-
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম, সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব!
-
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা… মই সুখৰ বাবে তোমাৰ সন্ধান কৰো,
-
বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে,
-
কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।
-
নীৰৱতাই এতিয়া এক মাত্ৰ পৰিচয় হৈ পৰিছে।
-
গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।
-
যি হুলস্তূল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যাই সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যাই
-
আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।
-
পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব
-
প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায় কিছুমান শিক্ষা জীৱনেও দি যায়।