মোৰ প্ৰিয় গ্ৰন্থ বকুল ফুলৰ দৰে ৰচনা

আৰম্ভণি: মোৰ প্ৰিয় গ্ৰন্থ

গ্রন্থ মানুহৰ জীৱনৰ আটাইতকৈ প্ৰিয় বন্ধু। ই জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে কল্পনাশক্তি উন্নত কৰে। ভাল গ্ৰন্থই মানুহক সাহসেৰে আৰু দৃঢ়তাৰে আগবাঢ়িবলৈ সহায় কৰে। সৰুৰ পৰাই সাধুকথা, শিশু সাহিত্য, আলোচনী, গল্প, কবিতা, আৰু ভ্ৰমণ কাহিনী পঢ়িবলৈ ভাল পাওঁ। ইয়াৰে ড° মৃণাল কলিতাদেৱৰ শিশু সাহিত্য বঁটা প্ৰাপ্ত গ্ৰন্থ ‘বকুল ফুলৰ দৰে’ মোৰ আটাইতকৈ প্রিয়।

গ্ৰন্থৰ পৰিচয়:

‘বকুল ফুলৰ দৰে’ ড° মৃণাল কলিতাদেৱৰ প্ৰথম উপন্যাস, যি ২০১৫ চনত বান্ধৱ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হয়। ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত এই গ্ৰন্থখন উপন্যাস পাঠৰূপে ৩২ খণ্ডত প্রচাৰিত হৈছিল। এই গ্ৰন্থই ২০২১ চনত সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।

গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয়:

ড° মৃণাল কলিতা এজন প্ৰসিদ্ধ শিশু সাহিত্যিক, গল্পকাৰ, উপন্যাসিক আৰু নিবন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেখেতৰ অন্য উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে:

  • অনুশীলন (গল্প সংকলন)

  • অযান্ত্ৰিক অনুশীলন (গল্প সংকলন)

  • গড ফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ৰচনা সংকলন)

  • গণিতৰ বৰ্ণিল জগত (গণিত পুথি)

  • ৰিব ৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (কাহিনী সংকলন)

গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ:

এই গ্ৰন্থখন এজন শিক্ষক আৰু ভাল বন্ধুৱে কিদৰে ছাত্ৰৰ জীৱন সলনি কৰে আৰু এক সুন্দৰ সংসাৰ কিদৰে সুৰাপ্ৰধানতা বা অন্যায়ে ধ্বংস কৰিব পাৰে, সেয়া সুন্দৰভাৱে উপস্থাপন কৰে। ‘বকুল ফুলৰ দৰে’ উপন্যাসখন সৰল প্ৰকাশ ভঙ্গীৰে কৈশোৰৰ জীৱন আৰু শিক্ষাৰ গভীৰ দিশসমূহ উদঘাটন কৰে। শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কৰ আবেগময় ছবি অতি মনোগ্ৰাহী।আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ আৰু সৰলতা, আন্তৰিকতাৰ মাধ্যমত শিক্ষাৰ গুণগত পৰিবৰ্তনৰ বৰ্ণনা উপন্যাসখনত চমৎকাৰভাৱে কৰা হৈছে। এইবোৰেই এই গ্ৰন্থখনক মোৰ প্ৰিয় গ্ৰন্থৰ আসন দিছে।

গ্ৰন্থৰ বিষয়বস্তু:

হীৰেণ ভট্টাচাৰ্য্য দেৱৰ গীতৰ আধাৰত নামাংকিত এই উপন্যাসৰ মূল বিষয়বস্তু হৈছে এটি হাইস্কুলৰ ছাত্ৰ-শিক্ষকৰ জীৱন। বিশেষকৈ, অসীম আৰু নিৰ্মল নামৰ ছাত্ৰৰ জীৱনৰ সংঘাত, পৰিবৰ্তন আৰু আত্মবিশ্বাসৰ গল্প। অসীমে এক আৰ্থিক সমস্যা আৰু অস্থিৰ পৰিস্থিতিৰ বাবে বিদ্যালয় এৰি দিয়া, তদুপৰি অভিনৱ মাষ্টৰে পুনৰ বিদ্যালয়লৈ আনিবলৈ কৰা প্ৰচেষ্টা, কাহিনীৰ কেন্দ্ৰবিন্দু।

অভিনৱ মাষ্টৰৰ আন্তৰিকতাই অসীমক পঢ়াশুনাৰ পথলৈ ঘূৰাই আনে। শেষত অসীমে উচ্চ পৰীক্ষাত মেধাতালিকাত স্থান লাভ কৰি বিদ্যালয়ৰ গৌৰৱ সাৰ্থক কৰে।

বিশ্লেষণ:

এই উপন্যাসখনত শিক্ষক-ছাত্ৰৰ সম্পর্কৰ ভিন্নতা দৰ্শোৱা হৈছে। মহেন্দ্ৰ মাষ্টৰে কঠোৰ অনুশাসনক শিক্ষাদানৰ প্ৰধান অস্ত্ৰ বুলি মানে, আনহাতে অভিনৱ মাষ্টৰে বন্ধুত্ব, সহমৰ্মিতা আৰু শিক্ষাদানৰ কৌশলৰ সৈতে শিক্ষাৰ্থীক আগবাঢ়াই নিয়ে। মহেন্দ্ৰ মাষ্টৰৰ কঠোৰ মনোভাৱৰ বিৰোধিতা কৰি লেখকে আধুনিক শিক্ষাদান পদ্ধতিক গুৰুত্ব দিছে।

সামৰণি:

‘বকুল ফুলৰ দৰে’ কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি ৰচিত এক গভীৰ জীৱনবোধৰ উপন্যাস। সকলো বয়সৰ পাঠকৰ বাবে উপন্যাসখনৰ ভিন্ন তাৎপর্য আছে। সেয়েহে ইক ব্যতিক্ৰমী সাহিত্যকৃতি বুলি ক’ব পাৰি।

Leave a Comment