Assamese General Knowledge 2025
১) ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?উত্তৰ : চাওলুং চুকাফা।
২) হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।
৩) অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?উত্তৰ : তৰুণ ৰাম ফুকন।
৪) আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ।
৫) কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?উত্তৰ : ১৯৬১ চনত।
৬) কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।
৭) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?উত্তৰ : ১৯২১ চনত।
৮) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
৯) অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?উত্তৰ : ১৯০৫ চনত।
১০) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
১১) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?উত্তৰ : চুকাফা।
১২) মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত।
১৩) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।
১৪) চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।
১৫) অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?উত্তৰ : গুৱাহাটী।
১৬) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
১৭) কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
১৮) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।
১৯) অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
২০) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮১ চনত।
২১) অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?উত্তৰ : ১৫৪৮ চনত।
২২) অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।
২৩) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?উত্তৰ : ১৯৪৮ চনত।২৪) কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?উত্তৰ : ১৬৭১ চনত।
২৫) অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৬৯৪ চনত।
২৬) পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?উত্তৰ : ১৯০১ চনৰ পৰা।
২৭) অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ : ১৮৪৭ চনত।
২৮) ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?উত্তৰ : ১৮৬৬ চনৰ পৰা।
২৯) অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ পৰা।
৩০) অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?উত্তৰ : ১৯১৭ চনত।
৩১) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।
৩২) জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।
৩৩) অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
উত্তৰ : শিৱসাগৰ।
৩৪) আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?উত্তৰ : বশিষ্ঠাশ্ৰমত।
৩৫) ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?
উত্তৰ : ডিগবৈ।
৩৬) অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।
৩৭) স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।
৩৮) অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।
৩৯) স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : হৰেশ্বৰ গোস্বামী।
৪০) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?উত্তৰ : আকবৰ হাইদৰী।
৪১) অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
উত্তৰ : ভাস্কৰ বৰ্মন।
৪২) অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?উত্তৰ : কলোনেল কীটিং।
৪৩) ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?
উত্তৰ : ১৮৭৩ চনত।
৪৪) প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।
৪৫) ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?
উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।
৪৬) আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।
৪৭) গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
৪৮) ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।
৪৯) অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?
উত্তৰ : মহম্মদ ইবন বখ্তিয়াৰ।
৫০) কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।