অসমীয়া সাধাৰণ জ্ঞান
১) অসমৰ কলাগুৰু কাক কোৱা হয়?উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভা।২) অসমৰ বিপ্লৱী কবিজন কোন?উত্তৰ: প্ৰসন্নলাল চৌধুৰী।৩) দেশভক্ত কোন আছিল?উত্তৰ: তৰুণৰাম ফুকন।৪) অসমৰ গৌৰৱ কোন?উত্তৰ: হেম বৰুৱা।৫) অসমৰ অগ্নিকবি কোন?উত্তৰ: কমলাকান্ত ভট্টাচাৰ্য।৬) অসম কেশৰী কোন?উত্তৰ: অম্বিকাগিৰি ৰায়চৌধুৰী।৭) অসমৰ সংগীত সূৰ্য কোন আছিল?উত্তৰ: ড° ভূপেন হাজৰিকা।৮) অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল?উত্তৰ: কৃষ্ণকান্ত সন্দিকৈ।৯) বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল?উত্তৰ: প্ৰাগজ্যোতিষপুৰ।১০) শ্বাহৰুক খানৰ দিলছে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল?উত্তৰ: হাফলং।১১) অসমত সংস্কৃত মহাবিদ্যালয় ক’ত আছে?উত্তৰ: গুৱাহাটী আৰু নলবাৰী।১২) অসমত আৰবি ভাষাৰ মহাবিদ্যালয় ক’ত আছে?উত্তৰ: ৰঙিয়াত।১৩) অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ ক’ত আছে?উত্তৰ: চাবুৱাত।১৪) অসমত মানসিক ৰোগৰ চিকিৎসালয় ক’ত আছে?উত্তৰ: তেজপুৰত।১৫) অসমত সৈনিক স্কুল ক’ত আছে?উত্তৰ: গোৱালপাৰাত।১৬) অসমত অন্ধৰ বাবে বিদ্যালয় ক’ত আছে?উত্তৰ: গুৱাহাটী, নগাঁও, ডিব্ৰুগড়।১৭) অসমত কলা-বোৱাৰ বাবে বিদ্যালয় ক’ত আছে?উত্তৰ: গুৱাহাটী কাহিলীপাৰাত।১৮) অসমত ফৰেষ্ট বিদ্যালয় ক’ত আছে?উত্তৰ: গুৱাহাটী জালুকবাৰীত।১৯) অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক’ত আছে?উত্তৰ: নামৰুপ আৰু বঙাইগাঁও।২০) অসমত ৰাসায়নিক সাৰ কাৰখানা ক’ত আছে?উত্তৰ: নামৰুপত।২১) অসমত চিমেণ্ট কাৰখানা ক’ত আছে?উত্তৰ: বোকাজানত।২২) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান?উত্তৰ: ৩,১২,০৫,৫৭৬ জন।২৩) অসমত কাগজৰ কল ক’ত আছে?উত্তৰ: জাগীৰোড, পাঁচগ্ৰাম।২৪) অসমত মৰাপাটৰ কল ক’ত আছে?উত্তৰ: শিলঘাটত।২৫) “বুৰঞ্জীবিৱেক ৰত্ন” কাৰ ৰচনা?উত্তৰ: মণিৰাম দেৱান।২৬) কিমান চনলৈকে “অৰুণোদই” কাকত খন চলিছিল?উত্তৰ: ১৮৮০।২৭) ইংৰাজী “The pilgrim’s progress” ক “যাত্রিকৰ যাত্ৰা” নাম দি কোনে অনুবাদ কৰিছিল?উত্তৰ: ড° নাথান ব্ৰাউন।২৮) “যোচেফৰ কাহিনী” আৰু “যিশুখৃষ্টৰ জীৱনী” কোনে ৰচনা কৰিছিল?উত্তৰ: ড° নাথান ব্ৰাউন।২৯) “ফুলমণি আৰু কৰুণা” অনুবাদক কোন?উত্তৰ: এ. কে. গাৰ্ণী।৩০) Old Testament ৰ অনুবাদক কোন?উত্তৰ: এ. কে. গাৰ্ণী।৩১) কি ভাষাৰ পৰা Old Testament খন অনুবাদ কৰা হৈছিল?উত্তৰ: হিব্ৰু ভাষাৰ।৩২) “সৰগৰ বিৱৰণ”, “নৰকৰ বিৱৰণ”, আৰু “তীৰ্থৰ বিৱৰণ” – এই ৰচনাসমূহ কাৰ?উত্তৰ: নিধিলিবাই ফাৰোৱেল।৩৩) “পদাৰ্থ-সাৰ” কি বিষয়ক ৰচনা?উত্তৰ: খৃষ্টধৰ্ম প্ৰচাৰ প্ৰত্রিকা।৩৪) “ইংৰাজী অসমীয়া শব্দকোষ” কোনে লিখিছিল?উত্তৰ: শ্ৰীমতী এচ. আৰ. ৱাৰ্ড।৩৫) “ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ” কাৰ ৰচনা?উত্তৰ: শ্ৰীমতী কাট্টাৰ।৩৬) “ইংলেণ্ডৰ বিৱৰণ” ৰ ৰচক কোন?উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।৩৭) “বঙ্গদেশত ৰামমোহন ৰায় যেনে, অসমৰ আনন্দৰাম ঢেকিয়াল ফুকনো তেনে”— কোনে কৈছিল?উত্তৰ: কৰ্ণেল হপকিনচন।৩৮) “কলিভাৰত” কোনে লিখিছিল?উত্তৰ: দুতিৰাম হাজৰিকা।৩৯) “আচাৰ্য সংহতি” আৰু “উৎকল খণ্ড” কাৰ ৰচনা?উত্তৰ: দীননাথ বেজবৰুৱা।৪০) অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?উত্তৰ: আৰ্য।৪১) প্ৰথম অসমীয়া গদ্য সংকলন “কথা গীতা”ৰ ৰচক কোন?উত্তৰ: ভট্টদেৱ।৪২) শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল?উত্তৰ: বজ্ৰাৱলী।৪৩) কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল?উত্তৰ: ১৮৭২ চনত ছাৰ জৰ্জ কেম্পবেলে।৪৪) ছেক্সপিয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট?উত্তৰ: কমেডি অৱ এৰর্স।৪৫) অসমীয়া চুটি গল্পৰ “পিতৃস্বৰুপ” কোন?উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।৪৬) ১৯০০ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ কোনখন উপন্যাস প্ৰথম অসমীয়া উপন্যাস?উত্তৰ: ভানুমতী।৪৭) শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়?উত্তৰ: অংকীয়া নাট।৪৮) সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন?উত্তৰ: বনফুল।৪৯) অসমৰ প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি?উত্তৰ: জয়মতী (১৯৩৫)।৫০) অসমৰ প্ৰথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি?উত্তৰ: ভাইটি (১৯৭২)।