নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সমূহ হৈছে:
-
নৱকান্ত বৰুৱাৰ কবিতাত মানৱতাৰ জয়গান ঘোষিত হৈছে।
-
বিষয়বস্তুৰ লগতে আঙ্গিকৰ অভিনৱত্ব, ভাববস্তু আৰু ৰূপবস্তুৰ অপূৰ্ব সমন্বয়, নৱকান্ত বৰুৱাৰ কবিতাৰ মনকৰিবলগীয়া বৈশিষ্ট্য।
-
নৱকান্ত বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসঙ্গতাবোধ, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহেও প্রাধান্য লাভ কৰিছে।
-
মহেন্দ্ৰ বৰাৰ ভাষাত – “এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰো নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেক- সুমেৰু।’
-
নৱকান্ত বৰুৱাৰ কবিতাত অভিনৱ চিত্ৰকল্পৰ প্ৰয়োগ মনকৰিবলগীয়া বৈশিষ্ট্য।
-
নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীকি ব্যঞ্জনাৰ ব্যৱহাৰো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য
-
তেওঁৰ কবিতাত ৰবীন্দ্ৰনাথ ঠাকুৰ, জীবনান্দ দাশ, বুদ্ধদেৱ বসু, অমিয় চক্ৰবৰ্তী আদিৰ কবিতাৰ আঙ্গিক আৰু কলা-কৌশলৰ প্ৰয়োগ লক্ষ্য কৰা যায় ৷