বেদ কেইখন আৰু কি কি?

বেদ কেইখন আৰু কি কি?

বেদ (সংস্কৃত: वेद) হ’ল হিন্দুধৰ্মৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থ, আৰু সংস্কৃত শব্দ “বেদ”ৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস মতে, বেদসমূহ অপৌৰুষেয় (মানৱৰ সৃষ্টি নহয়), অৰ্থাৎ ইয়াৰ কোনো ৰচক নাই। পৰম্পৰাগতভাবে বেদসমূহ সংকলন কৰা হ’ল ব্যাস মুনিৰ দ্বাৰা; তেখেতে বিভিন্ন মন্ত্র একত্ৰিত কৰি চাৰিখন বেদ সংকলন কৰিছিল। চাৰিখন বেদ হৈছে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰে আটাইতকৈ পুৰণি বেদটি হ’ল ঋগ্বেদ।

প্ৰতিখন বেদ চাৰিখণ্ডত বিভক্ত: সংহিতা (মন্ত্র আৰু প্ৰাৰ্থনা), ব্ৰাহ্মণ (উৎসৱ, পূজাবিধি আৰু উছৰ্গাৰ নিয়ম), আৰণ্যক আৰু উপনিষদ (ধ্যান, দৰ্শন আৰু আধ্যাত্মিক জ্ঞান)। কোনো কোনো পণ্ডিতে এই বিভাজনত উপাসনা নামৰ পঞ্চম শ্ৰেণীও অন্তৰ্ভুক্ত কৰিছে।

বেদক শ্ৰুতি বুলিও কোৱা হয়, যি ইয়াক স্মৃতি নামৰ অন্য ধৰ্মগ্ৰন্থৰ পৰা পৃথক কৰে। ভাৰতীয় ধৰ্মতাত্ত্বিকসকলে বেদক ঋষিসকলৰ গভীৰ সাধনাৰ ফল বুলি বিশ্বাস কৰে আৰু এই পবিত্ৰ গ্ৰন্থসমূহ প্ৰাচীন কালৰ পৰাই সাৱধানে সংৰক্ষণ কৰি আহিছে। মহাভাৰত অনুসাৰে বেদৰ ৰচয়িতা ব্ৰহ্মা। বৈদিক মন্ত্ৰসমূহক প্রায়ই ঋষিসকলে ৰচনা কৰা বুলি উল্লেখ কৰা হয়।

ব্যুৎপত্তি:

“বেদ” শব্দটো “বিদ” ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ “জানিবলৈ”। এই শব্দটো এক ক্ষেত্ৰত সম্পত্তি অৰ্থক আৰু আন ক্ষেত্ৰত দৈৱোপচাৰ বা পূজাৰ বাবে ব্যৱহৃত ঘাঁহৰ মুঠিক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।

সময়ৰেখা:

বেদসমূহক প্ৰাচীনতম পবিত্ৰ গ্ৰন্থৰ অন্তৰ্ভুক্ত কৰা হয়, আৰু ইয়াৰ সংহিতাসমূহ প্ৰায় ১৭০০-১১০০ খ্ৰীষ্টপূৰ্বৰ যুগৰ।

Leave a Comment