অলংকাৰ কাক বোলে?

অলংকাৰ কাক বোলে

অলংকাৰ:

‘অলংকাৰ’ স্বভাৱতে দেহৰ শোভা বৰ্দ্ধক বস্তু। সাহিত্যৰ আভৰণ হৈছে শব্দ আৰু তাৰ অৰ্থ। এতেকে যিবিলাক শব্দ আৰু বাক্য‌ই সাহিত্যৰ শোভা বঢ়ায়, তাকে সাহিত্যৰ অলংকাৰ বোলে।

‘অলংকাৰ’ শব্দটো সংস্কৃত ‘অলম’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ দুটা- এটা পৰ্যাপ্তি আৰু আনটো ভূষণ। গতিকে ক’ব পাৰি- সাহিত্য শৰীৰৰ সৌন্দৰ্যবৰ্দ্ধক যিবোৰ শব্দ বা বাক্য ক’লে মনত সুখ লাগে আৰু মনলৈ এক পৰ্যাপ্ত ভাব আহে সেয়াই হৈছে অলংকাৰ। আচাৰ্য দণ্ডীৰ মতে, “কাব্যশোভাকৰান্ ধৰ্মালংকাৰান্ প্ৰচক্ষতে।” অৰ্থাৎ যিবিলাক ধৰ্ম কাব্যৰ শোভাকৰ, সিয়েই অলংকাৰ।

অলংকাৰৰ স্বৰূপ:

কাব্য-সাহিত্যত অলংকাৰ সম্পৰ্কে প্ৰাচীন ভাৰতীয় আলংকাৰিকসকলে নানা ধৰণৰ মন্তব্য আগবঢ়াইছে। ‘অলংকাৰ’ শব্দৰ প্ৰয়োগ অতীৱ প্ৰাচীন। ‌ঋকবেদৰ পৰা আৰম্ভ কৰি বিভিন্ন বৈদিক-সাহিত্যৰ স্থানবিশেষ শোভিত কৰি পৰৱৰ্তী পাণিনি-বাল্মীকিৰ ৰচনাৰ মাজলৈ ই নামি আহিছে।

অলংকাৰ শাস্ত্ৰৰ প্ৰথম আচাৰ্য ভামহৰ মতে, অলংকাৰ হৈছে- “বক্ৰোভিধেয়া শব্দোক্তিৰিষ্টা বাচামলংকৃতি।” অৰ্থাৎ কবিৰ মনৰ ভাব প্ৰকাশৰ জোখাই যি বক্ৰতাপূৰ্ণ বিচিত্ৰ কথনভংগী প্ৰয়োগ কৰা হয়, সিয়েই অলংকাৰ।

আচাৰ্য দণ্ডীৰ মতে, যিবিলাক ধৰ্ম কাব্যৰ শোভাকৰ, সিয়েই অলংকাৰ- “কাব্যশোভাকৰান্ ধৰ্মালংকাৰান্ প্ৰচক্ষতে।” কথাষাৰ অলপ বহলভাৱে ক’বলৈ হ’লে কাব্যৰ অন্তৰ্গত উপমা-ৰূপক আদি যিবোৰ উক্তি বৈচিত্ৰ্য বা বক্ৰবচনভংগীয়ে শব্দ-অৰ্থৰূপ কাব্যশৰীৰৰ সৌন্দৰ্য্য বঢ়ায়, সিয়েই অলংকাৰ। দণ্ডীয়ে কিন্তু স্বভাৱোক্তি আৰু বক্ৰোক্তিক অলংকাৰৰ মূল বীজ বুলি ধৰাৰ লগতে শ্লেষ, প্ৰসাদ আদি গুণবিলাকো অলংকাৰ বুলি ভাবিছে। দণ্ডীৰ মতে, “কাব্যশোভাকৰান্ ধৰ্ম্মান্।” ইয়াৰ দ্বাৰা ইয়াকে বুজিব পাৰি যে যিবোৰ গুণক বাদ দি কাব্যৰ কাব্যত্ব নাথাকে, সিয়েই অলংকাৰ।

আচাৰ্য ভট্ট বামণৰ মতে, “কাব্যং গ্ৰাহ্যমলংকাৰাৎ।” অৰ্থাৎ কাব্য কাব্যৰূপে গ্ৰহণযোগ্য হয় অলংকাৰৰ দ্বাৰাহে। তেওঁ আকৌ কৈছে যে, সৌন্দৰ্য্য‌ই অলংকাৰ- “সৌন্দৰ্যমলংকাৰঃ।” তেওঁৰ মতে এই সৌন্দৰ্য্যৰ উদ্ভৱ হয় অশ্লীলতাদি দোষহীনতা, মাধুয্যাদি গুণৰ সংযোগ আৰু অলংকাৰৰ সমাৱেশতহে। গতিকে বুজা যায় যে, বামনৰ মতে সৌন্দৰ্য বা অলংকাৰেই কাব্যৰ মূল বস্তু, যাৰ অভাৱত কাব্যক কাব্যৰূপে গ্ৰহণ কৰিব পৰা নাযায়। বামনৰ মতবাদটো সুস্পষ্ট কৰাৰ উদ্দেশ্যে এই প্ৰসংগত তেওঁৰ “ৰীতিয়েই কাব্যৰ আত্মা” কথাখিনি চালি-জাৰি চালে পাওঁ। ৰীতি হৈছে ‘বিশিষ্ট পদ ৰচনা’, আৰু মাধুৰ্যাদি গুণেই হৈছে বিশিষ্ট পদ-ৰচনাৰ মূল। কথাটো সহজভাৱে ক’বলৈ হ’লে, গুণেই কাব্যৰ শোভা বা স্থায়ী ধৰ্ম। যি ৰচনাত গুণ নাই, অথচ উপমাদি অলংকাৰ আছে, তাত কাব্যত্ব নাই বুলিব পাৰি।

ধ্বনিবাদী আলংকাৰিকসকলে স্পষ্টভাৱে কৈছে যে, অলংকাৰ ৰসৰ বাহিৰা বস্তু। কবিৰ মনৰ ভাবে প্ৰকাশ লাভৰ ক্ষেত্ৰত যেতিয়া ভাষিক ৰূপ লয়, তেতিয়া উপযুক্ত অলংকাৰৰ প্ৰয়োজন হয়। অলংকাৰ নহ’লে ভাবৰ ভাষিক ৰূপ সম্ভৱ নহয়।

আনন্দ বৰ্ধনৰ মতে, ৰসৰ ক্ষেত্ৰত অলংকাৰ বাহিৰা বস্তু নহয়। ৰসেই কাব্যৰ শব্দাৰ্থ ৰূপ শৰীৰৰ আত্মা। অলংকাৰে মাত্ৰ এই আত্মাৰ সৌন্দৰ্যহে বঢ়াব পাৰে।

এইদৰে প্ৰাচীন আলংকাৰিকসকলে অলংকাৰৰ স্বৰূপ সম্পৰ্কে নানা মত আগবঢ়াইছে।

কাব্য-সাহিত্যত অল‍ংকাৰৰ প্ৰয়োজনীয়তা:

কাব্য-সাহিত্যত অল‍ংকাৰৰ প্ৰয়োজনীয়তাৰ কথা অতি পুৰণি কালৰে পৰা স্বীকাৰ কৰি অহা হৈছে। মূলতঃ তিনিটা কাৰণত কাব্য-সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা আহি পৰে। এই তিনিটা কাৰণ হ’ল-

১) বাক্যক প্ৰভাৱশালী কৰা

২) বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰণ দিয়া আৰু

৩) ৰমণীয়তা সম্পাদন।

প্ৰভাৱশালীতা:

শ্ৰোতা বা পাঠকৰ মনত লাগি যোৱাকৈ, মনত দকৈ বহাকৈ কোৱাকে বাক্যক প্ৰভাৱশালী কৰা বোলে। ৰূপ, গুণ, ক্ৰিয়া আদি যিহকে বৰ্ণনা নকৰক কিয় তাক দৃঢ় বা তীব্ৰভাৱে ফুটাই তুলিবলৈ হ’লে উকাকৈ নকৈ অলংকাৰ দি কথা ক’ব লগা হয়। উদাহৰণস্বৰুপে, ৰঙা গাল বুলিলেও হয়, তাকে নুবুলি যেতিয়া গোলাপী গাল বুলি গালৰ বৰ্ণনা দিওঁ তেতিয়া গোলাপ ফুলৰ ৰক্তিম ৰমণীয়তা আৰু কোমলতা গোটেইখিনি যুৱতীৰ গালত কল্পনা কৰি গালৰ সৌন্দৰ্য দুগুণে উপলদ্ধি কৰিলোঁ। ইয়াত উপমা অলংকাৰে ক’ব খোজা অৰ্থক প্ৰভাৱশালী কৰি প্ৰকাশ কৰিছে।

স্পষ্টীকৰণ:

অলংকাৰৰ দ্বিতীয় প্ৰয়োজন স্পষ্টীকৰণ। ৰূপ, গুণ, ক্ৰিয়া আৰু ভাবক স্পষ্ট কৰিব লাগিলে বহু ক্ষেত্ৰত অলংকাৰৰ আশ্ৰয় নলৈ নোৱাৰি। উদাহৰণস্বৰুপে-

“বক্ষস্থলে মুকুতাৰ হাৰ।

আকাশী গংগাৰ যেন ধাৰ।।”

ইয়াত “বক্ষস্থলে মুকুতাৰ হাৰ” অৰ্থাৎ শ্ৰীকৃষ্ণ‌ই বুকুত মুকুতাৰ হাৰ পিন্ধিছে- কেৱল এইখিনি মাত্ৰ কৈ থ’লে মুকুতাৰ হাৰৰ সৌন্দৰ্য আমাৰ মনত অস্ফুট হৈ ৰৈ যায়। গোসাঁইৰ বুকুত মুকুতাৰ হাৰে যি সৌন্দৰ্য্যৰ সৃষ্টি কৰিছে তাৰ বোধ হ’ব পৰাকৈ আমাৰ কল্পনাক উদ্দীপ্ত কৰিবলৈ আৰু কিবা এটা আলম্বনৰ দৰকাৰ। সেই আলম্বনৰ যোগান ধৰিছে তলৰ শাৰী বাক্য‌ই- “আকাশী গংগাৰ যেন ধাৰ”। জলমলীয়া জলধাৰাৰে আকাশী গংগাই বহল নীল আকাশত যি সৌন্দৰ্য্যৰ সৃষ্টি কৰিছে শ্ৰীকৃষ্ণৰ বহল মেঘবৰণীয়া বুকুত জলমলীয়া মুকুতাৰ হাৰে অনুৰূপ শোভাৰ বিস্তাৰ কৰিছে। মহাপুৰুষ শংকৰদেৱে উৎপ্ৰেক্ষা অলংকাৰৰ সহায়ত আকাশী গংগাৰ চিত্ৰটো দাঙি ধৰি “বক্ষস্থলে মুকুতাৰ হাৰ” কথাত অপৰিস্ফুট হৈ থকা সৌন্দৰ্য্যখিনি স্পষ্ট আৰু হৃদয়গ্ৰাহীকৈ আমাৰ মনৰ সন্মুখত তুলি ধৰিছে।

ৰমণীয়তা সম্পাদন:

অলংকাৰৰ তৃতীয় অথচ সৰ্বোপৰি প্ৰধান প্ৰয়োজন হৈছে ৰমণীয়তা সম্পাদন। প্ৰভাৱশালীতা আৰু স্পষ্টতা অলংকাৰৰ গৌণ প্ৰয়োজন, চাৰুত্ব বা মনোহাৰিত্বহে মুখ্য প্ৰয়োজন। বক্ৰোক্তি অতিশয়োক্তিযুক্ত বাক্য মাত্ৰেই প্ৰভাৱশালী হ’লেও অলংকাৰৰ শাৰীলৈ উঠিব নোৱাৰে, যদিহে সেই শব্দাৰ্থত ৰমণীয়তা নাথাকে। কাব্যালংকাৰে বুদ্ধিৰ উপৰি কল্পনাক জাগ্ৰত কৰি ভাবত মাধুৰ্য সানে। ‘টেকেলি কলহৰ নিচিনা বস্তু’- ইয়াত সাদৃশ্য আছে, উপমান উপমেয় সমান ধৰ্ম আদিও আছে, তথাপি ই উপমা অলংকাৰ নাম পাবৰ যোগ্য নহয়। কিয়নো ইয়াত সাদৃশ্য থাকিলেও মনোহাৰিত্ব নাই। কিন্তু ‘নীল পদুমৰ দৰে চকু’ ইয়াত থকা সাদৃশ্য মনোৰম সাদৃশ্য। চকুৰ সৌন্দৰ্য ফুটাই তোলাৰ লগতে ই মনত এটা মনোহাৰিণী অৱস্থিতিৰ উদ্ভৱ কৰাইছে।

ওপৰোক্ত আলোচনাৰ ভিত্তিত ক’ব পাৰি যে সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা আছে।

কাব্য-সাহিত্যত অলংকাৰৰ স্থান:

কাব্য-সাহিত্যত অলংকাৰে কেনে ধৰণৰ স্থান অধিকাৰ কৰি আহিছে সেই সম্বন্ধে আচাৰ্যসকলৰ মাজত মতভেদ দেখা যায়। অলংকাৰক কাব্য সৌন্দৰ্য্যৰ অপৰিহাৰ্য্য বস্তু ৰূপে ভবা আচাৰ্যসকলৰ ভিতৰত ভামহ বিশেষ ভাৱে উল্লেখযোগ্য। তেওঁৰ মতে, “ন কান্তমপি নিৰ্ভূষং বিভাতি বনিতামুখম্”। ৰমণীৰ মুখ স্বাভাৱিকতে ধুনীয়া হ’লেও অলংকাৰ বিহীন হ’লে সি শোভা নাপায়। সেইদৰে কাব্যৰ শব্দাৰ্থ ৰূপ শৰীৰ সুন্দৰ হ’লেও তাত অলংকাৰ নাথাকিল সি শোভা নাপায়। গতিকে ভামহৰ মতে কাব্যত অলংকাৰৰ স্থান অপৰিহাৰ্য্য। অলংকাৰৰ অপৰিহাৰ্য্যতা স্বীকাৰ কৰা আচাৰ্য গোষ্ঠীৰ ভিতৰত দণ্ডী আৰু উদ্ভটৰ নাম বিশেষ উল্লেখযোগ্য। যিবোৰ ৰচনাৰ মাজত কোনো অলংকাৰ দেখিবলৈ পোৱা নাযায়, অথচ উপযুক্ত শব্দাৰ্থ আৰু ৰস সম্বলিত হৈ সহৃদৰ হৃদয়গ্ৰাহী হৈ উঠে, তেনেকুৱা ৰচনাৰ মাজতো এই শ্ৰেণীৰ অলংকাৰবাদী আচাৰ্য‌ই অলংকাৰ থকা বুলি ভাবে। কিয়নো তেওঁলোকৰ মতে ধ্বনি, ৰস আদিবোৰ বাচ্যাৰ্থক সুন্দৰ কৰি প্ৰকাশ কৰে। গতিকে ধ্বনি, ৰস আদি বাচ্যাৰ্থৰ সৌন্দৰ্য্যকাৰক। উক্ত আলংকাৰিক শ্ৰেণীৰ দৃষ্টিত এই ভাৱত ধ্বনি, ৰস আদিও অলংকাৰ।

আলংকাৰিকৰ আন এটা গোষ্ঠী ধ্বনিবাদী আচাৰ্য আনন্দবৰ্ধন আৰু অভিনৱ গুপ্তকে আদি কৰি বিশ্বনাথ কবিৰাজলৈ কিছুমানে অৱশ্যে অলংকাৰৰ অপৰিহাৰ্য্যতা স্বীকাৰ নকৰে। তেওঁলোকৰ মতে অলংকাৰ কাব্যৰ অপৰিহাৰ্য্য বস্তু নহয়। কাব্যৰ ই এবিধ অস্থিৰ ধৰ্ম। এই ধৰ্ম নাথাকিল বুলি যে ৰস ৰূপ আত্মাযুক্ত শব্দাৰ্থ ৰূপ কাব্য শৰীৰ মনোৰম হৈ নুঠিব, এনে নহয়। মাত্ৰ অলংকাৰক তেওঁলোকে কাব্যৰ শব্দাৰ্থ শৰীৰৰ মাজেদি ইয়াৰ ৰসৰূপ আত্মা বা চৈতন্য সত্তাৰ সৌন্দৰ্যবৰ্দ্ধক বস্তু ৰূপে মানিব খোজে। পৰম ৰূপ লাৱণ্যযুক্তা যুৱতীৰ চৈতন্য (আত্মা) হীন দেহত নানাবিধ অলংকাৰ সংযোগ নিৰৰ্থক, চৈতন্য সম্পন্ন তেনে দেহতহে ই সাৰ্থক। তেনেকৈ কাব্য শৰীৰো ৰস ৰূপ চৈতন্য সত্ত্বাক সমুজ্জল কৰি তোলাতহে অলংকাৰৰ সাৰ্থকতা থাকিব পাৰে।

অলংকাৰৰ প্ৰকাৰ:

অলংকাৰ প্ৰধানকৈ দুই প্ৰকাৰৰ-

১) শব্দালংকাৰ আৰু

২) অৰ্থালংকাৰ।

শব্দালংকাৰ:

যি অলংকাৰে তাৰ সাৰ্থকতাৰ বাবে শব্দৰ ওপৰত নিৰ্ভৰশীল তাকে শব্দালংকাৰ বোলে। অৰ্থাৎ শব্দক আশ্ৰয় কৰি সৃষ্টি হোৱা অলংকাৰেই হ’ল শব্দালংকাৰ। উদাহৰণস্বৰূপে-

‘অঙ্গৰ অঙ্গনাই অঙ্গশোভা কৰে।’

ইয়াত ‘অঙ্গ’ শব্দটো তিনিবাৰ ব্যৱহাৰ হৈ শব্দালংকাৰৰ সৃষ্টি কৰিছে। ইয়াৰ অৰ্থ- অঙ্গদেশৰ তিৰোতাই অঙ্গশোভা কৰিছে। ইয়াত ‘অঙ্গনা’ৰ পৰিৱৰ্তে একে অৰ্থবাচক ‘ললনা’ বা ‘তিৰোতা’ আৰু ‘অঙ্গশোভা’ৰ পৰিৱৰ্তে যদি ‘শৰীৰশোভা’ শব্দ বহুওৱা হয় তেতিয়া একেটা ধ্বনিৰ পৌনঃ পৌনিকতা হেৰুৱাই বাক্যটোত শব্দালংকাৰ নোহোৱা হয়।

শব্দালংকাৰ প্ৰধানকৈ পাঁচ প্ৰকাৰৰ- অনুপ্ৰাস, যমক, শ্লেষ, পুনৰুক্তবদাভাস, আৰু বক্ৰোক্তি।

অনুপ্ৰাস:

শুনিবলৈ শুৱলা হোৱাকৈ সদৃশ ব্যঞ্জন বৰ্ণৰ ওচৰা-ওচৰিকৈ বিন্যাস কৰাকে অনুপ্ৰাস বোলে। উদাহৰণস্বৰূপে-

“কত আভা কত প্ৰভা

মনোলোভা মনোৰমা;

কত কবি কত ছবি

যাচে চুমা নিৰুপমা।।”- গণেশ চন্দ্ৰ গগৈ

ইয়াত ‘ক’, ‘ত’, ‘ভ’, ‘ম’, ‘ন’, ‘ক’, আৰু ‘ব’- এইকেইটা ব্যঞ্জনবৰ্ণৰ ওচৰা-ওচৰিকৈ বিন্যাস ঘটিছে। গতিকে ই অনুপ্ৰাস অলংকাৰ।

অনুপ্ৰাস আকৌ পাঁচ ভাগত বিভক্ত- বৃত্ত্যনুপ্ৰাস, ছেকানুপ্ৰাস, শ্ৰুত্যনুপ্ৰাস, অন্ত্যানুপ্ৰাস আৰু লাটানুপ্ৰাস।

বৃত্ত্যনুপ্ৰাস:

এক বা একাধিক বৰ্ণ দুবাৰ বা ততোধিকবাৰ আবৃত হ’লে তাক বৃত্ত্যনুপ্ৰাস বোলে। উদাহৰণস্বৰূপে-

“মোহদানন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী।”

ইয়াত ‘ন্’ আৰু ‘দ্’ এই দুই বৰ্ণৰ সংযুক্ত আৰু বিযুক্তভাৱে বাৰে বাৰে আবৃত হোৱাত ই বৃত্ত্যনুপ্ৰাস হৈছে।

ছেকানুপ্ৰাস:

দুই বা ততোধিক বৰ্ণ একেটা ক্ৰমতে সংযুক্ত ভাৱেই হ‌ওঁক বা বিযুক্তভাৱেই হ‌ওঁক দুবাৰ ধ্বনিত হ’লে তাক ছেকানুপ্ৰাস বোলা হয়। উদাহৰণস্বৰূপে-

“ভৱ-ভয়-ভঞ্জন, ৰঞ্জন সজ্জন।”

(ভটিমা- শংকৰদেৱ)

ইয়াত ‘ঞ’ আৰু ‘জ’ সংযুক্ত ভাৱে দুবাৰ ধ্বনিত হৈছে। গতিকে ই ছেকানুপ্ৰাস।

শ্ৰুত্যানুপ্ৰাস:

বাগযন্ত্ৰৰ এক স্থানৰ পৰা উচ্চাৰিত সদৃশ-ধ্বনিৰ পৰা সৃষ্টি হোৱা অনুপ্ৰাসেই শ্ৰত্যনুপ্ৰাস। এই অনুপ্ৰাস শ্ৰুতি মধুৰ কাৰণেই ইয়াক শ্ৰুত্যনুপ্ৰাস বোলা হয়। উদাহৰণস্বৰুপে-

“ভূজ যুগ কেয়ূৰ।” (ৰুক্মিণী হৰণ)

ইয়াত ‘জ’ আৰু ‘য’ সদৃশ ধ্বনি আবৃত হৈছে। গতিকে ই শ্ৰুত্যনুপ্ৰাস।

অন্ত্যানুপ্ৰাস:

পদ, দুলড়ী আদি ছন্দৰ পূৰ্বান্তৰৰ লগত পূৰ্বান্তৰ আৰু চৰণান্তৰ লগত চৰণান্তৰ ধ্বনিৰ যি মিল তাকেই বোলা হয় অন্ত্যানুপ্ৰাস। উদাহৰণ স্বৰুপে-

“জগজন জীৱন অজন জনাৰ্দন

দনুজদমন দুঃখহাৰী।

মোহদানন্দ কন্দ পৰমানন্দ

নন্দ নন্দন বনচাৰী।।”- (শংকৰদেৱ)

ইয়াত ‘দুঃখহাৰী’ আৰু ‘বনচাৰী’ মিলি গৈছে। গতিকে ই অন্ত্যানুপ্ৰাস।

লাটানুপ্ৰাস:

এক বা একাধিক শব্দ একে অৰ্থতে, মাত্ৰ তাৎপৰ্যভেদে একাধিকবাৰ ব্যৱহাৰ হ’লে তাক লাটানুপ্ৰাস বোলে। উদাহৰণস্বৰুপে-

“নগলে পাথৰ, নজ্বলে আখৰ, নজ্বলে বুকুৰ জলন্ত ভাষা…। (শাপমুক্ত, ডিম্বেশ্বৰ নেওগ)

ইয়াত ‘নজ্বলে’ শব্দৰ দুয়োটাৰে অৰ্থ একে কিন্তু তাৎপৰ্য বেলেগ বেলেগ। গতিকে ই লাটানুপ্ৰাস।

যমক:

স্বৰ-ব্যঞ্জন বৰ্ণৰ একেটা সমূহৰ একেটা ক্ৰমতে সাৰ্থক ভাৱেই হ‌ওঁক বা নিৰৰ্থক ভাৱেই হ‌ওঁক পুনৰুক্তি হোৱাকে যমক অলংকাৰ বোলে। উদাহৰণস্বৰুপে-

“অশ্ৰুৰ নিজৰা সহবেদনাৰ।

অমৃত অমৃত দলিতা ধৰাৰ।।”- বৰঠাকুৰ

ইয়াত ব্যৱহৃত প্ৰথম ‘অমৃত’ মানে ‘অক্ষয় অমৰ’ আৰু দ্বিতীয় ‘অমৃত’ মানে ‘সুধা’। দুয়োটাই সাৰ্থক। গতিকে ই যমক অলংকাৰ।

সেইদৰে,

“মৃত্যু কুশল কুশল কোঁৱৰে

বিলাই জীৱন ধন।

এখন্তেকীয়া মৰণ কৰিলে

যুগমীয়া সুমৰণ।”

ইয়াত প্ৰথম চৰণৰ দুয়োটা ‘কুশল’ সাৰ্থক। প্ৰথম কুশলৰ অৰ্থ পটু, দ্বিতীয় কুশল মানুহজনৰ নাম। তৃতীয় চৰণত ‘মৰণ’ বৰ্ণসমূহ সাৰ্থক, কিন্তু চতুৰ্থ চৰণৰ ‘সুমৰণ’ৰ মৰণ অংশ বাক্যত নিৰৰ্থক।

শ্লেষ:

‘শ্লেষ’ শব্দৰ অৰ্থ হৈছে লগ লাগি থকা। বাক্যত এটা শব্দৰেই দুই বা ততোধিক অৰ্থ একেলগে কোৱাকে শ্লেষ অলংকাৰ বোলে। দুটা বা ততোধিক অৰ্থ একেটা শব্দত লগলাগি থাকে কাৰণে এই অলংকাৰক শ্লেষ বোলে। উদাহৰণস্বৰূপে-

(১) “নৰক বিনাশন কৃষ্ণ।”

ইয়াত ‘নৰক-বিনাশন’ শব্দটোৰ দুটা অৰ্থ- এটা হ’ল নৰকৰ ভয় নাশ কৰোঁতা আৰু আনটো নৰক নামৰ অসুৰৰ বিনাশকাৰী।

(২) ‘বৰাই খোৱা কচু শইকীয়ালৈ পঠাবা।

ইয়াত ‘বৰা’ শব্দ‌ই দুটা অৰ্থ প্ৰকাশ কৰে- এটা হ’ল ‘বৰা’ শব্দ‌ই উপাধিক বুজাইছে আৰু আনটো ‘বৰা’ শব্দ‌ই গাহৰিক বুজাইছে।

পুনৰুক্তবদাভাস:

‘পুনৰুক্ত’ মানে কোৱাকে কোৱা, ‘বৎ’ মানে নিচিনা আৰু ‘আভাস’ মানে যেন লগা। অৰ্থাৎ পুনৰুক্তবদাভাস মানে কোৱাকে কোৱাৰ নিচিনা যেন লগা। অৰ্থাৎ এক অৰ্থ বুজোৱা বেলেগ শব্দ বেলেগ অৰ্থত, নাইবা একে শব্দ‌ই বেলেগ অৰ্থত যমকাদিত ব্যৱহৃত হোৱাত একাৰ্থ যেন লগাক পুনৰুক্তবদাভাস বোলে। উদাহৰণস্বৰূপে-

“শকুন্তলাৰ তনু দেহৰ সৌন্দৰ্য্যত দুষ্মন্ত মুগ্ধ।”

ইয়াত ‘তনু’ আৰু ‘দেহ’ একে অৰ্থবাচক শব্দ হ’লেও দুয়োটাৰে অৰ্থ ভিন্ন। ‘তনু’ মানে ক্ষীণ আৰু ‘দেহ’ মানে শৰীৰক বুজাইছে।

বক্ৰোক্তি:

যেতিয়া কোনো কথা বক্তাই কয় এক অৰ্থত আৰু শ্ৰোতাই জানি শুনিও আন অৰ্থত লৈ আচল কথাটো লুকুৱাব খোজে তেতিয়া তাক বক্ৰোক্তি অলংকাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে-

পাৰ্বতী- দুৱাৰত সেয়া কোন?

শিৱ- শূলী।

পাৰ্বতী- বেজ বিচাৰি যোৱা।

শিৱ- ম‌ই নীলকণ্ঠ।

পাৰ্বতী- কেকা ৰব কৰাগৈ।

শিৱ- ম‌ই পশুপতি।

পাৰ্বতী- নেগুৰ নাই কিয়?

এই কথা-বতৰাখিনিত শিৱ‌ই কৈছে এটা অৰ্থত কিন্তু পাৰ্বতীয়ে উত্তৰ দিছে আন এটা অৰ্থ কৰি। শিৱ‌ই কৈছে ম‌ই শূলী- পাৰ্বতীয়ে শূলী শব্দৰ ত্ৰিশূলধাৰী অৰ্থ নলৈ শূলৰোগী অৰ্থ কৰি বেজ বিচাৰি যাবলৈ কৈছে। এয়াই বক্ৰোক্তি।

বক্ৰোক্তি দুই প্ৰকাৰৰ- কথা কোৱাৰ ভংগী আৰু শ্লেষ। ইয়াৰ ভিতৰত শ্লেষৰ প্ৰয়োগ অধিক।

অৰ্থালংকাৰ:

যি অলংকাৰে তাৰ সাৰ্থকতাৰ বাবে শব্দৰ ওপৰত নিৰ্ভৰ নকৰি অৰ্থৰ ওপৰত নিৰ্ভৰ কৰে তাকে অৰ্থালংকাৰ বোলে। এইবিধ অলংকাৰত একে অৰ্থসূচক ভিন্ন শব্দ প্ৰয়োগ কৰিলেও অলংকাৰৰ কোনো হানি নঘটে। উদাহৰণস্বৰূপে-

‘প্ৰফুল্ল কমল যেন নয়ন যুগল।’

ইয়াত যদি কোনো এটি শব্দ বা প্ৰতিটো শব্দকে উঠাই দি একে অৰ্থযুক্ত বেলেগ শব্দ‌ও ব্যৱহাৰ কৰা হয় তথাপি অলংকাৰৰ কোনো সৌন্দৰ্য্যৰ হানি নঘটিব। যেনে- “বিকশিত পদ্ম যেন চকুযুৰি।” গতিকে ই অৰ্থালংকাৰ।

পদ্ধতিগতভাৱে বিচাৰ কৰিবলৈ হ’লে অৰ্থালংকাৰসমূহক পাঁচটা শ্ৰেণীত ভগাব পাৰি-

১) সাদৃশ্যমূলক

(২) বৈসাদৃশ্যমূলক

(৩) শৃঙ্খলামূলক

(৪) ন্যায়মূলক

(৫) গূঢ়াৰ্থমূলক।

সাদৃশ্যমূলক অলংকাৰ:

সাদৃশ্যমূলক অলংকাৰবোৰ সদৃশ, অথচ বিজাতীয় বস্তুৰ ৰিজনিৰ ওপৰত নিৰ্ভৰ কৰে। সেই ৰিজনি অৱশ্যে চমৎকাৰাত্মক বা আহ্লাদদায়ক হ’ব লাগিব।

সাদৃশ্যমূলক অলংকাৰত চাৰিটা অংগ থাকে-

১) উপমেয়: যাক তুলনা কৰা হয়।

২) উপমান: যাৰ লগত তুলনা কৰা হয়।

৩) সাধাৰণ ধৰ্ম: যিহৰ লগত তুলনা কৰা হয়।

৪) উপমাবাচক: যি শব্দেৰে তুলনা কৰা হয়।

উদাহৰণস্বৰুপে,

“মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে

সেউজীয়া বননিৰ বৰণেৰে ঢকা।”

(যতীন্দ্ৰ নাথ দুৱৰা)

ইয়াত উপমেয়- হিয়াখনি; উপমান- জেতুকা পাত; সামান্য ধৰ্ম- সেউজীয়া বননিৰ বৰণ; উপমাবাচক- দৰে।

সাদৃশ্যমূলক অলংকাৰৰ ভিতৰত উপমা, ৰূপক, অপহ্নুতি, ভ্ৰান্তিমান, উৎপ্ৰেক্ষা, অতিশয়োক্তি, অপ্ৰস্তুত প্ৰশংসা আদি প্ৰধান।

উপমা:

উপমা শব্দৰ অৰ্থ হৈছে তুলনা। একে ৰূপ, গুণ থকা দুটা বিজাতীয় বস্তুৰ মাজত তুলনাৰ ভিত্তিত যিবোৰ অলংকাৰৰ সৃষ্টি হয় তাকে উপমা অলংকাৰ বোলে। উদাহৰণস্বৰূপে-

“তাইৰ মুখখন যেন এপাহ গোলাপ।”

ইয়াত মুখ আৰু গোলাপ দুটা বিজাতীয় বস্তু; কিন্তু ‘ধুনীয়া’- এই ধৰ্মটি লুপ্তভাৱে হ’লেও দুয়োটাৰে মাজত তুলনা কৰা হৈছে। গতিকে ই উপমা অলংকাৰ।

উপমাৰ অংগ চাৰিটা-

১) উপমেয়

২) উপমান

৩) সাধাৰণ ধৰ্ম আৰু

৪) উপমাবাচক

উপমা অলংকাৰ প্ৰধানতঃ তিনিটা-

১) পূৰ্ণোপমা

২) লুপ্তোপমা আৰু

৩) মালোপমা।

পূৰ্ণোপমা:

যি উপমাত উপমেয়, উপমান, সামান্য ধৰ্ম আৰু উপমাবাচক- এই চাৰিওটা অংগ ব্যক্ত থাকে, তাকেই পূৰ্ণোপোমা বোলে। উদাহৰণস্বৰূপে-

“মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে

সেউজীয়া বননিৰ বৰণেৰে ঢকা।”

(যতীন্দ্ৰ নাথ দুৱৰা)

ইয়াত উপমেয়- হিয়াখনি; উপমান- জেতুকা পাত; সামান্য ধৰ্ম- সেউজীয়া বননিৰ বৰণ; উপমাবাচক- দৰে।

লুপ্তোপমা:

যি উপমাত উপমেয়ত বাহিৰে বাকী অংগ কেইটাৰ এটা, দুটা বা তিনিওটা অংগ‌ই লুপ্ত হৈ থাকে; বিচাৰত কিন্তু আটাইকেইটা ধৰা পৰে, তেনেধৰণৰ উপমাকে লুপ্তোপমা বোলে। উদাহৰণস্বৰুপে-

“যেন জলময় ৰাজা নাহি কোপ তাপ।”

(ৰুক্মিণী হৰণ কাব্য)

ইয়াত উপমেয়, সামান্য ধৰ্ম আৰু উপমাবাচক আছে কিন্তু উপমান নাই।

মালোপমা:

একেডাল সূতাতে বহুত ফুল দি মালা গোঁথাৰ দৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমানৰ সম্বন্ধ ঘটালে তাক মালোপমা বোলা হয়। উদাহৰণস্বৰুপে-

“তেওঁ আছিল বজ্ৰৰ দৰে কঠিন অথচ কুসুমৰ দৰে কোমল, কাঁড়ৰ দৰে পোন আৰু তৰুৰ দৰে সহিষ্ণু।”

ইয়াত এজন মানুহ উপমেয় আৰু তেওঁক তুলনা কৰা হৈছে ক্ৰমান্বয়ে বজ্ৰ, কাঁড় আৰু তৰুৰ লগত।

ৰূপক:

উপমিতক উপমানৰ লগত অভেদ কল্পনা কৰাক অৰ্থাৎ উপমিতক উপমান ৰূপে আৰোপ কৰাক ৰূপক অলংকাৰ বোলে। ইয়াত উপমানৰ গুণ বা ধৰ্ম উপমিতত আনি সিহঁতৰ তুল্যৰূপতা দেখুওৱা হয়। উদাহৰণস্বৰূপে-

“এতিয়া কৰিলে কাল ধেমালিত হানি,

বিদ্যা-ধন উপাৰ্জন কৰিবা কাহানি?”

(উজুপাঠ)

ইয়াত উপমেয় বিদ্যাক উপমিত ধনৰ লগত অভেদ কল্পনা কৰা হৈছে।

ৰূপক সাধাৰণতে তিনি প্ৰকাৰৰ-

১) পৰস্পৰিত

২) সাংগ আৰু

৩) নিৰংগ।

পৰস্পৰিত:

এটা বস্তুৰ আৰোপ সিদ্ধিৰ বাবে আন এটা বস্তুক আৰোপ কৰাক পৰস্পৰিত ৰূপক বোলে। উদাহৰণস্বৰূপে-

“ফলিব অচিৰে

আশালতা সিঞ্চা যদি ধৈৰ্যবাৰি মূলে।”

(কমতাপুৰ ধ্বংস কাব্য)

ইয়াত আশালতাৰ আৰোপ সিদ্ধিৰ বাবে ধৈৰ্যক বাৰি ৰূপে আৰোপ কৰা হৈছে।

সাংগ ৰূপক:

এটা বস্তুক কোনো এটা বস্তুৰ লগত তুল্যৰূপতা দেখুৱাই তাৰ বাকী ভাগবিলাককো সেই বস্তুৰ বাকী ভাগবিলাকৰ লগত তুল্যৰূপতা দেখুৱাকে সাংগৰূপক বোলে। উদাহৰণস্বৰূপে-

“ৰামমুখপদ্ম মোৰ নয়ন ভ্ৰমৰ।

বাৰিতে নপাৰো ভোগ কৰে নিৰন্তৰ।।”

(মাধৱ কন্দলী- অযোধ্যাকাণ্ড)

নিৰংগ ৰূপক:

উপমেয়ত উপমানৰ অভেদত্ব আৰোপ কৰিলে নিৰংগ ৰূপক সিদ্ধ হয়। উদাহৰণস্বৰুপে-

“শত বৰষৰ ধূলিত হেৰোৱা

জীৱন কুসুমে মেলিব পাহি।”

(যতীন্দ্ৰনাথ দুৱৰা)

ইয়াত জীৱনক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰোপ কৰা হৈছে। গতিকে ই নিৰংগ ৰূপক।

অপহ্নুতি:

য’ত আচল কথাটো (উপমিত) গোপন কৰি আগৰ কথাৰ দ্বাৰা উপমানক প্ৰকাশ কৰা হয়, তাক অপহ্নুতি বোলে। উদাহৰণস্বৰূপে-

“কোনে কয় সিটি হৰিণা পোৱালি?

ইমান চেতনা নাই।

বনৰ সৌন্দৰ্য্য‌ই ৰূপ ধৰি আহি

ডেও দি দূবৰি খায়।”

(লক্ষ্মীনাথ বেজবৰুৱা)

ভ্ৰান্তিমান:

অতিপাত সাদৃশ্যৰ কাৰণে এটা বস্তুক আন এটা বস্তু ৰূপে কবি-কল্পনাৰ মাজেদি ভ্ৰম কৰি চমৎকাৰাত্মক চিত্ৰৰূপে যেতিয়া ৰূপায়িত কৰা হয়, তাকেই ভ্ৰান্তিমান অলংকাৰ বোলে। উদাহৰণস্বৰুপে-

“তোমাৰ দুচকু সখি

ফুলনি ধুনীয়া

ভোমোৰাই পিয়ে য’ত

ফুলৰ অমিয়া।”

(যুগল-তৰা, ৰঘুনাথ চৌধাৰী)

ইয়াত কোনো ৰূপহীৰ ধুনীয়া চকু দুটিক ফুলনি বুলি ভ্ৰম কৰি ভোমোৰাই তাত ফুলৰ অমিয়া পান কৰিছে।

উৎপ্ৰেক্ষা:

উপমেয়ক উপমান বুলি কৰা একপক্ষীয় প্ৰবল সন্দেহৰ ভেটিত সৃষ্টি হোৱা অলংকাৰক উৎপ্ৰেক্ষা অলংকাৰ বোলে। উদাহৰণস্বৰুপে-

“তেওঁৰ মুখখন যেন চন্দ্ৰটোহে।”

ইয়াত সন্দেহ অকল ‘চন্দ্ৰ’ৰ ওপৰতহে পৰিছে। এই সন্দেহ ইমান প্ৰবল যে ইয়াৰ ফলত হোৱা চন্দ্ৰজ্ঞানে মুখজ্ঞান প্ৰায় নোহোৱা কৰিছে। গতিকে ই উৎপ্ৰেক্ষা অলংকাৰ।

অতিশয়োক্তি:

যি অলংকাৰত উপমানে উপমেয়ক গ্ৰাস কৰি নিজে উজ্জ্বল হৈ উঠে তাক অতিশয়োক্তি অলংকাৰ বোলে। উদাহৰণস্বৰূপে-

“এই দুটি চঞ্চল নীল পদ্ম।”

ইয়াত চকু দুটিৰ কথা ঘূণাক্ষৰেও কোৱা নহ’ল, নীল পদুম বুলিয়ে তাৰ কথা কোৱা হ’ল। নীল পদুমে চকু দুটিক আত্মসাৎ কৰি নিজেই চকুৰূপে প্ৰতিষ্ঠিত হ’ল।

ব্যতিৰেক:

ব্যতিৰেক এবিধ ভেদপ্ৰধান সাদৃশ্যগৰ্ভ অলংকাৰ। যেতিয়া উপমানতকৈ উপমেয়ত অধিক গুণ আৰোপ কৰি, নাইবা উপমানতকৈ উপমেয়ত অপকৰ্ষসাধক দোষ আৰোপ কৰি উপমান উপমেয়ৰ মাজত প্ৰভেদ দেখুওৱা হয়, তেতিয়া ইয়াক ব্যতিৰেক অলংকাৰ বোলা হয়। কেতিয়াবা উপমেয়ৰ উৎকৰ্ষসূচক উক্তি আৰু কেতিয়াবা উপমানৰ অপকৰ্ষসূচক উক্তিৰ প্ৰকাশ থাকে। উদাহৰণস্বৰূপে-

১) ৰাজকুমাৰীৰ মুখ চন্দ্ৰসদৃশ, কিন্তু ই নিষ্কলংক।

২) ৰাজকুমাৰীৰ মুখ চন্দ্ৰসদৃশ, কিন্তু চন্দ্ৰ‌ও কলংকযুক্ত।

অপ্ৰস্তুত প্ৰশংসা:

প্ৰকৃতাৰ্থত ক’ব খোজা কথাটো গোপন কৰি ৰাখি যেতিয়া আন বিষয়ৰ কথাহে কোৱা হয়, আৰু তেনে কথাই যদি প্ৰকৃতাৰ্থত ক’ব খোজা কথাৰ অৰ্থ সূচনা কৰে, তাকেই অপ্ৰস্তুত প্ৰশংসা বুলি কোৱা হয়। আন কথাত কবলৈ হ’লে, এইবিধ অলংকাৰত অপ্ৰস্তুতৰ বৰ্ণনাৰ মাজেদি প্ৰস্তুতৰ অৰ্থবোধ হয়। উদাহৰণস্বৰূপে-

“ভাগি গ’ল বীণখনি ছিগি গ’ল তাঁৰ।

ৰৈ গ’ল অৱশেষ অমিয়া জোঁকাৰ।।”

(লক্ষ্মীনাথ বেজবৰুৱা)

ইয়াত মানুহ মৰি গ’লেও তাৰ সুখ্যাতি বা কুখ্যাতি থাকি যায়, এই বিষয়টোকেই বীণ ভাঙি গ’লেও তাৰ অমিয়া জোঁকাৰ থাকি যোৱা কাৰ্য্যৰ মাজেদি বুজাইছে।

বৈসাদৃশ্যমূলক অলংকাৰ:

বিৰোধ বা বিৰোধাভাস: প্ৰকৃততে বিৰোধ নহয় কিন্তু বিৰোধ যেন লাগে তাকে বিৰোধাভাস বোলে। দ্ৰব্য গুণ বা ক্ৰিয়াৰ সম্বন্ধত বিৰোধ যেন লগা চমৎকাৰী বৰ্ণনাকে বিৰোধাভাস বোলে। উদাহৰণস্বৰূপে-

“বৰাগী অথচ গৃহী এই দ্বিজবৰ।”

– শ্ৰীবৎসচিন্তা

বৰাগী হ’লে গৃহী নহয় আৰু গৃহী হ’লে বৰাগী নহয়। দেখাত বিৰোধ; কিন্তু ইয়াত অৰ্থ হৈছে গৃহী হৈও অনাসক্ত।

শৃংখলামূলক অলংকাৰ:

যিবোৰ অলংকাৰত সাধাৰণতে এটি ভাব বা বস্তু আন এটিৰ অৱলম্বনত গঢ়ি উঠে, সেই অলংকাৰবোৰকে আলংকাৰিকসকলে শৃংখলামূলক অলংকাৰ বুলি অভিহিত কৰিছে। যেনে- একাৱলী, কৰণমালা আদি তেনে ধৰণৰ অলংকাৰ।

একাৱলী:

ৰচনা বিশেষৰ মাজত যেতিয়া আগৰ বাক্যাৰ্থৰ বিশেষণবিলাক পাছৰ বাক্যাৰ্থৰ বিশেষ্য ৰূপে থিয় দিয়ে, তেতিয়া একাৱলী অলংকাৰ হয়। উদাহৰণস্বৰূপে-

“নাছিল পুখুৰী তাত পদ্ম অশোভিত।

নাছিল পদুমফুল ভোমোৰা ৰহিত।।

গুণ গুণ নকৰা নাছিল অলি তাত।

মন হাৰি নিনিয়া নাছিল সেই মাত।।”

‌ (ৰঘুবংশ)

প্ৰথম শাৰীত বিশেষণ ৰূপে ব্যৱহৃত ‘পদ্ম’ দ্বিতীয় শাৰীত বিশেষ্য ৰূপে, দ্বিতীয় শাৰীত বিশেষণ ৰূপে ব্যৱহৃত ‘ভোমোৰা’ তৃতীয় শাৰীত (অলি) বিশেষ্য ৰূপে আৰু তৃতীয় শাৰীত বিশেষণ ৰূপে ব্যৱহৃত ‘গুণ গুণ’ চতুৰ্থ শাৰীত (মাত) বিশেষ্য ৰূপে ব্যৱহাৰ হৈছে।

আগৰ বাক্যাৰ্থৰ বিশেষ্যবিলাক পাছৰ বাক্যাৰ্থৰ বিশেষণ ৰূপে ব্যৱহাৰ হ’লেও একাৱলী অলংকাৰ হয়। যেনে-

“গছে গছে পাত,

পাতে পাতে ফুল,

ফুলে ফুলে অলিকূল।”

কৰণমালা:

কোনো কাৰণৰ কাৰ্য পুনঃ পৰৱৰ্তী কাৰ্যৰ যদি কাৰণ হয়, তেতিয়া তাক কৰণমালা অলংকাৰ বোলে। যেনে-“লোভৰ পৰা পাপ আৰু পাপে আনি দিয়ে মৃত্যু।”

ন্যায়মূলক অলংকাৰ:

অৰ্থান্তৰন্যাস: এটা কথাৰ সমৰ্থনৰ উদ্দেশ্যে আন এটা অৰ্থৰ বা অৰ্থান্তৰৰ উপস্থাপন কৰাকে অৰ্থান্তৰন্যাস বোলে। উদাহৰণস্বৰূপে-

“ভাল পাওঁ এবে ম‌ই ফুলৰ কলিটি

ভাল পাওঁ ফুলা ফুল পাহি,

এটিত তোমাৰ যেন গুপুত মৰম,

আনটিত তাৰে পূৰ্ণ হাঁহি।”

ইয়াত ফুলৰ কলি আৰু ফুলা ফুল ভাল পোৱা কাম দুটি ‘তোমাৰ গুপুত মৰম’ আৰু ‘তোমাৰ পূৰ্ণ হাঁহি’ কাৰণ দুটিৰ দ্বাৰা সমৰ্থিত হৈছে।

গূঢ়াৰ্থমূলক অলংকাৰ:

ব্যাজস্তুতি: প্ৰশংসাৰ চলেৰে নিন্দাকথন আৰু নিন্দাৰ চলেৰে প্ৰশংসা কৰাকে ব্যাজস্তুতি বোলে। উদাহৰণস্বৰূপে-

“তুমি কিমান ভাল জানো।”

ইয়াত ‘ভাল’ শব্দ‌ই কিন্তু বেয়া বা অসাধু বুজাইছে।

আকৌ, তোমাৰ নিচিনা অসাধু লোক আৰু কেইজনমান থকা হ’লেও সমাজখন ইমান তললৈ নগ’লহেঁতেন।

ইয়াত ‘অসাধু’ শব্দ‌ই ‘সাধু’ অৰ্থহে বুজাইছে।

এই ধৰণৰ প্ৰশংসাৰ চলেৰে নিন্দা আৰু নিন্দাৰ চলেৰে প্ৰশংসা কৰা উক্তিবোৰ ব্যাজস্তুতি।

* ‘অলংকাৰ-সৰ্বস্ব’ গ্ৰন্থৰ ৰচক- ৰাজাণক ৰুষ্যক। ৰাজাণক ৰুষ্যক এগৰাকী প্ৰাচীন সংস্কৃত আলংকাৰিক।

* * *

সম্পাদনা- ভাস্কৰজ্যোতি ৰায়

ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়।

1 thought on “অলংকাৰ কাক বোলে?”

Leave a Comment