অসমীয়া কৌতুক | Assamese Koutuk | Assamese Joking

অসমীয়া কৌতুক | Assamese Koutuk


    • বিয়াৰ আগত বোলে rose দে, chocolate দে, teddy দে, valentine দে আৰু বিয়াৰ পাছত ভাত দে, পানী দে, চাহ দে আৰু শান্তিৰে শুবলে দে 😁😁😁😁😁😁


ঘৰৰ পৰা দূৰত থকা মেকানিকজনৰ সন্তান জন্ম হ’ল। পত্নীয়ে মেচেজ পঠালে- আপোনাৰ ‘স্পেয়াৰ পাৰ্টছ’ ঘৰলৈ আগমণ হ’ল……মেকানিকজনে উত্তৰ দিলে- নট্ নে বল্টু?😁😁😁😁😁😁দিল্লি ষ্টেচনত মহিলা এগৰাকী দৌৰি দৌৰি কোনোমতে ট্ৰেইনত উঠিলগৈ । তাকে দেখি দুজনমানে ক’লে” কামাল কী ঔৰত হে য়ে । কামাল কী ঔৰত ! “
সেইতো শুনি মহিলাজনীয়ে চিঞৰি চিঞৰি ক’লে ………” আবে চুপ কৰ চালে ! কামাল তো মেৰী দেবৰ কা নাম হে । মে তো জামাল কী ঔৰত হু ।” 😁😁😁😁😁😁বয়সীয়াল মানুহ এজনে আদহীয়া এজনৰ আগত গৌৰৱ কৰিছে এনেদৰে- মই বৃদ্ধ পেঞ্চন কেনেদৰে পালোঁ জানানে?আদহীয়াঃ কওকচোন বাৰু?বয়সীয়ালঃ চাৰ্টৰ বুটাম খুলি বুকুৰ পকিবলৈ ধৰা নোমবোৰ দেখুৱাই বুজিছা!আদহীয়াঃ পেন্টৰ চেইনডাল খুলি দিয়া হ’লে বিকলাঙ্গৰ পেঞ্চনো লগতেই পালেহেতেন!! 😁😁😁😁😁😁


    • চাৰিটা পৰুৱা মদৰ নিচাত ঢলং পলং হৈ বাটেৰে গৈ আছিল। হঠাতে সন্মুখত এটা হাতী দেখা পাই সিহঁত ৰৈ গ’ল।


      প্ৰথম পৰুৱাটোৱে ক’লে,


      : ইয়াক মাৰিয়ে পেলাওঁ নেকি?


      দ্বিতীয়টোৱে ক’লে,


      : ধেৎ চিকা মাৰি হাত গোন্ধাওঁনো কিয়! এটা কাম কৰোঁ ইয়াৰ ঠেং কেইখনেই ভাগি দিওঁ। গম পাব আমি কি বস্তু!


      তৃতীয়টোৱে ক’লে,


      : এটা কাম কৰোঁ ইয়াৰ শুৰডালকে চিঙি পেলাওঁ ন’হলে!


      চতুৰ্থটোৱে ক’লে,


      : হেৰ’ ইজ্জত বোলা বস্তু এটা আছে‌ নহয়, বেলেগে শুনিলে কি বুলি ভাবিব! সি হ’ল অকলে আৰু আমি হ’লোঁ চাৰিটা।


      বাদ দে চোন। 😁😁😁😁😁😁



    • বিজয় মহন্তয়ে তলত কথা কৈ ভাল নাপায়৷ ধৰক লেচুৰ ওপৰত আলোচনা হৈ আছে, ৰিণ্টুমনি দায়ে যদি কয়, “কালি বৰ ভাল লেচু খালোঁ হে৷ মঙহেই মঙহ, লেচুৰ গুটি বুলিবলৈ নায়েই”৷


      তেতিয়া বিজয়ে মাত দিব- “আমাৰ ঘৰৰ লেচুবোৰৰ ওপৰত অসমতে নাই৷ মানুহক লেচু খাবলৈ দিলে আমি আনৰ ঘৰৰ পৰা আনি থোৱা লেচুৰ গুটি দুটামান কাষতে প্লেট এখনত দি দিওঁ, নহ’লে লেচু খোৱাৰ ‘ফীল’ টো নাহিব যে৷”


      এইবোৰ দেখি-শুনি ৰিণ্টু দায়ে দেবজিত শৰ্মাৰ লগত মিলি বিজয়ক এপালি দিবলৈ থিৰাং কৰিলে৷ এদিন ফোনতে তিনিও ‘কনফাৰেন্স’ ত কথা পাতি থাকোঁতে প্ৰথমে ৰিণ্টু দায়ে মাত লগালে, “আমাৰ গাঁৱৰ ঘৰৰ নেমুৰ যে ইমান ৰস আৰু টেঙা! এটুকুৰা নেমুৰে এসাঁজৰ আঞ্জা হৈ যায় আৰু দুপৰীয়া খালে সন্ধিয়ালৈকে দাঁত টেঙাই থাকে।”


      বিজয়: আমাৰ ঘৰৰ জোপাৰ কথা শুনক৷ এফাল নেমু চেপিলে চুবুৰীটোৰ আঞ্জাত দিব পৰাকৈ ৰস ওলায় আৰু টেঙাৰ যে কথা নক’বই! একেবাৰে চেনী এপোৱামান খালেহে দাঁত কেইটায়ে তত পায়৷


      (ৰিণ্টু দাৰ পৰামৰ্শ মতে সাজু হৈ থকা দেবজিত শৰ্মায়ে এইবাৰ মাত লগালে)


      “আমাৰ ঘৰত নেমু নচলেই৷ মানে ঘৰত নহয়, অঞ্চলটোতে নচলে৷ বিজয় মহন্তৰ বাৰীৰ পৰায়েই সেইজোপা নেমু মোৰ ককায়ে আনি কিবা ভোজ এটাত মাছৰ আঞ্জাত সৰহকৈ দিছিল৷ তাৰ পাছত সমগ্ৰ অঞ্চলটোৰ মানুহৰ জীৱনবোৰেই টেঙা হৈ গ’ল……হেল্ল’ বিজয় মহন্ত আছা নে? গ’ল নেকি হে ঠাকুৰ?”


      ৰিণ্টু দা: অঁ কাটি দিলেচোন! 😁😁😁😁😁😁



    • বাইদেউ ৰচক – পচককৈ গেৰেজ এটালৈ গৈ ক’লে – “মোক 710 লাগে।”


      মেকানিক আচৰিত। সেইটো কি বস্তু?


      “কিয় ইঞ্জিনৰ ওচৰত যে থাকে, গোল বস্তুটো, তাৰ ঢাকনিখন পৰি গ’ল।”


      মেকানিক হায়ৰান।


      “আপুনি এই কাগজখনত আঁকি দিয়কচোন।” সৰু কাগজ এখনত বাইদেৱে আঁকি দিলে। নাই, মেকানিকে ধৰিব পৰা নাই। ওচৰতে থকা আন এখন গাড়ীৰ ওচৰলৈ বাইদেউক লৈ গ’ল। তেওঁ যিটো বস্তু দেখুৱাই দিলে, মেকানিক বেহুচ।


      বাইদেৱে অঁকা ছৱিখন ওলোটাই চাইহে ৰক্ষা। আচলতে বাইদেউৰ গাড়ীৰ তেলৰ টেংকীৰ ঢাকনিখন পৰি গৈছিল। য’ত লিখা আছিল -OIL. বাইদেৱে নিজে ওলোটাকৈ পঢ়ি ওষ্টাদি মাৰিবলৈ গৈছিল। 😁😁😁😁😁😁



    • বিজয়ৰ দাঁতত পোকে ধৰিছে, হাজাৰ চেষ্টা কৰিও উলিয়াব নোৱাৰি ডাক্তৰৰ ওচৰলৈ গ’ল।


      ডাক্তৰ- চাৰিদিন পুৱা-গধূলি গাখীৰ আৰু বিস্কুট খাব, পঞ্চম দিনা কেৱল গাখীৰ খাব। পোক নিশ্চয় ওলাই আহিব।


      বিজয়ে সেইমতে চাৰিদিন গাখীৰ-বিস্কুট খালে আৰু পঞ্চম দিনা কেৱল গাখীৰ খালে।


      .


      .


      .


      .আৰু আচৰিত ভাৱে সেইদিনা পোকটোৱে ওলাই আহি সুধিলে- বিজয় আজি বিস্কুট নাই নেকি?


      বিজয় চকচ!


      পোক আৰু ডাক্তৰ ৰকচ! 😁😁😁😁😁😁


       


ল’ৰাৰ লগত সদায় হোৱা অন্যায়বোৰ১) ছোৱালী এজনীয়ে যদি কথা কৈ থাকে, শুনি থাকিব পাৰি। কিন্তু একেখিনি কথা যদি ল’ৰাই কয়, মূৰ কামোৰণি হয়।
২) ছোৱালীবোৰ ওখ হ’লে মডেলৰ দৰে লাগে, কিন্তু ল’ৰাবোৰ ওখ হ’লে তামোল পুলি।৩) ছোৱালী ঘামিলে ধুনীয়া দেখায়, ল’ৰাই ঘামিলে গোন্ধ যায়।
৪) ছোৱালী নখ ৰাখিলে সুন্দৰ লাগে, ল’ৰাই নখ ৰাখিলে JCB বুলি কয়।৫) ছোৱালীৰ আঙুলী দীঘল হ’লে ‘হৰিণ নয়নী’ হয়, ল’ৰাৰ হ’লে ‘অমৰা গুটি’।
৬) ছোৱালীৰ পোষ্টত তামাম লাইক থাকে, কিন্তু ল’ৰাৰ পোষ্টত লাইক নাই।ল’ৰাৰ সহনশীলতাৰ পৰিসীমা কিমান, ভাবিব পাৰিব নেকি?

পাগলৰ ৫০০ পৃষ্ঠাৰ কিতাপDoctor: এইখন কি?
পাগল: মই ৫০০ পৃষ্ঠাৰ কিতাপ লিখিছোঁ।Doctor: ৫০০ পৃষ্ঠাত কি লিখিছা?
পাগল: প্ৰথম পৃষ্ঠাত লিখিছোঁ – এজন ৰজাই এদিন ঘোঁৰাৰ পিঠিত উঠি জংগল গ’ল।শেষ পৃষ্ঠাত লিখিছোঁ – ৰজাই জংগল পালেগৈ।
Doctor: তেনেহ’লে মাজৰ ৪৯৮ পৃষ্ঠাত কি লিখিছা?পাগল: টিগদিক টিগদিক টিগদিক…

নৱ বিবাহিত পতি-পত্নীৰ কথোপকথন
পত্নী: তুমি মদ খোৱা নেকি?পতি: নাখাও।
পত্নী: জুৱা খেলা নেকি?পতি: নেখেলো।
পত্নী: চিগাৰেট খোৱা নেকি?পতি: নাখাও।
পত্নী: কেতিয়াবা ছোৱালীৰ লগত ফচিছা নেকি?পতি: নাই।
পত্নী: তেতিয়া হ’লে তুমি একেবাৰে অসৎ স্বভাৱ নোহোৱা মানুহ।পতি: মাত্ৰ এটাই অসৎ স্বভাৱ আছে।
পত্নী: কি?পতি: ফাঁকি কথা কোৱা।

পুলিচ আৰু চালকৰ মজাৰ কাহিনী
পুলিচ: চিট বেল্ট পিন্ধি চালোৱা বাবে আপুনি ১০০০ টকা পুৰস্কাৰ লাভ কৰিছে।চালক: থেংক ইউ! মই প্ৰথমে দ্ৰাইভিং লাইচেন্স বনাম।
পুলিচ: হোৱাট?সেই সময়ত চালকৰ মাক: ছাৰ, ইয়াৰ কথা বিশ্বাস নকৰিব। ই অলপ দ্ৰিংকচ কৰিলে যি তি বকে।
দেউতাক: মই জানিছিলো চুৰি কৰা গাড়ী দূৰলৈ ননোৱাৰিব।ঠিক তেনেতে, পিছফালৰ পৰা… “মা, আমি বৰ্ডাৰ পাৰ হ’লো নে?”

নগেনৰ বোৱাৰীৰ পৰীক্ষা
নগেনে বিয়াখন পাতিয়েই পেলালে।এদিন শাহুৱেকে বোৱাৰীক সোধে: মই যদি তোমাৰ বিচনাত বহো, তুমি কি কৰিবা?
বোৱাৰী: মই চকীখনত বহিম।শাহু: মই যদি চকীত বহো?
বোৱাৰী: মই বেঞ্চত বহিম।শাহু: মই যদি মাটিত বহো?
বোৱাৰী: মই তলত গাত খান্দি বহিম।শাহু: মই যদি গাতত বহো?
বোৱাৰী: তেতিয়া মই গাতৰ পৰা উঠি আপোনাক গাততে পুতি থম।শাহুৱেকে পলাই পটটং দিলে।

 


  • পুলিচৰ কাহিনী


    পুলিচ: আপুনি মটৰ চাইকেলৰ কাগজ দেখুওৱক।


    চালক: মঽবাইলত আছে।


    পুলিচ: দেখুৱাওক।


    চালক: মঽবাইলৰ ডাটা শেষ।


    পুলিচ: তেন্তে ফাইন দিয়ক। Qড় কোড স্কেন কৰক।


    চালক: মঽবাইলৰ ডাটা শেষ।


 

Leave a Comment