒ r² = 1570/15.70

⇒ r² = 100

⇒ r = 10 চে.মি.

∴ শংকুটোৰ ভূমি ব্যাসাৰ্ধ 10 চে.মি.।

4. 9 চে.মি. উচ্চতাৰ লম্ব বৃত্তাকাৰ শংকু এটাৰ আয়তন 48π চে.মি.³ হলে, ইয়াৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা।

Solution:

দিয়া আছে,

লম্ব বৃত্তাকাৰ শংকু এটাৰ-

উচ্চতা (h) = 9 চে.মি.

আয়তন = 48π ঘন চে.মি.

⇒ 1/3 πr²h = 48π

⇒ 1/3 × r² × 9 = 48

⇒ 3 × r² = 48

⇒ r² = 16

⇒ r = 4 চে.মি.

∴ ভূমিৰ ব্যাস = 2r = 2 × 4 চে.মি. = 8 চে.মি.

5. এটা শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ ব্যাস 3.5 মি. আৰু ইয়াৰ গভীৰতা 12 মি.। ইয়াৰ ধাৰকত্ব কিলোলিটাৰত কিমান হ’ব?

Solution:

দিয়া আছে,

শংকু আকাৰৰ গাঁতটোৰ উপৰিভাগৰ-

ব্যাস = 3.5 মি.

∴ ব্য়াসাৰ্ধ (r) = 3.5/2 চে.মি.

গভীৰতা (h) = 12 মি.

∴ গাঁতটোৰ আয়তন

= 1/3 πr²h

= 1/3 × 22/7 × 3.5/2 × 3.5/2 × 12

= 22 × 0.5 × 3.5

= 11 × 3.5

= 38.5 ঘন মি.

∵ 1 ঘন মি. = 1 কিলোলিটাৰ

∴ 38.5 ঘন মি. = 38.5 কিলোলিটাৰ

অৰ্থাৎ,

গাঁতটোৰ ধাৰকত্ব 38.5 কিলোলিটাৰ।

6. এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন 9856 চে.মি.³। ভূমিৰ ব্যাস 28 চে.মি. হ’লে, তলৰবোৰ নিৰ্ণয় কৰাঃ

(i) শংকুৰ উচ্চতা

(ii) শংকুটোৰ নতি উচ্চতা

(iii) শংকুটোৰ বক্ৰ পৃষ্ঠকালি।

Solution:

দিয়া আছে,

শংকুৰটোৰ-

ভূমিৰ ব্যাস = 28 চে.মি.

∴ ব্যাসাৰ্ধ (r) = 28/2 চে.মি. = 14 চে.মি.

(i) শংকুৰ আয়তন = 9856 চে.মি.³

⇒ ¹⁄₃ πr²h = 9856

⇒ 1/3 × 22/7 × 14 × 14 × h = 9856

⇒ 616/3 × h = 9856

⇒ h = 9856 × 3/616

⇒ h = 48 চে.মি.

∴ শংকুৰ উচ্চতা = 48 চে.মি.

(ii) শংকুটোৰ নতি উচ্চতা (l) = √(h² + r²)

= √(48² + 14²)

= √(2304 + 196)

= √2500

= 50 চে.মি.

(iii) শংকুটোৰ বক্ৰ পৃষ্ঠকালি

= πrl

= 22/7 × 14 × 50

= 22 × 2 × 50

= 22 × 100

= 2200 বৰ্গ চে.মি.

7. 5 চে.মি., 12 চে.মি. আৰু 13 চে.মি. বাহু বিশিষ্ট এটা সমকোণী ত্ৰিভুজ ABCক 12 চে.মি. বাহুটোৰ সাপেক্ষে ঘূৰোৱা হ’ল। এনে কৰোতে উৎপন্ন হোৱা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰা।

Solution:

এটা সমকোণী ত্ৰিভুজ ABCক 12 চে.মি. বাহুটোৰ সাপেক্ষে ঘূৰালে-

উৎপন্ন হোৱা গোটা আকাৰটোৰ-

উচ্চতা (h) = 12 চে.মি.

ব্যাসাৰ্ধ (r) = 5 চে.মি.

নতি উচ্চতা (l) = 13 চে.মি.

∴ আয়তন = ¹⁄₃ πr²h

= 1/3 × π × 5 × 5 × 12

= 100π ঘন চে.মি.

8. প্ৰশ্ন নং 7অত উল্লেখ কৰা ABC ত্ৰিভুজটো 5 চে.মি. বাহুটোৰ সাপেক্ষে ঘূৰালে ই উৎপন্ন কৰা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰা। প্ৰশ্ন নং 7 আৰু 8অত পোৱা গোটা আকাৰ দুটাৰ আয়তনৰ অনুপাতো লগতে নিৰ্ণয় কৰিবা।

Solution:

ABC ত্ৰিভুজটো 5 চে.মি. বাহুটোৰ সাপেক্ষে ঘূৰালে-

উৎপন্ন হোৱা গোটা আকাৰটোৰ-

উচ্চতা (h) = 5 চে.মি.

ব্যাসাৰ্ধ (r) = 12 চে.মি.

নতি উচ্চতা (l) = 13 চে.মি.

∴ আয়তন = ¹⁄₃ πr²h

= 1/3 × π × 12 × 12 × 5

= 240π ঘন চে.মি.

এতিয়া,

প্ৰশ্ন নং 7 আৰু 8অত পোৱা গোটা আকাৰ দুটাৰ আয়তনৰ অনুপাত

= 100π : 240π

= 5 : 12

9. এটা ঘেহুঁৰ দ’মৰ আকাৰটো এটা শংকুৰ নিচিনা যাৰ ব্যাস 10.5 মি. আৰু উচ্চতা 3 মি.। দ’মটোৰ আয়তন নিৰ্ণয় কৰা। বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ এই দ’মটো কেন্ভাচেৰে ঢাকিব লাগে। ইয়াৰ বাবে লগা নূন্যতম কেন্ভাচৰ কালি নিৰ্ণয় কৰা।

Solution:

দিয়া আছে,

ঘেহুঁৰ দ’মটোৰ-

ব্যাস = 10.5 মি.

∴ ব্যাসাৰ্ধ (r) = 10.5/2 মি. = 5.25 মি.

উচ্চতা (h) = 3 মি.

∴ দ’মটোৰ আয়তন

= ¹⁄₃ πr²h

= 1/3 × 22/7 × 5.25 × 5.25 × 3

= 86.625 ঘন মি.

আকৌ,

দ’মটোৰ নতি উচ্চতা (l) = √(h² + r²)

= √(3² + 5.25²)

= √(9 + 27.5625)

= √36.5625

= 6.05 মি.

∴ দ’মটোৰ বক্ৰ পৃষ্ঠকালি

= πrl

= 22/7 × 5.25 × 6.05

= 99.825 ঘন মি.

∴দ’মটো কেন্ভাচেৰে ঢাকিবৰ বাবে লগা নূন্যতম কেন্ভাচৰ কালি 99.825 ঘন মি.।

Leave a Comment