ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

  • ৰমন্যাসিক কবিতাৰ প্ৰথম বৈশিষ্ট্য হ’ল, বন্ধনমুক্তিৰ আদৰ্শ। অষ্টাদশ শতিকাৰ নৱ্যধ্ৰুপদী কবিসকলে কিছুমান ধৰা বন্ধা নীতি আগত ৰাখি কবিতা বচনা কৰিছিল। ৰোমাণ্টিক কবিসকলে কিন্তু এই নীতি-নিয়মৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰয়াস কৰিছিল। প্ৰকৃততে ৰমন্যাসিক কাব্য আন্দোলনে গঢ় লৈ উঠিছিল নৱৱ্য ধ্ৰুপদীসকলৰ ৰীতিবদ্ধতাৰ বিৰুদ্ধে বিদ্ৰোহাচৰণ কৰাৰ ফলশ্ৰুতি স্বৰূপেই। সেইবাবেই ৰমন্যাসবাদক ‘liberalism in literature’ বা ‘সাহিত্যত আত্মমুক্তিৰ জয়গান’ বুলি কোৱা হয়।

  • ৰোমাণ্টিক কবিতাৰ দ্বিতীয় প্ৰধান বৈশিষ্ট্য হ’ল প্ৰকৃতি-প্ৰীতি। ৰোমাণ্টিক কবিতাত ‘প্ৰকৃতি’ স্বয়ংসম্পূৰ্ণ স্বকীয় সত্তা ৰূপে প্ৰাণদায়িনী শক্তিৰ উৎস ৰূপে পৰিগণিত হয়। প্ৰকৃতি কেৱল ঘটনাৰ পৃষ্ঠভূমি হৈ নাথাকিল। প্ৰকৃতিৰ বিভিন্ন উপাদান, যেনে ফুল, চৰাই, গছ-পাত আদি সকলোতে তেওঁলোকে আৰোপ কৰিলে।

  • প্ৰকৃতি-প্ৰীতিৰ লগতে চহা জীৱনৰ প্ৰতি আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি গভীৰ আকৰ্ষণো ৰমন্যাসিক সাহিত্যৰ অন্যতম লক্ষণ। ধ্ৰুপদী সাহিত্যৰ নগৰীয়া চৌখিন জীৱনৰ চিত্ৰণৰ বিপৰীতে ৰোমাণ্টিক সাহিত্যত চিহ্নিত হৈছিল গাঁৱলীয়া সৰল জীৱনৰ চিত্ৰ— ভেড়াৰখীয়া, কুটীৰ বাসী, সাধাৰণ লোকৰ সহজ-সৰল জীৱনৰ চিত্ৰ।

  • ৰোমাণ্টিক সাহিত্যৰ আন এটি প্ৰধান বৈশিষ্ট্য হ’ল মধ্যযুগ প্ৰীতিৰ মনোভাৱ। এইটো যুগৰ কবিসকলে সমসাময়িক সমাজখনৰ লগত নিজকে জীন নিয়াব পৰা নাছিল। জড়বাদী দৃষ্টিভংগী, সামাজিক অত্যাচাৰ-অনাচাৰ আদিয়ে তেওঁলোকৰ মনত এক তিক্ততাৰ ভাব সৃষ্টি কৰিছিল আৰু তাৰ পৰিত্ৰাণ বিচাৰি তেওঁলোকে শান্তিৰ উৎস সন্ধান কৰিছিল মধ্যযুগৰ মাজত।

  • কল্পনাপ্ৰৱণতা বা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগৰ প্ৰাধান্য ৰমন্যাসবাদৰ এটা মুখ্য বৈশিষ্ট্য। নব্যধ্ৰুপদীসকলৰ যুক্তি, বিচাৰবুদ্ধি বা বিচাৰমত্তা আৰু বুদ্ধিনিষ্ঠতাৰ ঠাইত কমন্যাসবাদীসকলে অভিসিক্ত কৰিলে কল্পনা আৰু আৱেগ-অনুভূতিক।

  • ছন্দৰ ক্ষেত্ৰতো ৰমন্যাসিক কবিতা বিশেষত্বপূৰ্ণ। স্বাভাৱিকভাৱেই ৰোমাণ্টিক কবিতাৰ ছন্দ প্ৰয়োগৰ ৰীতি আছিল। চহা কবিৰ মৌখিক কবিতাৰ ছন্দকো গীতিময় কবিতাৰ বাহন কৰি লৈছিল।

  • ৰহস্যময়তা আৰু বিস্ময়বোধ প্ৰায়বোৰ ৰসন্যাসিক কবিতাৰে এক সাধাৰণ বিশেষত্ব। তাৰ গাতে আঁউজি গঢ় লোৱা আন এক বিশেষত্ব হ’ল– এই যুগৰ কবি-সাহিত্যিকসকলে বাস্তৱ জীৱনতকৈ এক অতিলৌকিক পৰিৱেশ সৃষ্টি কৰিহে বেছি ভাল পাইছিল। এই ক্ষেত্ৰত কবি ক’লৰিজৰ নাম বিশেষভাৱে উল্লেখনীয়। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা আৰু ৰজনীকান্ত বৰদলৈৰ উপন্যাস উল্লেখ্যযোগ্য।

  • ৰমন্যাসিক কবিতাত একধৰণৰ বিপ্লৱী সত্তাও নিহিত হৈ থকা দেখিবলৈ পোৱা যায়। ৰোমাণ্টিক কবিসকলে ব্যক্তিস্বাধীনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকে শাসক-শোষক, দমনমূলক আইন-কানুন, সামাজিক শোষণ নিষ্পেষণ, অন্যায় আদিৰ বিৰুদ্ধে বিপ্লৱী মনোভাৱ প্ৰদৰ্শন কৰিছিল।

  • ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো ৰোমাণ্টিক বা ৰমন্যাসিক কবিতাৰ বিশিষ্টতা লক্ষ্য কৰা যায়। ৰমন্যাসিক কবিসকলে কিন্তু তাৰ পৰিৱৰ্তে অনাড়ম্বৰ, অনাড়ষ্ট ধ্বনিশীল ভাষাকহে কবিতাৰ বাহন কৰি ল’লে।

  • অসমীয়া ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যসমূহ নিম্নলিখিত:

    1. প্ৰকৃতিৰ আৰাধনা: ৰোমান্টিক কবিতাত প্ৰকৃতিৰ সজীৱ চিত্ৰণ দেখা যায়। প্ৰকৃতিৰ সৌন্দৰ্য আৰু সজীৱতা কবিসকলৰ অনুভৱৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। উদাহৰণ স্বৰূপে, চন্দ্ৰকুমাৰ আগৰৱালাৰ “বনকুঁৱৰী” কবিতাত প্ৰকৃতিৰ মাধুৰ্য গভীৰভাৱে প্ৰকাশ পোৱা যায়।

    2. আধ্যাত্মবাদ আৰু মানৱতাবাদ: ৰোমান্টিক কবিতাৰ আধ্যাত্মিক দিশ জোৰদাৰ। কবিতাবোৰত আত্মিক শক্তি, অন্তৰ্ভুক্ত অনুভৱ আৰু মানৱ জীৱনৰ গভীৰতা প্ৰকাশ পাইছে। এই কবিতাবোৰে মানুহৰ আত্মবিশ্বাস আৰু আধ্যাত্মিক উৎকৰ্ষত গুৰুত্ব আৰোপ কৰে।

    3. অনুভৱৰ গভীৰতা: ৰোমান্টিক কবিতাসমূহত ব্যক্তিগত অনুভৱৰ গভীৰতা বিশেষভাৱে প্ৰকাশ পোৱা যায়। দুঃখ, বেদনাৰ অনুভৱ, আশা-আকাংক্ষা আদি ব্যক্তিগত অনুভৱৰ চিত্ৰণ কবিতাৰ মুখ্য লক্ষণ।

    4. প্ৰেম আৰু সপোন: ৰোমান্টিক কবিতাত প্ৰেমৰ বিশেষ স্থান আছে। কবিতাবোৰত প্ৰেমৰ নানা দিশৰ অনুভূতি, সপোনৰ সৌন্দৰ্য, আৰু অনুভৱবোৰ গভীৰভাৱে চিত্ৰিত কৰা হয়।

    5. আন্তৰ্জাতিক দৃষ্টিভংগী: ৰোমান্টিক যুগৰ অসমীয়া কবিতাত বিশ্বৰ সাহিত্যৰ প্ৰভাৱও পোৱা যায়। ইংৰাজী ৰোমান্টিক সাহিত্যৰ পৰা প্ৰভাৱিত হৈ অসমীয়া কবিতাতো নতুন নতুন ভাৱধাৰাৰ প্ৰৱেশ ঘটে।

    6. স্বাধীন চিন্তা আৰু কল্পনা: ৰোমান্টিক কবিতাবোৰত কল্পনা আৰু স্বাধীন চিন্তাৰ উদ্দীপনা দেখা যায়। পৰম্পৰাগত নিয়ম আৰু সীমাবদ্ধতাৰ বাহিৰে গই এই কবিতাবোৰে মুক্ত চিন্তা আৰু ব্যক্তিত্বৰ প্ৰকাশ কৰে।

    এই সকলোবোৰ বৈশিষ্ট্যৰে অসমীয়া ৰোমান্টিক কবিতাই সাহিত্যৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল।

Leave a Comment