Lachit Borphukan Essay in Assamese

Lachit Borphukan Essay in Assamese

আৰম্ভণি: অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম সদায় উজলি থাকে, তেওঁলোকৰ ভিতৰত লাচিত বৰফুকন এগৰাকী উজ্জ্বল জ্যোতি। ইংৰাজী ২৪ নৱেম্বৰ দিনটো অসমত লাচিতৰ বীৰত্ব আৰু শৰাইঘাটৰ ঐতিহাসিক বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। এই ৰচনাত আমি এই মহান বীৰৰ জীৱন আৰু তেওঁৰ অসামান্য সাহসৰ বিষয়ে জানিব চেষ্টা কৰিম।

জন্ম: বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে সঠিক তথ্য নাই, যদিও কোৱা হয় যে ১৬২২ চনৰ ২৪ নৱেম্বৰত গড়গাঁওৰ ওচৰত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ আছিল নাগেশ্বৰী। লাচিত জন্মসূত্ৰে ম’-ছাই চেং কালুকৰ বংশধৰ আছিল, যি আহোমৰ লন-ফিমা বংশৰ আছিল। লাচিতৰ জন্মৰ সময়ত তেওঁৰ নাম আছিল ‘লা-চিত’, আৰু কনিষ্ঠ ভাতৃ মবাও-লাও আৰু লাপেট-লাও আৰু ভগ্নী লাইছেং।

শিক্ষা: ৰাজ পৰিয়ালত জন্মগ্রহণ কৰাৰ বাবে লাচিতক সামৰিক আৰু অসামৰিক দুয়ো শিক্ষাই লাভ কৰিব লগীয়া হৈছিল। ৰাজকীয় পৰিয়ালৰ পৰা পোৱা আৱেগ, দায়িত্ব আৰু আনুগত্যৰ শিক্ষা তেওঁক নিজৰ জীৱনত গভীৰভাৱে প্ৰভাৱিত কৰিছিল। লাচিতৰ বংশৰ প্ৰথম পুৰুষ চুকাফাই অসমলৈ আহিছিল আৰু লন-ফিমা বংশৰ গৌৰৱময় পৰম্পৰাৰ অন্তৰ্ভুক্ত হৈ তেওঁ নিজৰ জন্মভূমিৰ সুৰক্ষাৰ বাবে ব্ৰতী হৈছিল।

তেওঁৰ সামৰিক যাত্ৰা: লাচিতক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই সময়ত তেওঁ ঘোঁৰা নিয়ন্ত্ৰণৰ বিশেষ দক্ষতাৰে চাওফাৰ মনোযোগ আকৰ্ষণ কৰিছিল। পিছত তেওঁক দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন আৰু দোলাকাষৰীয়া বৰুৱাৰ দায়িত্ব দিয়া হৈছিল। চাওফাই তেওঁৰ দক্ষতা পৰীক্ষা কৰিবলৈ একবাৰ সন্মুখলৈ মাতি তেওঁক বিশেষ দায়িত্ব দিয়ে, য’ত লাচিতৰ সাহসিকতা আৰু উত্তম নেতৃত্বৰ পৰীক্ষা লৈছিল।

শৰাইঘাটৰ যুদ্ধ: শৰাইঘাটৰ যুদ্ধ আহোম ইতিহাসৰ অন্যতম স্মৰণীয় যুদ্ধ। যুঁজৰ সময়ত মোগল সেনাৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিছিল, যেতিয়া লাচিতৰ প্ৰচণ্ড জ্বৰ আছিল। যদিও শাৰীৰিক অৱস্থা অত্যন্ত দুৰ্বল আছিল, লাচিতে নিজৰ সেনাসকলক উদ্দেশ্য কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নহ’লে মোক বঙালে ধৰি লৈ যাওক; তোমালোক ঘৰলৈ যোৱা।” এই কথাবোৰে সৈনিকসকলৰ মনোবল পুনৰ সঞ্চাৰ কৰে, আৰু তেওলোকৰ উৎসাহেৰে মোগল বাহিনী পৰাস্ত হয়।

মৃত্যু: শৰাইঘাটৰ যুদ্ধত অসমীয়াই বিজয় সাব্যস্ত কৰাৰ কিছুদিনৰ পিছতে লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত লাচিতৰ শৰীৰত লাগি থকা জ্বৰ তাৰ মৃত্যুৰ কাৰণ হৈছিল। চাওফা উদয়াদিত্য সিংহই তেওঁৰ স্মৃতিত যোৰহাটৰ পৰা ১৬ কিমি দূৰত ১৬৭২ চনত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

উপসংহাৰ: লাচিতৰ অসামান্য বীৰত্ব অসমবাসীৰ বাবে অনুপ্ৰেৰণা হৈ ৰৈছে। তেওঁৰ শৌৰ্য্য আৰু অসমীয়া জাতিৰ প্ৰতি ত্যাগৰ স্মৃতি সদায় উজলি থাকিব।

Leave a Comment