ভাষাৰ ক্ষুদ্ৰতম একক কি?

ভাষাৰ ক্ষুদ্ৰতম একক কি?

Ans: ভাষাৰ ক্ষুদ্ৰতম একক হৈছে ধ্বনি(Phoneme)ভাষা বা ভাষাৰ বাক্য প্রবাহ বিশ্লেষণ কৰিলে দেখা যায় যে কিমান ক্ষুদ্ৰ একক বা মৌলিক ধ্বনি পোৱা যায়। উদাহৰণস্বৰূপে – ক, খ, গ, ইত্যাদি।

শব্দ মূলতঃ দুটা ভাগত বিভক্ত।

  1. স্বৰধ্বনি আৰু

  2. ব্যঞ্জনধ্বনি

স্বৰ ধ্বনি কাক বোলে? উদাহৰণ দি লিখা:

উত্তৰ:কোনো এটা শব্দৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা স্বৰধ্বনিৰ ঠাইত আন এটা স্বৰধ্বনি ব্যৱহাৰ কৰিলে যদি উচ্চাৰণ অথবা অৰ্থৰ পৰিৱৰ্তন দেখা দিয়ে, তেন্তে সেই স্বৰ ধ্বনিক বিশিষ্ট স্বৰ ধ্বনি বোলে।

উদাহৰণ:

“কলা” আৰু “কুলি” শব্দত “অ” আৰু “উ” স্বৰ ধ্বনি।

  • “কলা”ৰ অৰ্থ হৈছে ফল।

  • “কুলি”ৰ অৰ্থ হৈছে পক্ষী।এইক্ষেত্ৰত “অ” ধ্বনিৰ ঠাইত “উ” ধ্বনি ব্যৱহাৰ কৰিলে শব্দৰ অৰ্থ সম্পূৰ্ণৰূপে সলনি হয়।

    ব্যঞ্জন ধ্বনি কাক বোলে? উদাহৰণ দিয়া:

    উত্তৰ:কোনো শব্দৰ এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্যঞ্জন ধ্বনি অৰ্থাৎ শব্দটোৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্যঞ্জন ধ্বনি ব্যৱহাৰ কৰিলে যদি শব্দটোৰ অৰ্থৰ সলনি বা উচ্চাৰণৰ পৰিৱৰ্তন ঘটে, তেন্তে সেই ব্যঞ্জন ধ্বনিক বিশিষ্ট ব্যঞ্জন ধ্বনি বোলে।

    উদাহৰণ:

    1. আখৰআগৰ

      • “আখৰ” মানে অক্ষৰ।

      • “আগৰ” মানে আগত থকা।

      • এইক্ষেত্ৰত “খ”ৰ ঠাইত “গ” ব্যৱহাৰ কৰিলে শব্দৰ অৰ্থ সম্পূৰ্ণৰূপে সলনি হয়।

      ইয়াৰ পৰা স্পষ্ট যে ব্যঞ্জন ধ্বনিৰ সলনিৰ ফলত শব্দৰ অৰ্থ বা উচ্চাৰণৰ পৰিৱৰ্তন হয়।

    স্বৰ ধ্বনি আৰু ব্য়ঞ্জন ধ্বনি পাৰ্থক্য় লিখা।

    উত্তৰঃ স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি পাৰ্থক্য হল-

    ১) স্বৰধ্বনি বোৰ অন্য বাক্-ধ্বনি সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি। আনহাতে ব্যঞ্জনধ্বনি বোৰ স্বৰধ্বনি সহায় নহলে উচ্চাৰণ কৰিব নোৱাৰি।

    ২) স্বৰধ্বনিবোৰ একেৰাহে দীঘলীয়াকৈ উচ্চাৰণ কৰি থাকিব পাৰি। আনহাতে ব্যঞ্জন ধ্বনিবোৰ এবাৰহে উচ্চাৰণ কৰিব পাৰি।

    ৩) স্বৰধ্বনি অক্ষৰাধাৰ, ব্যঞ্জন ধ্বনি অক্ষৰাধা হব নোৱাৰে।

    ৪) স্বৰধ্বনি অনুনাসিকতা বহন কৰিব পাৰে, কিন্তু ব্যঞ্জন ধ্বনি এনে গুণ নাই।

    Leave a Comment