Assamese GK
১) অসম ৰাজ্য ভাৰতৰ কোন দিশে অৱস্থিত?
উত্তৰ:- উত্তৰ-পূব কোণত।
২) অসমৰ উত্তৰে আছে-
উত্তৰ:- ভূটান আৰু অৰুণাচল প্ৰদেশ।
৩) অসমৰ পূবে আছে-
উত্তৰ:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ।
৪) অসমৰ দক্ষিণে আছে-
উত্তৰ:- মিজোৰাম আৰু ত্ৰিপুৰা।
৫) অসমৰ পশ্চিমে আছে-
উত্তৰ:- মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ।
৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ:- বাংলাদেশ।
৭) অসমৰ প্ৰাকৃতিক অঞ্চলকেইটা?
উত্তৰ:- তিনিটা।
৮) অসমৰ মুঠ জিলা কেইখন?*
উত্তৰ:- ৩৫ খন।
৯) ২০১১ চনৰ মতে অসমৰ জনসংখ্যা কিমান?*
উত্তৰ:- ৩,১১,৬৯,২৭২ জন।
১০) ২০১১ চনৰ মতে অসমৰ স্বাক্ষৰতাৰ হাৰ কিমান?*
উত্তৰ:- ৭৩.১৮ শতাংশ।
১১) ২০১১ চনৰ মতে অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ৭৮.৮১ শতাংশ।
১২) ২০১১ চনৰ মতে অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ৬৭.২৭ শতাংশ।
১৩) অসমৰ কোনখন জিলাত জনসংখ্যা বেছি?*
উত্তৰ:- নগাঁও।
১৪) অসমৰ কোনখন জিলাত জনসংখ্যা কম?
উত্তৰ:- ডিমা হাছাও।
১৫) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি?
উত্তৰ:- কামৰূপ।
১৬) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম?
উত্তৰ:- ধুবুৰী।
১৭) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি?
উত্তৰ:- কামৰূপ।
১৮) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব কম?
উত্তৰ:- ডিমা হাছাও।
১৯) অসমৰ কোনখন জিলাত নগৰীয়া জনসংখ্যাৰ অনুপাত বেছি?
উত্তৰ:- কামৰূপ।
২০) অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি?
উত্তৰ:- কাৰ্বি আংলং।
২১) অসমৰ কোনখন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?
উত্তৰ:- তেজপুৰ।
২২) অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়?
উত্তৰ:- শুৱালকুছি।
২৩) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।
২৪) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?*
উত্তৰ:- তেজপুৰ।
২৫) নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ:- খাগৰিজান।
২৬) অসমৰ পুৰণি নাম কি আছিল?
উত্তৰ:- কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ।
২৭) অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ।
২৮) অসমৰ পুৰণি নাম কি?*
উত্তৰ:- কামৰূপ।
২৯) প্ৰাচীন কামৰূপৰ পীঠ কেইটা?
উত্তৰ:- চাৰিটা।
৩০) অসমৰ মাটিকালি কিমান?*
উত্তৰ:- ৭৮৪৩৮ বৰ্গকিলোমিটাৰ।
৩১) অসমৰ ৰাজধানী কি?
উত্তৰ:- দিছপুৰ।
৩২) অসমৰ জাতীয় সংগীত কি?
উত্তৰ:- অ মোৰ আপোনাৰ দেশ।
৩৩) অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
৩৫) অসমৰ জাতীয় জন্তু কি?
উত্তৰ:- এশিঙীয়া গঁড়।
৩৫) অসমৰ জাতীয় উৎসৱ কি?
উত্তৰ:- বিহু।
৩৬) অসমৰ ৰাজ্যিক (জাতীয়) পক্ষী কি?
উত্তৰ:- দেওহাঁহ।
৩৭) অসমৰ ৰাজ্যিক ফুল কি?
উত্তৰ:- কপৌফুল।
৩৮) অসমৰ ৰাজ্যিক বৃক্ষ কি?
উত্তৰ:- হোলোং।
৩৯) অসমৰ ৰাজ্যিক পানীয় কি?
উত্তৰ:- চাহ।
৪০) অসমৰ ৰাজ্যিক জলজ পশু কি?
উত্তৰ:- শিহু।
৪১) অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী প্ৰণেটা কোন?
উত্তৰ:- আহোমসকল।
৪২) আহোমসকল কেতিয়া অসমলৈ আহে?
উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।
৪৩) আহোমৰ প্ৰথম/আদি ৰজা কোন আছিল?*
উত্তৰ:- চুকাফা।
৪৪) আহোম ৰজা চুকাফাৰ ৰাজত্বকাল কিমান?
উত্তৰ:- আনুমানিক ১২২৮-১২৬৮ খ্ৰীষ্টাব্দ।
৪৫) আহোমৰ শেষ ৰজা কোন আছিল?*
উত্তৰ:- পুৰন্দৰ সিংহ।
৪৭) আহোম ৰাজ্য কেতিয়া স্থাপিত হৈছিল?*
উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।
৪৭) কোন চনত চুকাফা অসমলৈ আহিছিল?
উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।
৪৮) আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?
উত্তৰ:- ৬০০ বছৰৰ অধিক (প্ৰায় ৬১০ বছৰ)।
৪৯) আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল?
উত্তৰ:- চৰাইদেউত।
৫০) আহোমসকলৰ আদি বাসস্থান ক’ত আছিল?
উত্তৰ:- চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল।
৫১) আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? নাইবা, আহোমসকল মূলতঃ কোন জাতিৰ মানুহ?
উত্তৰ:- টাই জাতিৰ।
৫৩) আহোমসকলৰ আদি ভাষা কি আছিল?
উত্তৰ:- টাই বা শ্যান।
৫৩) আহোমসকলে পূৰ্ব পুৰুষ সকলৰ স্মৃতিত পৰম্পৰাগত ভাবে পালন কৰা উৎসৱটো কি?
উত্তৰ:- মেদাম-মে-ফি।
৫৪) কোনজন আহোম ৰজাই অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখোৱাইছিল।
উত্তৰ:- চুহুংমুং।
৫৫) হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল?
উত্তৰ:- চুহুংমুং।
৫৬) ‘দিহিঙ্গীয়া ৰজা’ কোন?*
উত্তৰ:- চুহুংমুং।
৫৭) কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্য্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয়?*
উত্তৰ:- চুহুংমুং।
৫৮) স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোমৰ ৰজা কোন আছিল?
উত্তৰ:- চুহুংমুং।
৫৯) কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল?
উত্তৰ:- চুহুংমুং।
৬০) ‘গড়গঞা’ ৰজা কাক আখ্যা দিয়া হয়?
উত্তৰ:- চুক্লেংমুঙক।
৬১) শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?*
উত্তৰ:- ১৬৭১ চনত।
৬২) শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল?
উত্তৰ:- ৰাম সিংহ।
৬৩) শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল?
উত্তৰ:- লাচিত বৰফুকন।
৬৪) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰ:- আহোম আৰু মোগলৰ মাজত।
৬৫) আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?
উত্তৰ:- ইটাখুলিৰ ৰণ।
৬৬) আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?
উত্তৰ:- চুলিকফা (ৰত্নধ্বজ সিংহ)।
৬৭) ৰংঘৰ কোনে সজাইছিল?*
উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহই (১৭৪৬ চনত)।
৬৮) অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল?
উত্তৰ:- বদন বৰফুকনে।
৬৯) নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
৭০) বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল?
উত্তৰ:- প্ৰতাপ সিংহই।
৭১) প্ৰথমজন বৰবৰুৱা কোন আছিল?
উত্তৰ:- মোমাই তামুলী বৰবৰুৱা।
৭২) জয়মতীক শাস্তি দিয়া পথাৰখনৰ নামটো কি আছিল?
উত্তৰ:- জেৰেঙা পথাৰ।
৭৩) কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?
উত্তৰ:- ৰুদ্ৰসিংহই।
৭৪) ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই খনৰ নাম কি?
উত্তৰ:- গড়গাঁও।
৭৬) আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?
উত্তৰ:- জয়সাগৰ পুখুৰী।
৭৬) বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ:- পুষ্য বৰ্মন।
৭৭) বৰ্মন বংশৰ শেষ ৰজা কোন আছিল?
উত্তৰ:- ভাস্কৰ বৰ্মন।
৭৮) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:- ভাস্কৰ বৰ্মন।
৭৯) কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?*
উত্তৰ:- ভাস্কৰ বৰ্মাৰ দিনত।
৮০) ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল?
উত্তৰ:- হৰ্ষবৰ্দ্ধন।
৮১) শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ:- শালস্তম্ভ।
৮২) শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল?
উত্তৰ:- ত্যাগ সিংহ।
৮৩) পাল বংশৰ প্ৰথম ৰজা কোন আছিল?
নাইবা, পাল বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ব্ৰহ্মপাল।
৮৪) পাল বংশৰ শেষ ৰজা কোন আছিল?
উত্তৰ:- জয়পাল।
৮৫) কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- বিশ্বসিংহ।
৮৬) কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰ:- নৰনাৰায়ণ।
৮৭) নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল?
উত্তৰ:- চিলাৰায়।
৮৮) চিলাৰায়ৰ প্ৰকৃত নাম কি?*
উত্তৰ:- শুক্লধ্বজ।
৮৯) চিলাৰায়ক বন্দী কৰা গৌড় ৰজাজন কোন?
উত্তৰ:- চুলেইমান কৰনাণি।
৯০) কোচ ৰাজ্য কেতিয়া বিভাজিত হৈছিল?
উত্তৰ:- ১৫৮১ খ্ৰীষ্টাব্দত।
৯১) হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰায়?
উত্তৰ:- কোচ ৰজা ৰঘুদেৱে।
৯১) কেতিয়াৰ পৰা অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা।
৯৩) ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?*
উত্তৰ:- ১৮২৬ চনত।
৯৪) হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- গিয়াচুদ্দিন আউলিয়াই।
৯৫) মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ কেতিয়া হয়?
উত্তৰ:- ১৭৬৯ চনত।
৯৬) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত।
৯৭) কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল?
উত্তৰ:- গোমধৰ কোঁৱৰে৷
৯৮) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ:- ১৯৪৩ চনৰ ১৫ জুনত।
৯৯) অসমৰ প্ৰথম স্নাতক কোন?
উত্তৰ:- আনন্দৰাম বৰুৱা।
১০০) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।
১০১) প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়াজনৰ নাম কি?
উত্তৰ:- আনন্দৰাম বৰুৱা।
১০২) অসমৰ প্ৰথম কথাছবি পৰিচালক কোন আছিল?
উত্তৰ:- প্ৰমথেশ বৰুৱা।
১০৩) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি?
উত্তৰ:- ড° ফখৰুদ্দিন আলী আহমেদ।
১০৪) অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।
১০৫) প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?*
উত্তৰ:- জয়মতী।
১০৬) প্ৰথম অসমীয়া বোলছবি কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালাই।
১০৭) প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ কিমান চনত মুক্তি লাভ কৰে?*
উত্তৰ:- ১৯৩৫ চনত।
১০৮) প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন আছিল?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
১০৯) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ:- ‘পিয়লি ফুকন’। পৰিচালক ফণী শৰ্মা।
১১০) অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ-
উত্তৰ:- গুৱাহাটী আৰু ছিলং। ১৯৪৮ চনৰ ১ জুলাইত স্থাপিত।
১১১) অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- ডিগবৈ তেল শোধনাগাৰ (১৯০১)।
১১২) শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া কোন আছিল?
উত্তৰ:- মলয়া গোস্বামী।
১১৩) যুদ্ধক্ষেত্ৰলৈ যোৱা অসমৰ প্ৰথম বীৰাঙ্গনা কোন আছিল?
উত্তৰ:- মূলা গাভৰু।
১১৪) স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ (মহিলা) কোন আছিল?
উত্তৰ:- কনকলতা বৰুৱা।
১১৫) অসমৰ প্ৰথম বুৰঞ্জী লেখক কোন আছিল?
উত্তৰ:- হলিৰাম ঢেকিয়াল ফুকন।
১১৬) অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল?
উত্তৰ:- মণিৰাম দেৱান।
১১৭) প্ৰথম অসমীয়া নাট্যকাৰ কোন আছিল?
উত্তৰ:- ব্ৰজনাথ শৰ্মা।
১১৮) প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল?
উত্তৰ:- ধীৰা হাজৰিকা।
১১৯) প্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন?
উত্তৰ:- বাণীকান্ত কাকতি।
১২০) অসমৰ প্ৰথম আৰু একমাত্ৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ী কোন?
উত্তৰ:- ড° ভূপেন হাজৰিকা।
১২১) অসমৰ প্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন আছিল?
উত্তৰ:- পিয়লি ফুকন।
১২২) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
১২৩) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।
১২৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯১৭ চনত।
১২৫) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- শিৱসাগৰত।
১২৬) অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল?
উত্তৰ:- শৰৎ চন্দ্ৰ গোস্বামী।
১২৭) অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন?
উত্তৰ:- কুলধৰ শইকীয়া।
১২৮) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰ:- নলিনীবালা দেৱী।
১২৯) প্ৰথম অসমীয়া সংবাদপত্ৰ খনৰ নাম কি আছিল?
উত্তৰ:- অৰুণোদই।
১৩০) অসমৰ প্ৰথম ছপাশাল-
উত্তৰ:- মিছন প্ৰেছ, শিৱসাগৰ।
১৩১) অসমৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি?
উত্তৰ:- অসম মেডিকেল কলেজ, ডিব্ৰুগড়।
১৩২) প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন?
উত্তৰ:- যদুৰাম ডেকাবৰুৱা।
১৩৩) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?
উত্তৰ:- নলিনীবালা দেৱী।
১৩৪) অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।
১৩৫) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰ:- ১৯৪৮ চনত।
১৩৬) অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ:- গুৱাহাটী বিশ্ববিদ্যালয়।
১৩৭) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?*
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।
১৩৮) অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰ:- দেৱকান্ত বৰুৱা।
১৩৯) অসমৰ প্ৰথম মহিলা মহকুমাধিপতি কোন আছিল?
উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী।
১৪০) অসমৰ প্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল?
উত্তৰ:- গণেশ ফুকন।
১৪১) অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন আছিল?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।
১৪২) অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল?
উত্তৰ:- নলিনীবালা দেৱী।
১৪৩) অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল?
উত্তৰ:- ৰেণুকা দেৱী বৰকটকী।
১৪৪) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন?
উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
১৪৫) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- মৃত্যুঞ্জয়।
১৪৬) ২০২১ চনত জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া ব্যক্তি গৰাকী কোন?
উত্তৰ:- কবি নীলমণি ফুকন।
১৪৭) বড়ো সাহিত্য সভা কেতিয়া গঠিত হয়?
উত্তৰ:- ১৬ নৱেম্বৰ, ১৯৫২ চনত।
১৪৮) প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
১৪৯) প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি?
উত্তৰ:- সেউতী।
১৫০) প্ৰথম কথা-কবিতাৰ ৰচক কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
১৫১) প্ৰথম অসমীয়া কথা-কবিতাৰ পুথিখনৰ নাম কি?
উত্তৰ:- কথা-কবিতা।
১৫২) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- ‘বনকুৱৰী’। কবি চন্দ্ৰকুমাৰ আগৰৱালা।
১৫৩) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- ‘বনফুল’।
১৫৪) ‘বনফুলৰ’ কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
১৫৫) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।
১৫৬) প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি?
উত্তৰ:- বীণ বৰাগী।
১৫৭) প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
উত্তৰ:- সুৰভি।
১৫৮) প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি?
উত্তৰ:- বিলাতৰ চিঠি। লেখক জ্ঞানদাভিৰাম বৰুৱা।
১৫৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- বনফুল। লেখক যতীন্দ্ৰনাথ দুৱৰা।
১৬০) অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি?
উত্তৰ:- ঘৰ জেউতি।
১৬১) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উত্তৰ:- ইয়াৰুইঙ্গম।
১৬২) ‘ইয়াৰুইঙ্গম’ গ্ৰন্থখনৰ লেখক কোন?*
উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
১৬৩) অসমৰ সাহিত্যৰথী কোন?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
১৬৪) অসমৰ উপন্যাস সম্ৰাট কোন?
উত্তৰ:- ৰজনীকান্ত বৰদলৈ।
১৬৫) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ:- ধৰ্ম পুস্তক। লেখক আত্মাৰাম শৰ্মা। ১৮১৩ চন।
১৬৬) অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
উত্তৰ:- ল’ৰা বন্ধু। সম্পাদক কৰুণাভিৰাম বৰুৱা।
১৬৭) অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:- আছাম ট্ৰিবিউন। সম্পাদক লক্ষ্মীনাথ ফুকন।
১৬৮) অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি?*
উত্তৰ:- দৈনিক বাতৰি।
১৬৯) প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ:- অৰুণোদয়। সম্পাদক ড° নাথান ব্ৰাউন।
১৭০) সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্ৰথম নাটখনৰ নাম কি?
উত্তৰ:- শকুন্তলা।
১৭১) আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰ:- ভানুমতী। ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা।
১৭২) বিহগী কবি কোন?
উত্তৰ:- ৰঘুনাথ চৌধাৰী।
১৭৩) প্ৰথম অসমীয়া চনেট কবি কোন?
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী।
১৭৪) প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি?
উত্তৰ:- প্ৰিয়তমাৰ চিঠি।
১৭৫) প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি?
উত্তৰ:- মালচ। কবি হিতেশ্বৰ বৰবৰুৱা।
১৭৬) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ:- প্ৰহ্লাদ চৰিত।
১৭৭) ‘প্ৰহ্লাদ চৰিত’ কোনে ৰচনা কৰিছিল?*
উত্তৰ:- হেম সৰস্বতীয়ে।
১৭৮) অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচোঁতা কোন?
উত্তৰ:- উইলিয়াম ৰবিন্সন। ১৮৩৯ চন।
১৭৯) অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি?
উত্তৰ:- কটন কলেজ। প্ৰতিষ্ঠাপক হেনৰী কটন।
১৮০) আৱাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- দীননাথ শৰ্মা।
১৮১) অসমীয়া ভাষা উন্নতি সাধিনী (অ. ভা. উ. সা.) সভা কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৮৮৮ চনৰ ২৫ আগষ্ট, কলিকতাত।
১৮২) জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।
১৮৩) বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
১৮৪) ‘চিৰ চেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ:- সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।
১৮৫) অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?*
উত্তৰ:- যুগল দাসে।
১৮৬) ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ:- নলিনীবালা দেৱী।
১৮৭) অসমীয়া নাট্য-সাহিত্যৰ জনক কোন?
উত্তৰ:- শংকৰদেৱ।
১৮৮) শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি?
উত্তৰ:- চিহ্ন-যাত্ৰা।
১৮৯) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
উত্তৰ:- গোলাম। গল্পকাৰ সৌৰভ কুমাৰ চলিহা।
১৯০) দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ:- সাগৰ দেখিছা।
১৯১) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ:- লুইতৰ পাৰৰ অগ্নিসুৰ।
১৯২) অসমীয়া ব্যাস কোন?
উত্তৰ:- ৰাম সৰস্বতী।
১৯৩) সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন?
উত্তৰ:- লক্ষ্মীনন্দন বৰা।
১৯৪) চাহ উৎপাদনত পৃথিৱীৰ ভিতৰত অসমৰ স্থান কি?
উত্তৰ:- প্ৰথম।
১৯৫) অসমীয়া ভাষাৰ উদ্ভৱকাল কিমান?
উত্তৰ:- দশম শতিকা।
১৯৬) জনবসতি থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?
উত্তৰ:- মাজুলী।
১৯৭) পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি?
উত্তৰ:- উমানন্দ।
১৯৮) ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল?
উত্তৰ:- ২৮৮০ কিলোমিটাৰ।
১৯৯) ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি?
উত্তৰ:- শৰাইঘাট দলং।
২০০) ৰে’ল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্ৰথম দলংখনৰ নাম কি?
উত্তৰ:- শৰাইঘাট দলং।
২০১) শৰাইঘাট দলংখনৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১২৯৫ মিটাৰ (১.২৯ কিলোমিটাৰ)।
২০২) শৰাইঘাট দলংখনৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৬০ চনৰ ১০ জানুৱাৰীত।
২০৩) কেতিয়া শৰাইঘাট দলংখনৰ ৰে’ল পথটো মুকলি কৰা হয়?
উত্তৰ:- ১৯৬২ চনৰ অক্টোবৰ মাহত।
২০৪) নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ২.৩ কিলোমিটাৰ।
২০৫) বগীবিল দলংখন কোনে, কেতিয়া শুভাৰম্ভ কৰিছিল?
উত্তৰ:- ২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
২০৬) ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি?
উত্তৰ:- ভূপেন হাজৰিকা সেতু।
২০৭) ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান?
উত্তৰ:- ৬০ টন।
২০৮) ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে?
উত্তৰ:- ধলা-শদিয়াক।
২০৯) ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে?
উত্তৰ:- ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
২১০) অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯২০ চনত।
২১১) ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৪২ চনত।
২১২) অসমে কেতিয়া স্বাধীনতা লাভ কৰে?
উত্তৰ:- ১৯৪৭ চনৰ ১৫ আগষ্টত।
২১৩) স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ।
২১৪) অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উত্তৰ:- ১২৬ খন।
২১৫) লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
উত্তৰ:- ১৪ জন।
২১৬) অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ:- ৭ জন।
২১৭) অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয়? নাইবা, অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন ক’ত পোৱা যায়?
উত্তৰ:- চর্যাপদত।
২১৮) মহাপুৰুষ শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?*
উত্তৰ:- ১৪৪৯ খ্ৰীষ্টাব্দত।
২১৯) শংকৰদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰ:- নগাঁৱৰ বৰদোৱাত।
২২০) শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:- ১৫৬৮ খ্ৰীষ্টাব্দত।
২২১) শংকৰদেৱৰ মৃত্যু ক’ত হৈছিল?
উত্তৰ:- কোচবিহাৰৰ ভেলা মধুপুৰত।
২২২) শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ:- পিতৃ- কুসুম্বৰ ভূঞা।
মাতৃ- সত্যসন্ধ্যা দেৱী।
২২৩) শংকৰদেৱৰ গুৰুজনাৰ নাম কি আছিল?*
উত্তৰ:- মহেন্দ্ৰ কন্দলি।
২২৪) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন?
উত্তৰ:- মাধৱদেৱ।
২২৫) শংকৰদেৱৰ প্ৰথম ৰচনা কি?
উত্তৰ:- হৰিশচন্দ্ৰ উপাখ্যান।
২২৬) অসমত প্ৰচলিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰ:- ১৯১ টা।
২২৭) মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰ:- ১৫৭ টা।
২২৮) শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰ:- ৩৪ টা
২২৯) শংকৰদেৱে প্ৰথম বৰগীতটি ক’ত ৰচনা কৰিছিল?
উত্তৰ:- বদৰিকাশ্ৰমত।
২৩০) ‘কীৰ্তন-ঘোষা’ কোনে ৰচনা কৰিছিল?
উত্তৰ:- শংকৰদেৱে।
২৩১) ‘গুণমালা’ পুথিখন কাৰ ৰচনা?
উত্তৰ:- শংকৰদেৱৰ।
২৩২) শংকৰদেৱে একে ৰাতিৰ ভিতৰত ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?*
উত্তৰ:- গুণমালা।
২৩২) ড° বাণীকান্ত কাকতিয়ে বৰগীতক কি বুলি আখ্যা দিছে?
উত্তৰ:- Noble numbers.
২৩৩) মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ:- ১৪৮৯ চনত।
২৩৪) ‘নাম-ঘোষা’ কোনে ৰচনা কৰিছিল?*
উত্তৰ:- মাধৱদেৱে।
২৩৫) নামঘোষাৰ আন এটা নাম কি?
উত্তৰ:- হেজাৰী ঘোষা।
২৩৬) কালিৰাম মেধিয়ে বৰগীতক কি বুলি আখ্যা দিছে?
উত্তৰ:- great song.
২৩৭) দেবেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি বুলি আখ্যা দিছে।
উত্তৰ:- Holy song.
২৩৮) ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি?
উত্তৰ:- বন্দে মাতৰম।
২৩৯) ‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন?
উত্তৰ:- বংকিম চন্দ্ৰ চেটাৰ্জী।
২৪০) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি?
উত্তৰ:- জন-গণ-মন।
২৪১) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।
২৪২) অইনিঃতম কোন জনগোষ্ঠীৰ সংস্কৃতি?
উত্তৰ:- মিচিংসকলৰ।
২৪৩) আলি আই-লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ?*
উত্তৰ:- মিচিংসকলৰ।
২৪৪) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।
২৪৫) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলে।
২৪৬) চ’মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
২৪৭) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?*
উত্তৰ:- বড়ো।
২৪৮) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
২৪৯) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
উত্তৰ:- ৰাভাসকলৰ।
২৫০) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।
২৫১) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?*
উত্তৰ:- Rafale Fighter Jet.
২৫২) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?*
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।
২৫৩) হাৱা মহল ক’ত অৱস্থিত?*
উত্তৰ:- জয়পুৰত।
২৫৪) অসমৰ চিমেণ্ট কাৰখানা ক’ত আছে?
উত্তৰ:- বোকাজান।
২৫৫) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?*
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।
২৫৬) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।
২৫৭) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?*
উত্তৰ:- অমিত শ্বাহ।
২৫৮) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।
২৫৯) অৰ্জুন বঁটা ক’ত দিয়া হয়?*
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।
২৬০) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।
২৬১) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।
২৬২) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।
২৬৩) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?*
উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।
২৬৪) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন’বেল বঁটা পাইছিল?*
উত্তৰ:- ১৯১৩ চনত।
২৬৫) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী।
২৬৬) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন?
উত্তৰ:- ড° সত্যেন্দ্ৰ নাথ শৰ্মা।
২৬৭) গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ:- তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।
২৬৮) মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ:- তেজপুৰত।
২৬৯) অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?
উত্তৰ:- বৰাইল পাহাৰ।
২৭০) অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
উত্তৰ:- ধুবুৰী।
২৭১) অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ:- শিলঘাট।
২৭২) অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে?
উত্তৰ:- দেৰগাঁওত।
২৭৩) অসমত সাৰ কাৰখানা ক’ত আছে?
উত্তৰ:- নামৰূপত।
২৭৪) অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
উত্তৰ:- বোকাজান।
২৭৫) কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ?
উত্তৰ:- সৰ্থেবাৰী।
২৭৬) অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ:- চাবুৱা।
২৭৭) অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰে’ল ষ্টেচনটো কি?
উত্তৰ:- উত্তৰ কাছাৰ জিলাত থকা জাতিংগা।
২৭৮) কেতিয়া অসমত প্ৰথম ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:- ১৮৮২ চনত।
২৭৯) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?*
উত্তৰ:- ১৯২১ চনত।
২৮০) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ:- বসন্ত দাস।
২৮১) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮২৩ চনত।
২৮২) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?
উত্তৰ:- খৰ্গেশ্বৰ তালুকদাৰ।
২৮৩) চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- বীৰপাল।
২৮৪) অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?
উত্তৰ:- ১৫৪৮ চনত।
২৮৫) পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ:- ১৯০১ চনৰ পৰা।
২৮৬) ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল?
উত্তৰ:- ১৮৬৬ চনৰ পৰা।
২৮৭) জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহই।
২৮৮) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ:- আকবৰ হাইদৰী।
২৮৯) অসমৰ বৰ্তমান ৰাজ্যপাল জনৰ নাম কি?
উত্তৰ:- জগদীশ মুখী।
২৯০) অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
উত্তৰ:- ভাস্কৰ বৰ্মন।
২৯১) অসমৰ প্ৰথম ব্ৰিটিছ চীফ কমিছনাৰ কোন আছিল?
উত্তৰ:- কলোনেল কীটিং।
২৯২) ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?
উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।
২৯৩) ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?
উত্তৰ:- বায়খো।
২৯৪) কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকাখন অংকন কৰিছিল?
উত্তৰ:- নিপ বৰুৱা।
২৯৫) তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?
উত্তৰ:- গামোছা।
২৯৬) সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উত্তৰ:- ২০০০ চনত।
২৯৭) শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?
উত্তৰ:- একশৰণ বৈষ্ণৱ ধৰ্ম।
২৯৮) অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ।
২৯৯) কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?
উত্তৰ:- ১৯৬০ চনত।
৩০০) অসমীয়া চুটিগল্পৰ জনক কোন?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
৩০১) ‘শোণিত কুঁৱৰী’ নাটকখনৰ লেখক কোন?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
৩০২) ‘কাৰেঙৰ লিগিৰী’ নাটখনৰ ৰচক কোন?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
৩০৩) ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ:- বাল্মিকীয়ে।
৩০৪) ‘ৰামায়ণ’ কোনে প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:- মাধৱ কন্দলীয়ে।
৩০৫) অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ:- ৰজনীকান্ত বৰদলৈক।
৩০৬) অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্ৰকাশিত হৈছিল?*
উত্তৰ:- ১৮৪৬ চনত।
৩০৭) উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰ : যোৰহাটৰ টোকোলাইত।
৩০৮) অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান?
উত্তৰ:- কাকজান চাহ প্ৰতিষ্ঠান।
৩০৯) ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?
উত্তৰ:- ৫৫ শতাংশ।
৩১০) অসমত ‘চাহ বাগিছাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ:- চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।
৩১১) পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি আৰু ই ক’ত অৱস্থিত?
উত্তৰ:- ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’।
যোৰহাটৰ টোকোলাইত অৱস্থিত।
৩১২) অসমৰ বৃহত্তম বৃক্ষ ডালৰ নাম কি?
উত্তৰ:- হোলোং।
৩১৩) সোণাই-ৰূপাই অভয়াৰণ্যখন ক’ত অৱস্থিত?
উত্তৰ:- শোণিতপুৰ জিলাত।
৩১৪) অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ:- মানাহ ৰাষ্ট্ৰীয় উদ্যান।
৩১৫) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?
উত্তৰ- মালিগাঁৱত।
৩১৬) পঃৰাগ কোন জনগোষ্ঠীৰ উৎসৱ?*
উত্তৰ:- মিচিং।
৩১৭) সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?*
উত্তৰ:- কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে।
৩১৮) মিৰজুমলাই কেতিয়া আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল?
উত্তৰ:- ১৬৬২ খ্ৰীষ্টাব্দত।
৩১৯) স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল?
উত্তৰ:- লৰ্ড ডেলহাউচীয়ে।
৩২০) ভাৰতত ৰে’ল লাইন, টেলিগ্ৰাফ, ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰ:- লৰ্ড ডেলহাউচীয়ে।
৩২১) মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা হৈছিল?
উত্তৰ:- ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰত।
৩২২) পাণিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?*
উত্তৰ:- ১৫২৬ খ্ৰীষ্টাব্দত।
৩২৩) হুমায়ুনৰ পিতৃ কোন?
উত্তৰ:- বাবৰ।
৩২৪) পাণিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?*
উত্তৰ:- ১৫৫৬ খ্ৰীষ্টাব্দত।
৩২৫) কাৰ দিনত ৰংঘৰ নিৰ্মাণ হৈছিল?*
উত্তৰ:- প্ৰমত্ত সিংহৰ।
৩২৬) গৌতম বুদ্ধৰ ক’ত জন্ম হৈছিল?*
উত্তৰ:- লুম্বিনীত।
৩২৭) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?*
উত্তৰ:- গদাধৰ সিংহই।
৩২৮) বংগ বিভাজন কোনে কৰিছিল?
উত্তৰ:- লৰ্ড কাৰ্জন।
৩২৯) অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল?
উত্তৰ:- মহম্মদ বিন বখতিয়াৰ।
৩৩০) অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল?*
উত্তৰ:- মহম্মদ বিন বখতিয়াৰ।
৩৩১) মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১২০৬ খ্ৰীষ্টাব্দত।
৩৩২) কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিল?
উত্তৰ:- সন্ধ্যা।
৩৩৩) নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল?
উত্তৰ:- ৰুদ্ৰসিংহই।
৩৩৪) গড়গাঁৱৰ কাৰেং ঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- প্ৰমত্ত সিংহই।
৩৩৫) কাৰেং ঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহই।
৩৩৬) বৰ্তমানৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহই।
৩৩৭) ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?*
উত্তৰ:- সমুদ্ৰ গুপ্তক।
৩৩৮) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল?*
উত্তৰ:- এনি বেছাণ্ট।
৩৩৯) পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?*
উত্তৰ:- ১৮৯৪ চনত।
৩৪০) মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল?*
উত্তৰ:- ১৯২১ চনত।
৩৪১) অৰ্থশাস্ত্ৰৰ লেখক কোন?*
উত্তৰ:- চাণক্য।
৩৪২) অসমত কিমান চনত ৰে’ল লাইন স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৮৮৫ চনত।
৩৪৩) উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?
উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।
৩৪৪) কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবিখনৰ পৰিচালক কোন?
উত্তৰ:- সাগৰলৈ বহু দূৰ। পৰিচালক জাহ্নু বৰুৱা।
৩৪৫) অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?
উত্তৰ:- ১৯৮২ চনৰ ১৯ নৱেম্বৰত।
৩৪৬) কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?
উত্তৰ:- নিপ বৰুৱাই।
৩৪৭) কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?
উত্তৰ:- চামেলি মেমচাব।
৩৪৮) ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?
উত্তৰ:- বিজয় চৌধুৰী।
৩৪৯) ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি?
উত্তৰ:- পিয়লি ফুকন।
৩৫০) প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
উত্তৰ:- আইদেউ সন্দিকৈ।
৩৫১) প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন?
উত্তৰ:- ইটো সিটো বহুতো।
৩৫২) গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।
৩৫৩) ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?
উত্তৰ:- জাভেদ জামান।
৩৫৪) ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপিত হয়?
উত্তৰ:- ১৭ অক্টোবৰত।
৩৫৫) কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯৮৩ চনত।
৩৫৬) সেনা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১৫ জানুৱাৰী তাৰিখে।
৩৫৭) শিল্পী দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১৭ জানুৱাৰীত।
৩৫৮) ভাৰতৰ গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ২৬ জানুৱাৰীত।
৩৫৯) মেদাম-মে-ফি দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৩১ জানুৱাৰীত।
৩৬০) বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৫ জুনত।
৩৬১) বছৰৰ আটাইতকৈ দীঘল দিন কোনটো?*
উত্তৰ:- ২১ জুন।
৩৬২) অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১ অক্টোবৰত।
৩৬৩) অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১৭ অক্টোবৰত।
৩৬৪) বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১ ডিচেম্বৰত।
৩৬৫) চুকাফা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ২ ডিচেম্বৰত।
৩৬৬) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি।
৩৬৭) অসম ৰত্ন লাভ কৰোঁতা প্ৰথম অসমীয়া কোন?
উত্তৰ:- ড° ভূপেন হাজৰিকা।
৩৬৮) অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?
উত্তৰ:- মামণি ৰয়ছম গোস্বামী।
৩৬৯) প্ৰথম অসমীয়া ভাৰতৰ মুখ্য ন্যায়াধীশ কোন?
উত্তৰ:- ৰঞ্জন গগৈ।
৩৭০) বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰ:- হিমা দাস (২০১৮)।
৩৭১) অসমৰ বৃহত্তম বিমান বন্দৰটোৰ নাম কি?
উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, গুৱাহাটী।
৩৭২) অসমৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?
উত্তৰ:- মাজুলী। মাটিকালি ৮৮০ বৰ্গকিলোমিটাৰ।
৩৭৩) অসমৰ বৃহত্তম চিৰিয়াখানাটোৰ নাম কি?
উত্তৰ:- অসম ৰাজ্যিক চিৰিয়াখানা, গুৱাহাটী।
৩৭৪) অসমৰ দীৰ্ঘতম দলংখনৰ নাম কি?
উত্তৰ:- ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া দলং)। দৈৰ্ঘ্য- ৯.১৫ কিলোমিটাৰ।
৩৭৫) অসমৰ লগতে ভাৰতৰ প্ৰাচীনতম শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- ডিগবৈ শোধনাগাৰ (১৯০১)।
৩৭৬) অসমৰ উচ্চতম মন্দিৰ কি?
উত্তৰ:- শিৱদৌল।
৩৭৭) অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উত্তৰ:- ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
৩৭৮) অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
৩৭৯) অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি?
উত্তৰ:- গৰম পানী অভয়াৰণ্য।
৩৮০) অসমৰ ক্ষুদ্ৰতম পক্ষী অভয়াৰণ্যখনৰ নাম কি?
উত্তৰ:- দীপৰ বিল পক্ষী অভয়াৰণ্য।
৩৮১) অসমৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি?
উত্তৰ:- উমানন্দ।
৩৮২) অসমৰ ক্ষুদ্ৰতম জিলা কি?
উত্তৰ:- দক্ষিণ শালমাৰা-মানকাচাৰ।
৩৮৩) অসমৰ বৃহত্তম জিলা কি?
উত্তৰ:- কাৰ্বি আংলং।
৩৮৪) National Science day is observed on?
Ans:- 28th February.
৩৮৫) International Yoga day celebration on?
Ans:- 21st June.
৩৮৬) India’s 1st setellite?
উত্তৰ:- আৰ্যভট্ট।
৩৮৭) মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ৰজা বিম্বিসাৰ।
৩৮৮) চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ৩২১-ত।
৩৮৯) শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।
উত্তৰ:- চন্দ্ৰগুপ্ত মৌৰ্যক।
৩৯০) অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ২৬১-ত।
৩৯১) মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- চন্দ্ৰগুপ্ত মৌৰ্য।
৩৯২) গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?
উত্তৰ:- পাটলিপুত্ৰ।
৩৯৩) ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?
উত্তৰ:- মৌৰ্যবংশ।
৩৯৪) বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰ:- দ্বিতীয় চন্দ্ৰগুপ্তই।
৩৯৫) কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ:- ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।
৩৯৬) ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰপথ আৱিস্কাৰ কৰিছিল?
উত্তৰ:- ১৪৯৮ খ্ৰীষ্টাব্দত।
৩৯৭) কণিষ্ক কোনটো বংশৰ লোক আছিল?
উত্তৰ:- কুষাণ।
৩৯৮) গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?
উত্তৰ:- অজন্তা গুহা চিত্ৰ।
৩৯৯) কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?
উত্তৰ:- গুপ্ত বংশত।
৪০০) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল?*
উত্তৰ:- মংগল পাণ্ডে।
৪০১) ভাৰতত ডাক টিকট কোনে প্ৰচলন কৰিছিল?
উত্তৰ:- লৰ্ড ডেলহাউচীয়ে।
৪০২) ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৮৮৫ চনত।
৪০৩) জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল?
উত্তৰ:- তুজক-ই-জাহাংগীৰি।
৪০৪) ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল?*
উত্তৰ:- ৰেজিয়া চুলতানা।
৪০৫) NRC ৰ সম্পূৰ্ণ নাম কি?*
উত্তৰ:- National Register of Citizens.
৪০৬) ‘My Experiments with truth” গ্ৰন্থখনৰ লেখক কোন?*
উত্তৰ:- মহাত্মা গান্ধী।
৪০৭) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- উমেশ চন্দ্ৰ বেনাৰ্জী।
৪০৮) National voters day-*
Ans:- ২৫ জানুৱাৰী।
৪০৯) ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল?*
উত্তৰ:- ১৯০১ চনত।
৪১০) পোৱা মক্কা ক’ত অৱস্থিত?*
উত্তৰ:- হাজোত।
৪১১) Where is the North East Police academy located?*
Ans:- মেঘালয়।
৪১২) Full form of DRDO?*
Ans:- Defence Reaserch and development organisation.
৪১৩) Who is the music director of the movie Chameli memsaab?*
Ans:- ভূপেন হাজৰিকা।
৪১৪) অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- মহীৰংগ দানৱ।
৪১৫) কোন চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল?*
উত্তৰ:- ২ অক্টোবৰ, ১৮৬৯ চনত।
৪১৬) আহোমৰ মুদ্ৰাবোৰৰ আকাৰ কি আছিল?
উত্তৰ:- আঠ চুকীয়া।
৪১৭) আহোম ৰাজত্বৰ সময়ছোৱাৰ প্ৰধান নগৰ কি আছিল?
উত্তৰ:- গড়গাঁও।
৪১৮) হস্তীবিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- সুকুমাৰ বৰকাইথ।
৪১৯) পাইক প্ৰথা কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- প্ৰতাপ সিংহই।
৪২০) অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে গ্ৰহণ কৰিছিল?
উত্তৰ:- মণিৰাম দেৱানে।
৪২১) চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:- ১৮৫৭ চনত।
৪২২) মূলা গাভৰুৱে কোনজন তুৰ্কী সেনাপতিৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল?
উত্তৰ:- তুৰ্বক খান।
৪২৩) অসমৰ পাহাৰীয়া জিলা দুখন কি কি?
উত্তৰ:- কাৰ্বি আংলং, উত্তৰ কাছাৰ।
৪২৪) অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচাখনৰ নাম কি?
উত্তৰ:- গুঞ্জং।
৪২৫) অসমত কফি গৱেষণা কেন্দ্ৰ ক’ত আছে?
উত্তৰ:- ডিফুত।
৪২৬) ডিগবৈৰ তৈলক্ষেত্ৰ কেতিয়া আৱিষ্কাৰ হয়?
উত্তৰ:- ১৮৭৯ চনত।
৪২৭) ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে?
উত্তৰ:- বঙাইগাঁও আৰু গোৱালপাৰা।
৪২৮) গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো কোন চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭০ চনত।
৪২৯) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়?
উত্তৰ:- ১৯৮৫ চনত।
৪৩০) কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়?
উত্তৰ:- ১৯৭৪ চনত।
৪৩১) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?
উত্তৰ:- চিৰাং আৰু বাক্সা জিলাত।
৪৩২) উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি?
উত্তৰ:- গুৱাহাটী।
৪৩৩) কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়?
উত্তৰ:- ১৯৭২ চনত।
৪৩৪) কাৰ্বি মালভূমিৰ সু-উচ্চ শৃংগটোৰ নাম কি?
উত্তৰ:- সিংহাসন।
৪৩৫) কোনখন ঠাই পক্ষীৰ অদ্ভূত আত্মহননৰ বাবে বিখ্যাত?
উত্তৰ:- জাতিংগা।
৪৩৬) অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
উত্তৰ:- পাঁচখন।
৪৩৭) অসমৰ সৰ্বোচ্চ শৃংগটো কি?
উত্তৰ:- নামচা বুৰুৱা।
৪৩৮) অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে?
উত্তৰ:- গোলাঘাট।
৪৩৯) NSO ই প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান?
উত্তৰ:- ৮৫.৯ শতাংশ।
৪৪০) কোনখন ঠাই দেশৰ ভিতৰতে সাক্ষৰতাৰ তালিকাত শীৰ্ষ স্থানত আছে?
উত্তৰ:- কেৰেলা।
৪৪১) দেশৰ ভিতৰতে সাক্ষৰতাৰ তালিকাত সৰ্বনিম্ন স্থানত থকা ৰাজ্যখন কি?
উত্তৰ:- অন্ধ্ৰ প্ৰদেশ।
৪৪২) কিমান চনত ভাৰতত ডাক সেৱাৰ প্ৰৱৰ্তন কৰা হয়?
উত্তৰ:- ১৮৩৭ চনত।
৪৪৩) ভাৰতত সৰ্বমুঠ কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে?
উত্তৰ:- ৫৬ টা।
৪৪৪) টেলিভিছন বা দূৰদৰ্শন সেৱা প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা আৰম্ভ হয়?
উত্তৰ:- ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত দিল্লীত।
৪৪৫) দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় ৰঙীন কাৰ্যসূচী কেতিয়াৰ পৰা আৰম্ভ হয়?
উত্তৰ:- ১৯৮২ চনৰ ২৫ এপ্ৰিলত।
৪৪৬) ভাৰতত ইণ্টাৰনেট সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়?
উত্তৰ:- ১৯৯৫-৯৬ চনৰ পৰা।
৪৪৭) কেতিয়া ভাৰতৰ সংবিধান গৃহীত হয়?
উত্তৰ:- ১৯৫০ চনৰ ২৬ জানুৱাৰীত।
৪৪৮) ভাৰতৰ সংবিধানত কিমানটা অনুচ্ছেদ আছে?
উত্তৰ:- ৩৯৫ টা।
৪৪৯) ভাৰতৰ সংবিধানত কিমানটা অনুসূচী আছে?
উত্তৰ:- ১২ টা।
৪৫০) ভাৰতৰ সংবিধানত কিমানটা অধ্যায় আছে?
উত্তৰ:- ২২ টা।
৪৫১) ভাৰতত কিমানখন ৰাজ্য আছে?
উত্তৰ:- ২৯ খন।
৪৫২) ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি?
উত্তৰ:- বাঘ।
৪৫৩) ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি?
উত্তৰ:- ময়ূৰ।
৪৫৪) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?
উত্তৰ:- অশোক স্তম্ভ।
৪৫৫) ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
উত্তৰ:- পদুম।
৪৫৬) ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি?
উত্তৰ:- বটগছ।
৪৫৭) ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি?
উত্তৰ:- আম।
৪৫৮) ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি?
উত্তৰ:- হকী।
৪৫৯) ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি?
উত্তৰ:- গঙ্গা।
৪৬০) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি?
উত্তৰ:- শিশু।
৪৬১) কোনে, কেতিয়া মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- চন্দ্ৰ গুপ্তই, খ্ৰীষ্টপূৰ্ব ৩২১-ত।
৪৬২) কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:- কণিষ্ক।
৪৬৩) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- শ্ৰী গুপ্ত।
৪৬৪) কোনখিনি সময়ক ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়?
উত্তৰ:- গুপ্ত সাম্ৰাজ্যৰ কালছোৱাক।
৪৬৫) কেতিয়া বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰে?
উত্তৰ:- ১৫২৬ চনত।
৪৬৬) কেতিয়া পলাশীৰ যুদ্ধ হয়?
উত্তৰ:- ১৭৫৭ চনত।
৪৬৭) কাৰ নেতৃত্বত আৰু কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ হয়?
উত্তৰ:- মহাত্মা গান্ধীৰ নেতৃত্বত, ১৯৩০ চনত।
৪৬৮) ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- জৱাহৰলাল নেহৰু।
৪৬৯) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন?
উত্তৰ:- নৰেন্দ্ৰ মোদী।
৪৭০) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ:- ৰাজেন্দ্ৰ প্ৰসাদ।
৪৭১) ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- ৰাম নাথ কোবিন্দ।
৪৭২) মণিপুৰৰ ৰাজধানী কি?
উত্তৰ:- ইম্ফল।
৪৭৩) মেঘালয়ৰ ৰাজধানী কি?
উত্তৰ:- শ্বিলং।
৪৭৪) নাগালেণ্ডৰ ৰাজধানী কি?
উত্তৰ:- কহিমা।
৪৭৫) উৰিষ্যাৰ ৰাজধানী কি?
উত্তৰ:- ভূৱনেশ্বৰ।
৪৭৬) অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
উত্তৰ:- ইটানগৰ।
৪৭৭) ত্ৰিপুৰাৰ ৰাজধানী কি?
উত্তৰ:- আগৰতলা।
৪৭৮) বিহাৰৰ ৰাজধানী কি?
উত্তৰ:- পাটনা।
৪৭৯) ৰাজস্থানৰ ৰাজধানী কি?
উত্তৰ:- জয়পুৰ।
৪৮০) কুটুবমিনাৰ ক’ত অৱস্থিত?
উত্তৰ:- দিল্লীত।
৪৮১) তাজমহল ক’ত অৱস্থিত?
উত্তৰ:- আগ্ৰাত।
৪৮২) ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ:- মুম্বাইত।
৪৮৩) অভিজ্ঞান শকুন্তলম গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- কালিদাস।
৪৮৪) ভাৰতৰ প্ৰথম ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন?
উত্তৰ:- লৰ্ড উইলিয়াম বেণ্টিংক।
৪৮৫) স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন?
উত্তৰ:- লৰ্ড মাউণ্টবেটেন।
৪৮৬) ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন?
উত্তৰ:- হিৰালাল জে কানিয়া।
৪৮৭) এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- টেনজিং নৰ্গে।
৪৮৮) ন’বেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।
৪৮৯) প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ:- ৰাজা হৰিশচন্দ্ৰ।
৪৯০) ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন?
উত্তৰ:- দাদাচাহেব ফাল্কে।
৪৯১) প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- সুচেতা কৃপালিনী।
৪৯২) প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল?
উত্তৰ:- সৰোজিনী নাইডু।
৪৯৩) ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন?
উত্তৰ:- ইন্দিৰা গান্ধী।
৪৯৪) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন?
উত্তৰ:- কমলজিৎ সান্ধু।
৪৯৫) ভাৰতৰ প্ৰথম মহিলা আই পি এছ বিষয়া কোন?
উত্তৰ:- কিৰণ বেদি।
৪৯৬) প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন?
উত্তৰ:- ৰাকেশ শৰ্মা।
৪৯৭) প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন?
উত্তৰ:- কল্পনা চাওলা।
৪৯৮) ভাৰতৰ প্ৰথম বাতৰি-কাকতখনৰ নাম কি?*
উত্তৰ:- বেঙ্গল গেজেট।
৪৯৯) অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- ভানু আঠাইয়া।
৫০০) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন?
উত্তৰ:- বিজয়লক্ষ্মী পণ্ডিত।
৫০১) ভাৰতৰ প্ৰথম মহিলা ভাৰতৰত্ন কোন?
উত্তৰ:- ইন্দিৰা গান্ধী।
৫০২) ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন?
উত্তৰ:- আশাপূৰ্ণা দেৱী।
৫০৩) ভাৰতৰ প্ৰথম মহিলা পাইলট কোন?
উত্তৰ:- প্ৰেম মাথুৰ।
৫০৪) প্ৰথম ভাৰতীয় টেষ্ট ক্ৰিকেট খেলুৱৈ কোন?
উত্তৰ:- ৰঞ্জিত সিংজী।
৫০৫) টেষ্ট মেচত শতাধিক ৰাণ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- ৰঞ্জিত সিংজী।
৫০৬) টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰাণ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- সুনীল গাভাস্কাৰ।
৫০৭) অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- অভিনৱ বিন্দ্ৰা।
৫০৮) ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- প্ৰতিভা দেৱী সিং পাটিল।
৫০৯) ‘ইনক্লাব জিন্দাবাদ’ শ্লোগান দিয়া প্ৰথম ভাৰতীয় কোন?
উত্তৰ:- ভগৎ সিং।
৫১০) ভাৰতৰ উচ্চতম বিমানবন্দৰটোৰ নাম কি?
উত্তৰ:- লাডাখৰ লেহ বিমানবন্দৰ।
৫১১) ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি?
উত্তৰ:- অমৰনাথ গুহা।
৫১২) ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি?
উত্তৰ:- সুন্দৰবন।
৫১৩) ভাৰতৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?
উত্তৰ:- মাজুলী।
৫১৪) ভাৰতৰ বৃহত্তম মৰুভূমি কি?
উত্তৰ:- থৰ মৰুভূমি।
৫১৫) ভাৰতৰ দীৰ্ঘতম নদী কি?
উত্তৰ:- গংগা।
৫১৬) শ্ৰীকৃষ্ণই অসমৰ কোনজন ৰজাৰ লগত যুদ্ধ কৰিছিল?*
উত্তৰ:- বাণ ৰজা।
৫১৭) খেলো ইণ্ডিয়াৰ বয়সৰ সময়সীমা কিমান?*
উত্তৰ:- ১৭ ৰ পৰা ২১ লৈ।
৫১৮) কোনে বৰফুকন পদৰ সৃষ্টি কৰিছিল?*
উত্তৰ:- প্ৰতাপ সিংহই।
৫১৯) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গৱৰ্ণৰ কোন?*
উত্তৰ:- শক্তি কান্ত দাস।
৫২০) অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে?
উত্তৰ:- গদাধৰ সিংহই।
৫২১) কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ:- লক্ষ্মীসিংহৰ দিনত।
৫২২) শিৱসাগৰত কাৰেং ঘৰ কোনে সজাইছিল?
উত্তৰ:- প্ৰমত্ত সিংহই।
৫২৩) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰ:- লাইকোঁৱৰ (চুখ্ৰামফা)।
৫২৪) অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল?
উত্তৰ:- কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক।
৫২৫) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৯৮৫ চনৰ ১৫ আগষ্টত।
৫২৬) অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?
উত্তৰ:- হলিৰাম ডেকা।
৫২৭) অসমৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।
৫২৮) ৰাষ্ট্ৰপতি পদ্ম বিভূষণ সন্মান পোৱা প্ৰথম অসমীয়া কোন?
উত্তৰ:- বিমলা প্ৰসাদ চলিহা।
৫২৯) অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উত্তৰ:- মিকিৰ পাহাৰ।
৫৩০) এৰি, মুগা আৰু পাটৰ কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উত্তৰ:- কামৰূপ জিলাৰ শুৱালকুছি।
৫৩১) পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
উত্তৰ:- হাজো।
৫৩২) কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
উত্তৰ:- সৰ্থেবাৰী।
৫৩৩) হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
উত্তৰ:- বৰপেটা।
৫৩৪) অসমত চাহগছ কোনে আৱিষ্কাৰ কৰে?
উত্তৰ:- চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচে।
৫৩৫) অসমত মঞ্চৰ জন্মদাতা কোন?
উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ।
৫৩৬) প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন?
উত্তৰ:- নটৰাজ থিয়েটাৰ।
৫৩৭) প্ৰমথেশ বৰুৱা পৰিচালিত প্ৰথম চলচ্চিত্ৰ কি?
উত্তৰ:- দেৱদাস।
৫৩৮) প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ কি?
উত্তৰ:- শকুন্তলা।
৫৩৯) প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি?
উত্তৰ:- ভাইটি।
৫৪০) বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
উত্তৰ:- পূবেৰুণ।
৫৪১) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কি?
উত্তৰ:- পিয়লি ফুকন।
৫৪২) স্বৰ্ণ কমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কি?
উত্তৰ:- হালধীয়া চৰায়ে বাওধান খায়। পৰিচালক জাহ্নু বৰুৱা। লেখক হোমেন বৰগোহাঞি।
৫৪৩) জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হয়?
উত্তৰ:- ১৯৬৮ চনত।
৫৪৪) চামেলি মেমচাব কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন?
উত্তৰ:- ভূপেন হাজৰিকা।
৫৪৫) ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবি কি?
উত্তৰ:- ৰঙা পুলিচ।
৫৪৬) শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
উত্তৰ:- চামেলি মেমচাব।
৫৪৭) প্ৰথম অসমীয়া কথাছবিৰ নায়িকা গৰাকী কোন আছিল?
উত্তৰ:- আইদেউ সন্দিকৈ।
৫৪৮) ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি?
উত্তৰ:- এৰাবাটৰ সুৰ।
৫৪৯) অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰ:- ১৯৪৮ চনত।
৫৫০) অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰ:- ১৯৮৫ চনত।
৫৫১) প্ৰতি বছৰে এজন খেলুৱৈৰ জন্মদিনত ‘অভিৰুচি ক্ৰীড়া দিৱস’ পালন কৰে। খেলুৱৈ গৰাকী কোন?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।
৫৫২) এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।
৫৫৩) এছিয়ান গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল?
উত্তৰ:- বিদ্যুৎ গোস্বামী।
৫৫৪) প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?
উত্তৰ:- শিৱসাগৰ।
৫৫৫) ‘জয়দ্ৰথ বধ’ কাব্য কাৰ ৰচনা?
উত্তৰ:- কবিৰত্ন সৰস্বতীৰ।
৫৫৬) মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল?
উত্তৰ:- মল্লদেৱ।
৫৫৭) কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰ:-: নৰনাৰায়ণে।
৫৫৮) কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ৰঘুদেৱ।
৫৫৯) পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?
উত্তৰ:- ৰঘুদেৱৰ।
৫৬০) ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:- অনন্ত কন্দলীয়ে।
৫৬১) কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?
উত্তৰ:- ১৫৮১ খ্ৰীষ্টাব্দত।
৫৬২) কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?
উত্তৰ:- মংগোলীয়।
৫৬৩) কছাৰীসকলৰ শেষ ৰজা কোন আছিল?
উত্তৰ:- গোবিন্দ চন্দ্ৰ।
৫৬৪) কছাৰী সকলৰ প্ৰথম ৰাজধানী ক’ত আছিল?
উত্তৰ:- ডিমাপুৰ।
৫৬৫) কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?
উত্তৰ:- ১৫২৩ চনত।
৫৬৬) আহোমসকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰি আছিল?
উত্তৰ:- মাওলুং ৰাজ্যত।
৫৬৭) কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?
উত্তৰ:- চুহুংমুং।
৫৬৮) শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল?
উত্তৰ:- নৰনাৰায়ণে।
৫৬৯) নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?
উত্তৰ:- কৃষ্ণ।
৫৭০) বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?
উত্তৰ:- শৰাইঘাট দলং।
৫৭১) অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল?
উত্তৰ:- ১৮১৭ চনত।
৫৭২) বুদ্ধদেৱে প্ৰথম ক’ত ধৰ্ম বাণী প্ৰচাৰ কৰিছিল?
উত্তৰ:- সাৰনাথত।
৫৭৩) কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- পুষ্যবৰ্মন।
৫৭৪) ‘হৰ্ষচৰিত’ৰ লেখক কোন?
উত্তৰ:- বাণভট্ট।
৫৭৫) অসমৰ আটাইতকৈ ওখ দৌল কোনটো?
উত্তৰ:- শিৱদৌল।
৫৭৬) মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল?
উত্তৰ:- চন্দ্ৰকান্ত সিংহ।
৫৭৭) অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯২৬ চনত।
৫৭৮) স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথম জন মহিলা কোন আছিল?
উত্তৰ:- মুংগ্ৰী।
৫৭৯) কোনজন ৰজাই শিৱসাগৰৰ কাৰেং ঘৰটো পুনৰ নিৰ্মাণ কৰাইছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহই।
৫৮০) শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহই।
৫৮১) চিলাৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল?
উত্তৰ:- শুক্লধ্বজক।
৫৮২) কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল?
উত্তৰ:- ১৫৩৯ চনত।
৫৮৩) কিমান চনত শেন বংশৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- ১৪৪০ চনত।
৫৮৪) কিমান চনত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ১৯৪৩ চনত।
৫৮৫) কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়?
উত্তৰ:- ১৮৭৪ চনত।
৫৮৬) কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হয়?
উত্তৰ:- ১৮৭৩ চনত।
৫৮৭) আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল?
উত্তৰ:- চোলোং ঘৰ।
৫৮৮) শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল?
উত্তৰ:- ঔৰংজেৱ।
৫৮৯) অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি?
উত্তৰ:- নলবাৰী।
৫৯০) অসমৰ তামৰ আকৰ ক’ত পোৱা যায়?
উত্তৰ:- ধুবুৰী।
৫৯১) আসাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল?
উত্তৰ:- ১৮৭১ চনত।
৫৯২) কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল?
উত্তৰ:- ১৯৬১ চনত।
৫৯৩) কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়?
উত্তৰ:- ১৫১৫ চনত।
৫৯৪) অসমৰ বুৰঞ্জীত ‘ভগা ৰজা’ হিচাপে কোনজন ৰজাক জনা যায়?
উত্তৰ:- চুৰামফা।
৫৯৫) কিমান চনত ‘জোনাকী’ আলোচনীখন প্ৰথম প্ৰকাশ পায়?
উত্তৰ:- ১৮৮৯ চনত।
৫৯৬) ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- মোগল আৰু আহোমৰ মাজত।
৫৯৭) মানাহ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- বৰপেটা।
৫৯৮) ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ কোনে পদক অৰ্জন কৰিছিল?
উত্তৰ:- মিঠু বৰুৱাই।
৫৯৯) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- গোলাঘাট জিলাত।
৬০০) দীপৰ বিলৰ পক্ষী অসমৰ কোনখন জিলাত পোৱা যায়?
উত্তৰ:- কামৰূপ।
৬০১) ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম খাৰুৱা তেল ক’ত উদঘাটন কৰা হয়?
উত্তৰ:- অসমত।
৬০২) ডিগবৈত থকা তেল শোধনাগাৰ কিমান চনত উদঘাটন কৰা হয়?
উত্তৰ:- ১৮৮৯ চনত।
৬০৩) অসমৰ কোনটো তেল শোধনাগাৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ?
উত্তৰ:- ডিগবৈ।
৬০৪) পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্থান কিমান?
উত্তৰ:- তৃতীয়।
৬০৫) পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰ চি টি চি ক’ত অৱস্থিত?
উত্তৰ:- অসম।
৬০৬) অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষিজীৱী?
উত্তৰ:- ৭০ শতাংশ।
৬০৭) কোনজন নেতাই অসমীয়া শিপিনী সকলৰ হাতে বোৱা কাপোৰৰ ওপৰত মন্তব্য দিছিল?
উত্তৰ:- মহাত্মা গান্ধীয়ে।
৬০৮) অসমৰ কোনখন চহৰৰ মাজেদি চাহ ৰপ্তানি কৰিব পাৰি?
উত্তৰ:- বিতোপন।
৬০৯) অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়?
উত্তৰ:- হাফলং।
৬১০) অসমৰ তৈল নগৰ হিচাপে কোনখন চহৰক জনা যায়?
উত্তৰ:- ডিগবৈ।
৬১১) অসমৰ ৰোমাণ্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?
উত্তৰ:- তেজপুৰ।
৬১২) অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো?
উত্তৰ:- শিৱদৌল।
৬১৩) চাহ পাতৰ ৰাজধানী হিচাপে অসমৰ কোনখন চহৰক জনা যায়?
উত্তৰ:- যোৰহাট।
৬১৪) অসমৰ পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায়?
উত্তৰ:- গুৱাহাটী।
৬১৫) অসমৰ সত্ৰ নগৰী হিচাপে কোনখন জিলাক জনা যায়?
উত্তৰ:- বৰপেটা।
৬১৬) আজান পীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- শিৱসাগৰ।
৬১৭) নৱগ্ৰহ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত?
উত্তৰ:- চিত্ৰাচল পাহাৰ।
৬১৮) পবিত্ৰ তীৰ্থস্থান বশিষ্ঠাশ্ৰমত কেইটা নদী প্ৰৱাহিত হৈ আছে?
উত্তৰ:- তিনিটা।
৬১৯) জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খান্দাইছিল?
উত্তৰ:- ৰুদ্ৰসিংহই।
৬২০) কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল?
উত্তৰ:- জয়মতী।
৬২১) জয়সাগৰ পুখুৰীৰ পাৰত শিৱসাগৰৰ কেইটা বিখ্যাত মন্দিৰ আছে?
উত্তৰ:- তিনিটা।
৬২২) কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহৰ।
৬২৩) এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম ৰংগভূমি বুলি কোনটো আকৰ্ষণীয় পৰ্যটনস্থলীক কোৱা হয়?
উত্তৰ:- ৰংঘৰ।
৬২৪) দেওহাঁহ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়?
উত্তৰ:- নামেৰী ৰাষ্ট্ৰীয় উদ্যানত।
৬২৫) অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
৬২৬) কিমান চনত অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ হয়?
উত্তৰ:- ১৮৮৯ চনত।
৬২৭) কিমান চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?
উত্তৰ:- ১৯৪২ চনত।
৬২৮) প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।
৬২৯) ৰাম-নৱমী নাটক কোনে ৰচনা কৰিছিল?
উত্তৰ:- গুণাভিৰাম বৰুৱাই।
৬৩০) অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসৰ নাম কি আছিল?
উত্তৰ:- মিৰিজীয়ৰী।
৬৩১) নলিনীবালা দেৱীক কিমান চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰিছিল?
উত্তৰ:- ১৯৬৭ চনত।
৬৩২) কোনখন গ্ৰন্থৰ বাবে নলিনীবালা দেৱীক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰিছিল?
উত্তৰ:- অলকানন্দা।
৬৩৩) ‘বেদনাৰ উল্কা’ কাব্য সংকলন কাৰ ৰচনা?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ।
৬৩৪) কোন তাৰিখে সত্ৰীয়া নৃত্যই স্বীকৃতি লাভ কৰিছিল?
উত্তৰ:- ১৫ নৱেম্বৰ।
৬৩৫) আম্বেদকাৰ বঁটা অসমৰ কোনজনী অভিনেত্ৰীক প্ৰদান কৰা হৈছিল?
উত্তৰ:- চেতনা দাস।
৬৩৬) কিমান চনত ভূপেন হাজৰিকাক ‘দাদা চাহেব ফাল্কে’ বঁটা প্ৰদান কৰা হয়?
উত্তৰ:- ১৯৯২ চনত।
৬৩৭) কিমান চনত মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল?
উত্তৰ:- ২০০২ চনত।
৬৩৮) গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ২০০২ চনত।
৬৩৯) কিমান চনত আনন্দৰাম বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল?
উত্তৰ:- ১৯৭১ চনত।
৬৪০) কোনখন অভয়াৰণ্যত প্ৰথম বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- কাজিৰঙা।
৬৪১) অৰুণোদয় বাতৰিকাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- ড° নাথান ব্ৰাউন।
৭৪২) প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি?
উত্তৰ:- ল’ৰাবন্ধু।
৬৪৩) ল’ৰাবন্ধু আলোচনীখন কিমান চনত প্ৰকাশ পায়?
উত্তৰ:- ১৮৮৮ চনত।
৬৪৪) জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।
৬৪৫) অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়?
উত্তৰ:- শংকৰদেৱক।
৬৪৬) একশৰণীয়া নামধৰ্ম কোনে প্ৰচাৰ কৰিছিল?
উত্তৰ:- শংকৰদেৱে।
৬৪৭) প্ৰথম অসমীয়া মঞ্চস্থ নাটখনৰ নাম কি?
উত্তৰ:- চিহ্নযাত্ৰা।
৬৪৮) কিমান চনত কৃষ্ণকান্ত সন্দিকৈক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল?
উত্তৰ:- ১৯৫৫ চনত।
৬৪৯) কথা কবিতাৰ ৰচক কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
৬৫০) বিহগী কবি কোন?*
উত্তৰ:- ৰঘুনাথ চৌধাৰী।
৬৫১) অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল?
উত্তৰ:- ড° ভূপেন হাজৰিকা।
৬৫২) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন?
উত্তৰ:- পিয়লি ফুকন।
৬৫৩) চামেলি মেমচাব কথাছবিৰ পৰিচালক কোন আছিল?
উত্তৰ:- ভূপেন হাজৰিকা।
৬৫৪) প্ৰথম অসমীয়া কথাছবিৰ নায়িকা কোন আছিল?
উত্তৰ:- আইদেউ সন্দিকৈ।
৬৫৫) ১৯৭০ চনত শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি?
উত্তৰ:- চামেলি মেমচাব।
৬৫৬) ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰ:- এৰাবাটৰ সুৰ।
৬৫৭) ভাৰতৰ কোন ৰাজ্যত হীৰা পোৱা যায়?
উত্তৰ:- মধ্য প্ৰদেশৰ পান্নাত।
৬৫৮) ভাৰতৰ কোন ৰাজ্যত সোণৰ খনি আছে?
উত্তৰ:- কৰ্ণাটক ৰাজ্যত।
৬৫৯) কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- কুতুবুদ্দিনে।
৬৬০) বৌদ্ধ চৰিত কোনে ৰচনা কৰিছিল?
উত্তৰ:- অশ্বঘোষে।
৬৬১) প্ৰথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল?
উত্তৰ:- ৰাজ গৃহত।
৬৬২) গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?
উত্তৰ:- লুম্বিনীত।
৬৬৩) ত্ৰিপিটক কোন ভাষাত লিখিছিল?
উত্তৰ:- পালি ভাষাত।
৬৬৪) প্ৰথম জন গুপ্ত ৰজা কোন আছিল?
উত্তৰ:- শ্ৰী গুপ্ত।
৬৬৫) অশোক কোনটো বংশৰ?*
উত্তৰ:- মৌৰ্য।
৬৬৬) মৃচ্চকটিকা কোনে ৰচনা কৰিছিল?
উত্তৰ:- শূদ্ৰকে।
৬৬৭) হৰ্ষচৰিত কোনে ৰচনা কৰিছিল?
উত্তৰ:- বাণভট্টই।
৬৬৮) দাস বংশৰ প্ৰথম জন শাসক কোন আছিল?
উত্তৰ:- কুতুবুদ্দিন আইবাক।
৬৬৯) দিল্লীৰ প্ৰথম জন মুছলিম শাসক কোন আছিল?
উত্তৰ:- কুতুবুদ্দিন আইবাক।
৬৭০) কোনজন চুলতানে কুতুব মিনাৰৰ পঞ্চম মহল নিৰ্মাণ কৰিছিল?*
উত্তৰ:- ফিৰ’জ শ্বাহ টোগলক।
৬৭১) ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল?
উত্তৰ:- ৰাজিয়া চুলতান।
৬৭২) টোগলক বংশৰ শেষৰ জন ৰজা কোন আছিল?
উত্তৰ:- মহম্মদ শ্বাহ টোগলক।
৬৭৩) লোডী বংশৰ শেষ চুলতান জনৰ নাম কি?
উত্তৰ:- ইব্ৰাহিম লোডী।
৬৭৪) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- বাবৰ।
৬৭৫) বাবৰে কাক পৰাস্ত কৰি মোগল সাম্ৰাজ্য ভাৰতত প্ৰতিষ্ঠাপিত কৰিছিল?
উত্তৰ:- ইব্ৰাহিম লোডীক।
৬৭৬) পাণিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত।
৬৭৭) খানৱাৰ যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৫২৭ চনত।
৬৭৮) বাবৰৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:- তুজুক-ই-বাবৰী।
৬৭৯) বাবৰে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল?
উত্তৰ:- ১৫২৬ চনৰ পৰা ১৫৩০ চনলৈ।
৬৮০) হুমায়ুনৰ পিতৃ কোন আছিল?
উত্তৰ:- বাবৰ।
৬৮১) হুমায়ুনে কিমান চনত সিংহাসনত বহিছিল?
উত্তৰ:- ১৫৩০ চনত।
৬৮২) হুমায়ুনৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:- হুমায়ুন নামা।
৬৮৩) হুমায়ুন নামা কোনে ৰচনা কৰিছিল?
উত্তৰ:- গুলবদন বেগম।
৬৮৪) আকবৰে কিমান বয়সত দিল্লীৰ শাসনভাৰ লৈছিল?
উত্তৰ:- ১৪ বছৰত।
৬৮৫) আকবৰৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- হুমায়ুন।
৬৮৬) আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- আকবৰ।
৬৮৭) হুমায়ুনৰ সমাধি ক্ষেত্ৰ দিল্লীত কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- আকবৰে।
৬৮৮) জাহাংগীৰৰ পিতৃ কোন আছিল?
উত্তৰ:- আকবৰ।
৬৮৯) জাহাংগীৰে কিমান চনত ৰজা হৈছিল?
উত্তৰ:- ১৬০৫ চনত।
৬৯০) জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:- তুজুক ই জাহাংগীৰ।
৬৯১) জাহাংগীৰৰ সমাধিক্ষেত্ৰ ক’ত আছে?
উত্তৰ:- লাহোৰত।
৬৯২) ছাহজাহানৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- জাহাংগীৰ।
৬৯৩) ছাহজাহানে কিমান চনত সিংহাসনত বহিছিল?
উত্তৰ:- ১৬২৮ চনত।
৬৯৪) তাজমহল কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ছাহজাহানে।
৬৯৫) তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল?
উত্তৰ:- মমতাজ।
৬৯৬) লালকিল্লা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ছাহজাহানে।
৬৯৭) ছাহজাহানৰ সমাধিক্ষেত্ৰ ক’ত আছে?
উত্তৰ:- আগ্ৰাত।
৬৯৮) ছাহজাহানৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:- ১৬৬৬ চনত।
৬৯৯) কাৰ ৰাজত্ব কালত মোগলৰ কলা-সংস্কৃতিৰ বিস্তাৰ বহলভাৱে হৈছিল?
উত্তৰ:- ছাহজাহান।
৭০০) ঔৰংগজেৱৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- ছাহজাহান।