_________________ ইংৰাজী বিদ্যালয়ৰ
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক
শ্ৰীযুত________ দেৱলৈ
সশ্ৰদ্ধ সম্বৰ্ধনা
দিনাংকঃ ………………..
—
হে আলোক সন্ধানী!
অতীতৰ কোনো এক শুভমুহুৰ্তত, স্ব-আৰ্জিত আলোকেৰে বহুতকে আলোকিত কৰি, আপুনি শিক্ষা জগতত সাৰ্থকতাৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে। জ্ঞানালোকৰ ফুলনিত সজোৱা বহু ৰঙৰ ফুলেৰে দেশ মাতৃৰ বুকু শোভিত কৰাৰ বাবে আপোনাৰ অবদান চিৰস্মৰণীয় হৈ থাকিব। আপুনি সুকৰ্মৰ গুণত সৰ্বদা আলোকৰ সিংহাসনত অধিষ্ঠিত হৈ থাকিব, ই ধ্রুবসত্য।
হে চিৰ নমস্য গুৰু!
আপুনি আমাৰ এই বৃহৎ অনুষ্ঠানটিৰ জন্মদাতা। সহস্ৰ জনক পোহৰ বিলাই, দেশ আৰু স্ব-জাতিক আগুৱাই নিয়া আপুনি যেন এক হিৰন্ময় জ্যোতিস্ক, এচেৰঙা উজ্জ্বল ৰ‘দালি; সেয়েহে আপুনি আমাৰ প্ৰেৰণাৰ উজ্জ্বল প্ৰতীক।
হে মহান!
আপোনাৰ সুকৰ্মৰ উপমা আপুনি নিজেই। এটা সম্বৰ্ধনা পত্ৰেৰে আপোনাৰ নিঃস্বাৰ্থ ত্যাগ আৰু মহান কৰ্মৰ স্বীকৃতি দিয়াৰ সাধ্য আমাৰ নাই। তথাপিও, আপোনাৰ মহান কৰ্মৰ দ্বাৰা উপকৃত হৈ, আমি আপোনাক সশ্ৰদ্ধ সম্বৰ্ধনা জনাইছোঁ। আৱেগ গধূৰ এই কৰুণ মধুৰ ক্ষণত, আমি যাঁচিছোঁ আপোনালৈ শ্ৰদ্ধাৰ গভীৰ অঞ্জলি, নিবেদিলো ভক্তিৰ নৈবেদ্য। ভগৱানে আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু দান কৰক। ইতি।
________________ বিদ্যালয়ৰ শিক্ষক গোট
তথা সমূহ কৰ্মচাৰী,_______
দিনাংকঃ ……………
এজন প্ৰিয় অধ্যক্ষক বিদায় জনোৱাটো এক আৱেগিক মুহূৰ্ত, য’ত ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ সম্প্ৰদায়ৰ ওপৰত তেওঁলোকৰ অৱদানৰ ওপৰত চিন্তা কৰা হয়। তেওঁলোকে ছাত্ৰ-ছাত্ৰীক নিজৰ সম্পূৰ্ণ সম্ভাৱনা পোৱাৰ অনুপ্ৰেৰণা দিয়ে বা অটল সমৰ্থন আৰু দিহা-পৰামৰ্শ আগবঢ়ায়, তেওঁলোকৰ প্ৰভাৱ গভীৰ আৰু স্থায়ী।
এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষক বিদায়ৰ বাবে বার্তা লিখা হ’ল কৃতজ্ঞতা প্ৰকাশ কৰাৰ আৰু জীৱনৰ পৰৱৰ্তী পৰ্যায়ত শুভেচ্ছা জনোৱাৰ হৃদয়স্পৰ্শী উপায়। তলত কিছুমান মনোগ্ৰাহী বিদায় বার্তাৰ উদাহৰণ দিয়া হ’ল, যিবোৰে আপোনাৰ সন্মানীয় অধ্যক্ষৰ মূল্যৱান অৱদানক সন্মানিত কৰে আৰু উদযাপন কৰে:
__________ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
অৱসৰপ্ৰাপ্ত অধ্যক্ষ
মাননীয় শ্ৰীযুত ________ ছাৰলৈ
সম্বৰ্ধনা পত্ৰ
হে জীৱন গঢ়াৰ কমাৰশালৰ খনিকৰ,
আপোনাৰ কৰ্মজীৱনৰ এই বিৰতিৰ বেদনাবিধুৰ লগ্নত আপোনাক বিদায় জনাবলৈ আমি উদগ্ৰীৱ হৈ আছো। আমি ২০১৩ চনত এই বিদ্যালয় এৰি গ’লেও, আপুনি আমাক যিখিনি মৰম-চেনেহেৰে শিক্ষা আৰু জ্ঞান প্ৰদান কৰিছিল, সেইখিনি আমাৰ জীৱনৰ অপূৰ্ব সম্পদ। ইয়াক আমি কেতিয়াও পাহৰিব নোৱাৰো। আপোনাৰ অশ্ৰুসিক্ত বিদায় সম্ভাষণ গ্ৰহণ কৰি আমাক সত্য, অহিংসা, ধৈৰ্য, নৈতিকতা আৰু সাহস প্ৰদান কৰি জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ বাবে আশীৰ্বাদ দি ধন্য কৰক।
আপোনাৰ কৰ্মময় জীৱনৰ উত্তৰোত্তৰ সফলতা আৰু দীৰ্ঘায়ু কামনাৰে আমি এই বিদায়ী সম্বৰ্ধনা সমাপ্ত কৰিছোঁ।
ইতি- আপোনাৰ প্ৰাক্তন ছাত্ৰগণ
শ্ৰী………..
শ্ৰী………..
শ্ৰী………..
শ্ৰী………..
শ্ৰী………..