কুইজ প্ৰশ্ন উত্তৰ | Assamese Quiz 2025

Assamese GK Question Answers

Assam Quiz in Assamese Language

১) ‘অসম’ নাম কেতিয়াৰ পৰা হয়?
উত্তৰ : আহোমসকলৰ ৰাজত্ব কালৰ পৰা

২) আহোমৰ শেষ ৰজাজনৰ নাম কি?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ

৩) আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ

৪) অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে?
উত্তৰ : আহোম সকলে

৫) কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?
উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে

৬) প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি?
উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী

৭) কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল?
উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত

৮) ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল?
উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।

৯) ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল

১০) পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল?
উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল

১১) অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?
উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন

১২) মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত

১৩) বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
উত্তৰ : চৰিত পুথি

১৪) সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )

১৫) ইতিহাসৰ আন এটা নাম কি?
উত্তৰ : বুৰঞ্জী।

১৬) অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ : ভট্টদেৱ

১৭) অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?
উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি

১৮) প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?
উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ চনত। আত্মাৰাম শৰ্মা

১৯) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত

২০) জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী

২১) অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?
উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’

২২) অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?
উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ

২৩) প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?
উত্তৰ : অসমীয়া পুথিৰ তালিকা

২৪) ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে

২৫) শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?
উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

২৬) অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?
উত্তৰ : অসম সাহিত্য সভা

২৭) ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ : মাধৱ কন্দলী

২৮) অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ

২৯) প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?
উত্তৰ : ৰাম সৰস্বতী

৩০) ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : নাথান ব্ৰাউন

৩১) অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?
উত্তৰ : বীণ বৰাগী

৩২) সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ ৰ ৰচক কোন?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা

৩৩) প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?
উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে

৩৪) প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?
উত্তৰ : ভট্টদেৱ

৩৫) আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?
উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ

৩৬) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ : ফণী শৰ্মা

৩৭) অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?
উত্তৰ : চন্দ্ৰকান্ত অভিধান

৩৮) অসমৰ মুখ্য ভাষা কি ?
উত্তৰ : অসমীয়া

৩৯) হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?
উত্তৰ : চিত্ৰ ভাগৱত

৪০) অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ

৪১) অসমীয়া চুটি গল্পৰ জনক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

৪২) শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল?
উত্তৰ : বদৰিকাশ্ৰমত

৪৩) কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?
উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।

৪৪) বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?
উত্তৰ : কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে

৪৫) কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?
উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)

৪৬) হাজোৰ পোৱামক্কা কোনে সজাইছিল?
উত্তৰ : গিয়াছুদ্দিন আউলিয়া।

৪৭) ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?
উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।

৪৮) অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?
উত্তৰ : হাজোত।

৪৯) অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?
উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।

৫০) অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?
উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

Leave a Comment